Breaking

Online Trading Scam: চুমি বৰাৰ আছে অতীতৰ বহু অকথিত অধ্যায়…

82

দৈনন্দিন বাৰ্তাৰ ডিজিটেল সেৱাঃ বিগত কিছুদিন ধৰি অসমৰ লগতে ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰো শিৰনাম দখল কৰি ৰখা ৰহস্যময়ী অভিনেত্ৰীগৰাকী হৈছে চুমি বৰা। মূলতঃ ৰীৱল ৰাণী হিচাবেহে সৰ্বাধিক পৰিচিত চুমি বৰাই পৰৱৰ্তী সময়ত গুৱাহাটীলৈ আহি অসমীয়া ছবি জগতৰ একাংশ লোকৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক গঢ়ি তুলিবলৈ সক্ষম হৈছিল। সেই ঘনিষ্ঠতাৰ সুবাদতে চুমিয়ে দুই এখন ছবিৰ লগতে গানৰ ভিডিঅ’ আদিত অভিনয় কৰাৰ সুবিধা পাইছিল। ডিব্ৰুগড়ৰ বাণীপুৰ নিবাসী চুমি বৰাৰ অতীতলৈ উভতি চালে নানান অধ্যায়ৰ পৃষ্ঠা খোল খাব বুলি বহুতে মন্তব্য কৰিছে। (Online Trading Scam)

চুমি বৰাৰ স্থানীয় একাংশ লোকৰ মাজত চৰ্চিত খবৰ অনুসৰি চুমি বৰাই অতি সৰুতেই ঘৰৰ অজ্ঞাতে পলাই গৈ ডিব্ৰুগড়ৰ জালান চাহ বাগিচাৰ ৰাধাকৃষ্ণ মন্দিৰত এজন যুৱকৰ সৈতে বিয়া হৈছিল। কিন্তু বয়স অতি কম হোৱা বাবে পৰিয়ালৰ লোকে চুমিক পুনৰ ঘৰলৈ ওভতাই আনি পঢ়া শুনা কৰিবলৈ লগাইছিল বুলি বাণীপুৰৰ পুৰণি বাসিন্দাসকলৰ মাজত চৰ্চিত এটা খবৰ। খবৰ অনুসৰি চুমিক এগৰাকী অধিবক্তাই জীৱনৰ পথত আগুৱাই যাবলৈ বিশেষ ধৰণে প্ৰেৰণা দিছিল। (sumi borah)

সৰুৰে পৰা চুমি নৃত্যত অতি পাৰ্গত আছিল। সেই প্ৰতিভাৰ বাবেই হয়তো অধিবক্তাগৰাকীয়ে তেওঁক আগুৱাই যাবলৈ প্ৰেৰণা দিছিল বুলি বহুতে মন্তব্য কৰিছে। স্থানীয় সূত্ৰই প্ৰকাশ কৰা মতে চুমিয়ে সেই অধিবক্তা জনৰ সৈতেই বিয়াত বহিব বুলি সকলোৱে ভাবিছিল, কিন্তু পিছত চুমিৰ ৰাজকীয় বিয়া তাৰ্তিক বৰাৰ সৈতে ৰাজস্থানৰ অতি বিলাসী ৰাফলছ ৰিজ’ৰ্টত সম্পন্ন হৈছিল। সেই বিয়া খনলৈ অসমৰ পৰা বিমান ভাড়া কৰি মানুহ নিয়া হৈছিল। এনেদৰে বিয়াত কোটি কোটি টকা খৰচ কৰা চুমি বৰাৰ পৰিয়ালৰ আৰ্থিক দিশটো পিছে সিমান টনকিয়াল নহয়।

চুমি বৰাৰ আছে অতীতৰ বহু অকথিত অধ্যায়

লগতে পঢ়কঃ Online Trading Scam: চুমিৰ জন্মদিনত বিশালে দিছিল ২ লাখ টকীয়া টেডী বিয়েৰ

চুমিৰ পিতৃৰ এখন সূলভ মূল্যৰ দোকানহে আছে। ইমানৰ পিছতো চুমিয়ে নিজৰ বিয়াৰ বাবে ৰাজস্থানৰ উদয়পুৰৰ বিলাসী ৰিজ’ৰ্ট বুক কৰিবলৈ ধন ক’ত পালে, বিমান ভাড়া কৰি আমন্ত্ৰিত অতিথিক নিবলৈ ধন ক’ত পালে সেয়া এতিয়া বহুতৰে মাজত চৰ্চিত গৰম খবৰ হৈ পৰিছে। ইয়াৰ মাজতে চুমিয়ে বিশাল ফুকনৰ সৈতে সম্পৰ্ক গঢ়ি তুলিছিল। বিশালৰ ঘৰ নামৰূপত। জালিয়াতি আদিৰ বাবেই বিশালক নামৰূপৰ বহু লোকে এক প্ৰকাৰ এৰাই চলি আহিছে বুলিও বিশেষ সূত্ৰে জানিব পৰা গৈছে।

চুমিক বিশালে বাইদেউ পতাৰ প্ৰস্তাৱ দিছিল। বিশেষ সূত্ৰই প্ৰকাশ কৰা মতে প্ৰথম অৱস্থাত চুমিয়ে বিশালৰ সেই প্ৰস্তাৱ নাকচ কৰিছিল। সূত্ৰটোৱে লগতে এইবুলিও কয় যে বিশালে চুমিক এটা আই ফোন উপহাৰ দিয়াৰ পিছতে চুমিৰ মন গলে আৰু বিশালক ভাইটি পাতি লয়। পিছলৈয়ো বিশালে চুমিক বহু উপহাৰ দিছিল বুলি জানিব পৰা গৈছে। আনকি চুমিৰ বিয়াতো বিশালে অনলাইন ট্ৰেডিঙৰ জৰিয়তে গ্ৰাহকৰ পৰা লিট কৰা এক কোটি টকা দিছিল বুলি চৰ্চা হৈ আহিছে। বহুতে আকৌ বিশাল-চুমিৰ সম্পৰ্ককলৈয়ো সন্দেহ প্ৰকাশ কৰা পৰিলক্ষিত হৈছে। ইপিনে বিশালে জালিয়াতিৰে সংগ্ৰহ কৰা ধনৰ প্ৰায় ৮ কোটি টকাৰে উজনিত চাহ বাগান ক্ৰয় কৰা বুলিও তথ্য পোহৰলৈ আহিছে।

published by: munmi gogoi

Comments are closed.