Breaking

Online trading scam: বহু বিনিয়োগকাৰীৰ ওপৰত ভূতৰ ওপৰত দানহ পৰাদি উবুৰি খাই পৰিছে পৰ্টেলৰ একাংশ সাংবাদিক!

55

গুৱাহাটী, ৯ ছেপ্তেম্বৰ: অনলাইন ট্ৰেডিং কেলেংকাৰিৰ খবৰে এতিয়া ৰাজ্যৰ বতাহ গৰম কৰি ৰাখিছে । চুমি বৰা-বিশাল ফুকনৰ অনলাইন ট্ৰেডিঙত হোৱা কেলেংকাৰিয়ে এতিয়া বহুতকে চিন্তিত কৰি ৰাখিছে(Sumi Bora and Bishal Phukan) বিশেষকৈ প্ৰতাৰক চক্ৰৰ জালত ভৰি দি লাখ লাখ টকা বিনিয়োগ কৰা একাংশ বিনিয়োগকাৰীয়ে এতিয়া চিন্তাত ভাত গিলিব নোৱৰা অৱস্থাৰ সৃষ্টি হোৱা বুলি চৰ্চা চলিছে । একাংশ লোকে এইবুলি চৰ্চা কৰি যে অনলাইন ট্ৰেডিঙত লাখ লাখ টকা বিনিয়োগ কৰাসকলৰ ভিতৰত বহু আগশাৰীৰ ডাক্তৰ, ৰাজনৈতিক নেতাৰ লগতে শিক্ষক, চৰকাৰী কৰ্মচাৰী, সাধাৰণ কৃষক আদিও আছে(Online Trading Scam)।

বিশেষ সূত্ৰে জানিব পৰা মতে, চুমি বৰা-বিশালৰ জালত ভৰি দি অনলাইন ট্ৰেডিঙত বিনিয়োগ কৰা বহু ডাক্তৰৰ এখন দীঘলীয়া তালিকা ইতিমধ্যে ডিব্ৰুগড় আৰক্ষীয়ে প্ৰস্তুত কৰিছে। অৱশ্যে ডিব্ৰুগড় আৰক্ষীৰ তৰফৰ পৰা এই বিষয়ত এতিয়াও কোনো কথা সদৰী কৰা পৰিলক্ষিত হোৱা নাই। সূত্ৰটোৱে প্ৰকাশ কৰা মতে যিসকল ডাক্তৰে অনলাইন ট্ৰেডিঙত বিনিয়োগ কৰিছিল সেই বিনিয়োগৰ সৰহভাগেই আছিল ক’লা ধন । কৰ ফাঁকিকে ধৰি আন উপায়েৰে আৰ্জন কৰা সেই ক’লাধনৰ বিশাল অংশ সেইসকল লোকে অনলাইন ট্ৰেডিঙত বিনিয়োগ কৰিছিল । এতিয়া কেলেংকাৰি ওলাই পৰাত তেওঁলোক সেয়ে চিন্তিত হৈ পৰিছে।

সূত্ৰটোৰ মতে তেওঁলোকে ধন পানীত পৰাৰ বাবে চিন্তিত হোৱা নাই, চিন্তিত হৈছে কেঁচু খান্দোতে সাপ ওলায় বুলিহে । অসম চৰকাৰেও ইতিমধ্যে অনলাইন ট্ৰেডিং কেলেংকাৰিৰ তদন্ত কৰিবলৈ এছ আই টি(Special Investigation Team) গঠন কৰি দিছে । কেলেংকাৰিটো আইটি আৰু ইডিলৈকো চৰকাৰে প্ৰেৰণ কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো কৈ আহিছে- অপৰাধী সাৰি নাযায় । আগশাৰীৰ সাংবাদিকেও বিনিয়োগকাৰীৰহে দোষ বুলি কৈছে। গতিকে এতিয়া ক’লা ধন বিনিয়োগ কৰাসকলে তেওঁলোকৰ দুৰ্নীতিৰ সাম্ৰাজ্যখনৰ কথা ওলাই পৰে বুলি চিন্তি হোৱাৰ কথা মানুহৰ মুখে মুখে চৰ্চা হৈছে।

