Breaking

Bhupen Hazarika Birthday: আজি সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ ৯৮ সংখ্যক জয়ন্তী

54

অজি ড৹ ভূপেন হাজৰিকাৰ ৯৬ সংখ্যক জন্মদিন (96th Birth anniversary of legendary singer Bhupen Hazarika)৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভিন্ন ধৰণে উদযাপন কৰা হৈছে সুধাকণ্ঠৰ জয়ন্তী ৷ সুধাকণ্ঠৰ গীতেৰে শ্ৰদ্ধাঞ্জলি যাচিছে বিশ্ব বিশ্ৰুতশিল্পীগৰাকীলৈ।

বুঢ়া লুইতৰ পৰা মিচিচিপি লৈ দিগন্ত কঁপোৱা দূৰন্ত তৰুণ শিল্পী সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ আজি ৯৮ সংখ্যক জন্মবাৰ্ষিকী। সুধাকণ্ঠৰ ওপজা দিনটোত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বিশেষ কাৰ্যসূচী। সুধাকণ্ঠৰ গীতেৰে শ্ৰদ্ধাঞ্জলি যাচিছে বিশ্ব বিশ্ৰুতশিল্পীগৰাকীলৈ।(96th Birth anniversary of legendary singer Bhupen Hazarika)ভূপেন দাৰ গীতে–মাতে মুখৰ ৰাজ্যৰ প্ৰতিটো প্ৰান্ত। ওপজা দিনটোত সকলোৱে শ্ৰদ্ধাৰে স্মৰণ কৰিছে অসমীয়াৰ হিয়াৰ আমঠু সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাক।

উজনিৰ পৰা নামনিলৈকে সুধাকণ্ঠগৰাকীক তেখেতৰ গীত-কথাৰে ওপজা দিনৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে৷ অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু ড: ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ, টেলিভিছন প্ৰতিষ্ঠানৰ সহযোগত ভাৰত ৰত্ন সুধাকণ্ঠ ড: ভূপেন হাজৰিকাৰৰ ৯৮ সংখ্যাক জয়ন্তীত শ্ৰদ্ধাঞ্জলি যাচে ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্ৰত।(Bhupen Hazarika Birthday)

উল্লেখযোগ্য যে ১৯২৬ চনৰ ৮ ছেপ্টেম্বৰত শদিয়াৰ এখন আদি গাঁৱত জন্মগ্ৰহণ কৰিছিল বৰেণ্য শিল্পীগৰাকীয়ে। সুধাকণ্ঠ নামেৰে পৰিচিত ভূপেন হাজৰিকাই অসম, পশ্চিমবংগ তথা ভাৰতৰ অন্যান্য প্ৰদেশৰ বাহিৰেও চুবুৰীয়া দেশ বাংলাদেশতো এগৰাকী জনপ্ৰিয় শিল্পীৰূপে খ্যাতি লাভ কৰিছিল । ড৹ হাজৰিকাক এগৰাকী মানৱতাবাদী শিল্পী বুলিও গণ্য কৰা হয় ৷ সুধাকন্ঠৰ কৰ্মৰাজিয়ে অসমৰ কলা-সংস্কৃতি জগতৰ উন্নয়ন সাধনৰ উপৰিও ভাৰতক বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত কৰিছিল ৷ শিল্পীগৰাকীয়ে ১৯৭৭ চনত পদ্মশ্ৰী, ২০০১ চনত পদ্মভূষণ আৰু ২০০৯ চনত ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক সন্মান অসম ৰত্নৰে সন্মানিত হৈছিল। আনহাতে ১৯৯২ত ভাৰতীয় চলচ্চিত্ৰৰ সৰ্বোচ্চ সন্মান দাদা ছাহেব ফাল্কে বঁটাৰে সন্মানিত কৰা হৈছিল ড০ ভূপেন হাজৰিকাক। ২০১২ত ভাৰতৰ চৰকাৰৰ দ্বিতীয় অসামৰিক সন্মান পদ্মবিভূষণ আৰু ২০১৯ত মৰণোত্তৰভাৱে দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্নৰে সন্মানিত কৰা হৈছিল বিশ্বৰ বৰেণ্য শিল্পীগৰাকীক।

ভূপেন দা বিহীন বহু বছৰ পাৰ হ’ল ৷ আজি অসম ৰত্ন সুধাকন্ঠ ড৹ ভূপেন হাজৰিকাৰ ৯৮ সংখ্যক জন্মদিন। তেওঁৰ জন্মদিনত সকলোৱে শ্ৰদ্ধাৰে সোঁৱৰিছে শিল্পীগৰাকীক৷ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে শিল্পীগৰাকীক তেখেতৰ গীতেৰে শ্ৰদ্ধাঞ্জলি যাচিছে।


Comments are closed.