Breaking

Deepika-Ranveer Become Parents:দীপিকা পাডুকন আৰু ৰণবীৰ সিঙৰ কোলালৈ আহিল প্রথমটি সন্তান

28

দীপিকা পাডুকন আৰু ৰণবীৰ সিঙৰ কোলালৈ আহিল প্রথমটি সন্তান। কন্যা সন্তানৰ পিতৃ হ’ল দুয়ো। অনুৰাগীয়ে মৰম আৰু শুভেচ্ছাৰে দুয়োকে ওপচাই পেলাইছে।(deepika padukone and ranveer singh blessed with a baby girl)

প্ৰথম গৰ্ভধাৰণৰ বাবে বাতৰিৰ শিৰোনাম দখল কৰা বলীউডৰ দম্পতী দীপিকা পাডুকন আৰু ৰণবীৰ সিং কন্যা সন্তানৰ পিতৃ-মাতৃ হ’ল। এগৰাকী পাপাৰাজীয়ে ইনষ্টাগ্ৰামত এটা পোষ্ট শ্বেয়াৰ কৰি জনাইছে যে এই মৰমলগা দম্পতীয়ে তেওঁলোকৰ জীৱনলৈ প্ৰথম সন্তানক আদৰণি জনাই। এই খবৰ ওলোৱাৰ পিছত অনুৰাগীসকলে আনন্দত আত্মহাৰা হৈ পৰিছে আৰু কমেণ্টত দম্পতীহালক অভিনন্দন জনাইছে।(deepika padukone and ranveer singh blessed with a baby girl)

এই বিশেষ মুহূৰ্তৰ পূৰ্বে দুয়োকে বিলাসী গাড়ীৰে মুম্বাইৰ এইচ এন ৰিলায়েন্স হাস্পতাললৈ যোৱা দেখা গৈছিল। য’ত পাপাৰাজীয়ে প্ৰসৱৰ আগতেই তেওঁলোকক দেখিছিল। তেতিয়াৰ পৰাই অনুৰাগীসকলে দুয়োৰে পিতৃ-মাতৃ হোৱাৰ খবৰৰ বাবে অপেক্ষা কৰি আছিল। বৰ্তমান অনুৰাগীসকলে সেই সময়লৈ অপেক্ষা কৰি আছে যেতিয়া দম্পতীহালে নিজৰ অফিচিয়েল ইনষ্টাগ্ৰামত এই ভাল খবৰটো ঘোষণা কৰিব।(Deepika-Ranveer Become Parents)

আনহাতে দীপিকা আৰু ৰণবীৰক যোৱা সপ্তাহত মুম্বাইৰ শ্ৰী সিদ্ধিবিনায়ক মন্দিৰতো যোৱা দেখা গৈছিল, মন্দিৰত তেওঁলোকে প্ৰথম সন্তানৰ বাবে আশীৰ্বাদ বিচাৰি আহিছিল। এই খবৰ বিয়পি পৰাৰ লগে লগে বন্ধু-বান্ধৱী, পৰিয়াল আৰু অনুৰাগীয়ে দীপিকা আৰু ৰণবীৰক পিতৃ-মাতৃ হোৱাৰ শুভকামনা জনাই। তেওঁৰ অনুৰাগীসকলেও তেওঁৰ সুখত সুখা হৈছে। যোৱা সপ্তাহত দীপিকা আৰু ৰণবীৰে ইনষ্টাগ্ৰামত প্ৰসূতিৰ ফটোশ্বুটৰ ছবিও শ্বেয়াৰ কৰিছিল আু সেই ফটো কেইখনত অনুৰাগীয়ে মৰমলগা মন্তব্যৰে ওপচাই পেলাইছিল।

প্ৰসূতিৰ ফটোশ্বুটৰ সময়ত দীপিকা পাডুকনক ক’লা সাজ-পোছাক পিন্ধি দেখা গৈছিল, য’ত তেওঁৰ বেবী বাম্পটো স্পষ্টকৈ দেখা গৈছিল আৰু তেতিয়া কিছুমান লোক আচৰিত হৈছিল যিসকলে দীৰ্ঘদিন ধৰি দীপিকাক ভুৱা বেবী বাম্প থকাৰ অভিযোগ উত্থাপন কৰিছিল। এই ফটোশ্বুটসমূহত দীপিকাই স্বামী ৰণবীৰ সিঙৰ সৈতে ৰোমান্টিক প’জ দিয়া দেখা গৈছিল।

অৱশেষত গণেশ চতুৰ্থীৰ পাছদিনাই দীপিকা পাড়ুকন আৰু ৰণবীৰ সিঙৰ কোলালৈ আহিল প্রথম সন্তানটি। তেওঁলোকৰ মাজলৈ আহিল মৰমলগা এটি কন্যা সন্তান।

published by: Munmi gogoi

Comments are closed.