এনে সময়তে ছল চাই কঠীয়া পাৰিবলৈ সাংবাদিকৰ নামত দালালি কৰা ভুৱা সাংবাদিকৰ লগতে তথাকথিত একাংশ পৰ্টেলৰ সাংবাদিকো সক্ৰিয় হৈ পৰা বুলিও বহুতে চৰ্চা কৰিছে (Fake journalists reportedly threatening)। বহুতৰ মতে ভূতৰ ওপৰত দানহ পৰাদি সেই চাম দালাল অনলাইন ট্ৰেডিঙত ধন বিনিয়োগ কৰা বুলি নিশ্চিত হোৱা ডাক্তৰ, ৰাজনীতিক, শিক্ষক আদিক নানান প্ৰকাৰে ভয়-ভাবুকি দি ব্লেকমেইলিং কৰাত নামি পৰিছে (Attn. Gawahati Press Club) ।

অভিযোগ অনুসৰি সেইচাম তথাকথিত সাংবাদিকে একাংশ বিনিয়োগকাৰীক মন্ত্ৰী, আৰক্ষী আদিৰ নামত ভয় দেখুৱাই ব্লেকমেইলিং কৰাত নামিছে বুলি অভিযোগ উঠিছে। আন এক গুৰুতৰ অভিযোগ অনুসৰি তেনে তথাকথিত দালালৰ মাজৰে একাংশই আনকি মন্ত্ৰীৰ নাম ব্যৱহাৰ কৰি মোবাইলত হোৱাটছএপ গ্ৰুপ খুলি লৈ নিজে এডমিন হৈ বহি আছে । তেওঁলোকে সংশ্লিষ্ট মন্ত্ৰীৰ নাম জিলিকি থকা তেনে হোৱাটছএপ গ্ৰুপ ব্যৱহাৰ কৰি অনলাইন ট্ৰেডিঙত ধন বিনিয়োগ কৰা ডাক্তৰ, শিক্ষক, চৰকাৰী কৰ্মচাৰী, সাধাৰণ কৃষক আদিৰ ওপৰত মানসিক চাপ সৃষ্টিৰ কু-অভিসন্ধি কৰা বুলি এতিয়া বহুতৰে মাজত সন্দেহ ঘনীভূত হৈছে।

এটা কথা নিশ্চিত যে অনলাইন ট্ৰেডিঙত ধন বিনিয়োগ কৰাসকলৰ সকলোৱেই হয়তো দুৰ্নীতিগ্ৰস্ত নহয়। একাংশ বিনিয়োগকাৰীয়ে ধন দুগুণ হোৱাৰ আশাতে নিজৰ কষ্টোপাৰ্জিত ধনো অনলাইন ট্ৰেডিঙত বিনিয়োগ কৰিছিল। তেনে বিনিয়োগকাৰী শিক্ষক আৰু আন চৰকাৰী চাকৰিয়ালক এই সাংবাদিক নামধাৰী দুষ্টচক্ৰটোৱে মন্ত্ৰীৰ নাম ব্যৱহাৰ কৰি খোলা হোৱাটছএপ গ্ৰুপৰ জৰিয়তে নিজকে স্বয়ম্ভু এডমিন বুলি ভয় দেখুৱাই তেওঁলোকক ব্লেকমেইলিং কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে।

অভিযোগ অনুসৰি সেই তথাকথিত সাংবাদিক চামে অনলাইন ট্ৰেডিঙত ধন বিনিয়োগ কৰাৰ বাবেই শিক্ষক আৰু চৰকাৰী চাকৰিয়ালৰ চাকৰিৰ টনা-টনি হ’ব পাৰে বুলিও ব্যাপক প্ৰচাৰ চলাইছে। সততে দিছপুৰৰ পদূলি শুঙি ফুৰা এইচাম ভুৱা সাংবাদিক তথা একাংশ তথাকথিত পৰ্টেলৰ সাংবাদিকে দালালি কৰি নিজকে মন্ত্ৰী-আৰক্ষীৰ ভাতঘৰৰ মানুহ বুলি জাহিৰ কৰি বিনিয়োগকাৰীক ব্লেকমেইলিং কৰাৰ ফন্দি পাতিছে বুলি বিভিন্নজনে আলোচনা কৰিছে। ছ’চিয়েল মিডিয়া আৰু অন্যান্য মাধ্যমৰ জৰিয়তে সেইচাম ভুৱা সাংবাদিক তথা একাংশ তথাকথিত পৰ্টেলৰ সাংবাদিকে কিছুমান বিনিয়োগকাৰীক ব্লেকমেইলিং কৰি তেওঁলোকৰ দুৰ্নীতিৰ তথ্য উদঙাই দিয়া হ’ব বুলি আৰু ক’লা ধন বগা কৰাৰ বাবেই তেওঁলোকে অনলাইন ট্ৰেডিঙত বিনিয়োগ কৰিছিল বুলি তথ্য প্ৰকাশৰ ভাবুকি দিয়াৰ কথা এতিয়া ৰাজ্যৰ বিভিন্ন স্থানৰ লোকৰ মাজত আলোচনাৰ গৰম বিষয় হৈ পৰিছে( Attn. Dispur Press Club)।

