Breaking

Zubeen Garg Reacts on Sumi Borah: জুবিনে ক’লেঃ লুকাই আছে, লুকাই থাকক

137

চুমি বৰাৰ সন্দৰ্ভত মুখ খুলিছে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে। কণ্ঠশিল্পীগৰাকীয়ে কয় যে শেহতীয়াকৈ চুমি বৰা প্ৰসংগত এনে কি ক’লে যিটো সামাজিক মাধ্যমত যথেষ্ট ভাইৰেল হৈ পৰিছে।(Zubeen Garg Reacts on Sumi Borah)

গুৱাহাটী, ৯ ছেপ্তেম্বৰ: ৰাজ্যত এতিয়া এটা নামেই মানুহৰ মুখে মুখে উচ্চাৰিত হৈছে। সেয়া হৈছে চুমি বৰা। যতীন বৰাৰ ৰাঘৱৰ অভিনেত্ৰী চুমি বৰা বৰ্তমান পলাতক। অসমৰ হাজাৰ হাজাৰ লোকৰ পৰা প্ৰায় ৪০০০ কোটি টকা সৰকাই বৰ্তমান অভিনেত্ৰীগৰাকী পলাতক। (Zubeen Garg Reacts on Sumi Borah)

অনলাইন ট্ৰেডিঙৰ নামত বহুলোকে ধন বিনিয়োগ কৰিছিল। হয়তো ক’লা ধনৰে সম্পত্তিৰ বিশাল পাহাৰ গঢ়া সকলেই মূলতঃ চুমি বৰাৰৰ জালত বন্দী হৈছিল। তেওঁলোকৰ ভিতৰত ডিব্ৰুগড়ৰৰ বহু আগশাৰীৰ ডাক্তৰ , ৰাজনীতি আদিও আছে বুলিও চৰ্চালৈ আহিছে। ডিব্ৰুগড়ৰৰ একাংশ ডাক্তৰে মানহক কছাইৰ দৰে ব্যৱহাৰ কৰি ধন ঘটাৰ কথা এতিয়া সৰ্বজনবিদিত। সেইসকল ডাক্তৰেই চুমি বৰাৰ মোহত পৰি লাখ লাখ টকা অন লাইন ট্ৰেডিঙত।(Who invested the money in online trading)

আচৰতি কথাটো হ’ল অসম আৰক্ষীয়ে অনলাইন ট্ৰেডিঙত কোনে কোনে ধন বিনিয়োগ কৰিছিল সেই তালিকা আজিলৈকে প্ৰকাশ কৰিবলৈ সাহস কৰা নাই। এই কথাতে মানুহৰ এতিয়া সন্দেহ বহুগুণে বাঢ়ি গৈছে। কাৰণ অসম আৰক্ষীয়ে ইয়াৰ আগতেও একেধৰণৰ অৰ্থনৈতিক কেলেংকাৰীৰ সৈতে জড়িত বহতকে নিজৰ অপদাৰ্থতা অথবা আন কোনো কাৰণত ধৰিবলৈ সক্ষম হোৱা নাই। আমি ইয়াত অসম আৰক্ষীয়ে আজিলৈকে ধৰিবলৈ সক্ষম নোহোৱা কেইজনমান মানুহৰ কথা উল্খেখ কৰিব বিচাৰিছো। ব্যাপক দুৰ্নীতি আৰু জঘন্য অপৰাধৰ সৈতে জড়িত এই সকল হাই-প্ৰফাইল অপৰাধীক আৰক্ষীয়েই ৰক্ষণাবেক্ষণ দিয়া বুলি এতিয়া চৰ্চা হৈছে। আৃৰক্ষীয়ে মানুহক দেখুৱাই প্ৰথমে এনেবোৰ ঘটনাত তদন্ত আৰম্ভ কৰে যদিও পিছলৈ সকলো তদন্ত ফুটুকাৰ ফেনতহে পৰিণত হয়। আমি ইয়াত আৰক্ষীয়ে আজিলৈকে ধৰিব নোৱাৰা কেইজনমান অপৰাধীৰ কথা উল্লেখ কৰিলো-  ৰাজীৱ পাল (ৰাকেশ পলৰ ভাতৃ), দীপাংকৰ বৰ্মনঃ ৭,০০০ কোটি টকাৰ আৰ্থিক জালিয়াতি, সুনীল গগৈঃ ২০২৪ চনৰ জুন মাহৰ পৰা জীৱন মিছনত দুৰ্নীতি সংঘটিত কৰি পলাতক,  চুমি আৰু তাৰ্কিক বৰা।

অসম আৰক্ষীৰ ব্যৰ্থতাৰ তালিকাত নতুনকৈ অন্তুৰ্ভুক্ত হৈছে তুমি বৰা আৰু তেওঁৰ স্বামী তাৰ্কিক বৰাৰ নাম। ৪০০০ কোটি টকা সৰকাই এতিয়া পলাতক চুমি আৰু তাৰ্কিক। অনলাইন ট্ৰেডিং কেলেংকাৰিৰ মূল ব্যক্তি চুমি আৰু তাৰ্কিক বৰাক কোন আৰক্ষীয়েই লুকুৱাই ৰাখিছে বুলি মানুহৰ সন্দেহ হৈছে। অসম আৰক্ষীৰ এনে অক্ষমতাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে বাৰে বাৰে মানুহৰ চকুত সন্দেহৰ পাত্ৰ কৰি তুলিছে বুলিও বহুতে মন্তব্য কৰিছে। কাৰণ গৃহ বিভাগটো মুখ্যমন্ত্ৰীৰ হাততে আছে। কিন্তু বহুতে এই বুলিও কৈছে- আমোলা-বিষয়া কেন্দ্ৰিক প্ৰশাসনত মুখ্যমন্ত্ৰীক আৰক্ষীয়েই ভুল তথ্য দি বিপথে পৰিচালিত কৰি আহিছে্। মুখ্যমন্ত্ৰী শৰ্মা যদি ডালে ডালে আৰক্ষী পাতে পাতে বুলিও বহুতে মন্তব্য কৰিছে। ক’লা ধন বিনিয়োগকাৰীক ৰক্ষণাবেক্ষন দিবৰ বাবেই আৰক্ষীৰ একাংশ লোকে মুখ্যমন্ত্ৰীক ভুল তথ্য দি বিপথে পৰিচালিত কৰি আহিছে বুলিও বহুতে মন্তব্য কৰিছে। বহুতে এইবুলিও কৈছে কৈছে যে কিছুদিন পিছতে হয়তো চুমি বৰাৰ দৰে লোকসকলেই নেত্ৰীৰ ৰূপত অৱতীৰ্ণ হৈ ৰাইজক বহু ভাল ভাল কথা ক’ব। (Online trading scam)

লগতে পঢ়কঃ Online trading scam: বহু বিনিয়োগকাৰীৰ ওপৰত ভূতৰ ওপৰত দানহ পৰাদি উবুৰি খাই পৰিছে পৰ্টেলৰ একাংশ সাংবাদিক!

আনহাতে শেহতীয়াকৈ চুমি বৰাৰ সন্দৰ্ভত মুখ খুলিছে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে। কণ্ঠশিল্পীগৰাকীয়ে কয় যে শেহতিয়াকৈ ‘লুকাই আছে, লুকাই থাকক’। চুমি প্ৰসংগত জুবিনৰ প্ৰথমটো প্ৰতিক্ৰিয়া সামাজিক মাধ্যমত যথেষ্ট ভাইৰেল হৈ পৰিছে।


Comments are closed.