অসম আৰক্ষীয়ে সেয়ে এনে ভুৱা সাংবাদিক চক্ৰৰ বিৰুদ্ধেও তৎপৰ হোৱা উচিত বুলি সচেতন লোকে মন্তব্য কৰিছে।

উল্লেখ্য, বিশাল-চুমিৰ অনলাইন ট্ৰেডিঙৰ কাহিনী পোহৰলৈ অহাৰ পূৰ্বে ৰাজ্যত সংঘটিত হৈছিল YBYৰ কেলেংকাৰি। অসমৰ ডিজিপি জি পি সিঙেও শেহতীয়াকৈ এইবুলি মন্তব্য কৰিছে যে YBY কাণ্ডৰ পিছতে আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰি তদন্ত চলাই গৈছে। ইতিমধ্যে ট্ৰেডিং এপটোৰ সৈতে জড়িত অনিৰাম বসুমতাৰী আৰু মিথিংগা নাৰ্জাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বুলি আৰক্ষীয়ে জনাইছে(YBY Scam and Police Actions)।

YBY নামৰ বিদেশী অনলাইন ট্ৰেডিং কোম্পানীটোৱে ৰাজ্যৰ হাজাৰ হাজাৰ বিনিয়োগকাৰীক প্ৰতাৰণা কৰাৰ পিছত অৱশেষত সাৰ পাইছে চিআইডিয়ে । কোম্পানীটোৱে অসমৰ প্ৰায় ২১খন জিলাৰ সাধাৰণ লোকৰ পৰা নানান প্ৰলোভনেৰে হাজাৰ হাজাৰ কোটি টকা লুটি নিছিল । বিনিয়োগকাৰীক প্ৰলোভিত কৰা কোম্পানীবোৰ এতিয়া আৰক্ষীৰ নজৰত আছে। কিন্তু তেনে কোম্পানীৰ প্ৰতাৰণাৰ বলি হৈ এতিয়া আকৌ ভুৱা সাংবাদিক তথা একাংশ তথাকথিত পৰ্টেল সাংবাদিকৰ ব্লেকমেইলিঙৰ চিকাৰ হ’বলগীয়া পৰিস্থিতিৰ মুখামুখি হৈছে একাংশ বিনিয়োগকাৰী বুলি চৰ্চা হৈছে।

এয়া আমাৰ কথা নহয়। এয়া এতিয়া অসমৰ বহু লোকৰ চৰ্চিত এক বিষয়। বিষয়টো সেয়ে অসম আৰক্ষীয়ে গুৰুত্ব সহকাৰে গ্ৰহণ কৰি তেনে দুষ্ট চক্ৰৰ বিৰুদ্ধে আৰক্ষীয়ে সজাগতা বৃদ্ধিৰ বাবে প্ৰচাৰৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি সচেতন মহলে আৰক্ষীক আহ্বান জনাইছে। নহ’লে এনে নপতা ফুকনসকলৰ বাবেই এটা কেলেংকাৰিৰ পৰাই আন এক কেলেংকাৰিৰ জন্ম দিব বুলিও বহুতে সংশয় ব্যক্ত কৰিছে ।

লগতে পঢ়ক: YBY Trading App Scam : ৱাই বি ৱাই ট্ৰেডিং এপ কেলেংকাৰিৰ দুই মাষ্টাৰমাইণ্ডক চিআইডিৰ মাৰাথন জেৰা

Comments are closed.