Breaking

Zubeen Garg Sikaar: আহি আছে চিকাৰ! চিকাৰ চাবলৈ সকলোকে আহ্বান জুবিন গাৰ্গৰ

34

বহু প্ৰত্যাশিত অসমীয়া ছবি ‘চিকাৰ’ বিগ ফিল্মছ মিডিয়া আৰু ডীক্ৰেটিভ ষ্টুডিঅ’ এল এল পি (ইণ্ডিয়া)ৰ বেনাৰত নিৰ্মাণ কৰা হৈছে। ছেপ্টেম্বৰ মাহৰ শেষৰ ফালে মুক্তি লাভ কৰিব পাৰে ছবিখনে।(Zubeen Garg Urges everyone to watch Sikaar)

দেওবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ত জনপ্ৰিয় কন্ঠশিল্পী জুবিন গাৰ্গ উপস্থিত হয়। শীঘ্ৰেই মুক্তি লাভ কৰিবলগীয়া চলচ্চিত্ৰ ‘চিকাৰ’ৰ প্ৰচাৰৰ বাবে উপস্থিত কন্ঠশিল্পীগৰাকী। গোপীনাথ বৰদলৈ ২ নং দুমহলীয়া ছাত্ৰাবাসত চলচ্চিত্ৰখনৰ প্ৰচাৰ কৰে কন্ঠশিল্পী জুবিন গাৰ্গে।(Zubeen Garg Urges everyone to watch Sikaar)

ছাত্ৰ-ছাত্ৰীসকলৰ মাজত চলচ্চিত্ৰখনৰ পোষ্টাৰ মুকলি কৰে জুবিন গাৰ্গে। জনপ্ৰিয় কন্ঠশিল্পীগৰাকীক কাষত পাই উৎফুল্লিত বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল। চলচ্চিত্ৰখন চাবলৈ সকলোকে আহ্বান জুবিন গাৰ্গৰ।

চিকাৰ লণ্ডনত ৭০% শ্বুটিং কৰা একমাত্ৰ অসমীয়া চলচ্চিত্ৰ বুলি মন্তব্য কণ্ঠশিল্পীগৰাকীৰ। চিকাৰৰ পাছত পৰৱৰ্তী চলচ্চিত্ৰ ৰৈ ৰৈ বিনালে আহিব বুলিও প্ৰকাশ কন্ঠশিল্পীগৰাকীৰ।

বহু প্ৰত্যাশিত অসমীয়া ছবি ‘চিকাৰ’ বিগ ফিল্মছ মিডিয়া আৰু ডীক্ৰেটিভ ষ্টুডিঅ’ এল এল পি (ইণ্ডিয়া)ৰ বেনাৰত নিৰ্মাণ কৰিছে। ছেপ্টেম্বৰ মাহৰ শেষৰ ফালে মুক্তি লাভ কৰিব পাৰে ছবিখনে।(Zubeen Garg)

চিকাৰ ছবিখনত নতুন অভিনেত্ৰী মুখো দেখিবলৈ পাব দৰ্শকে। ‘চিকাৰ’ৰ মুখ্য চৰিত্ৰত চাহ বাগানীয়া যুৱক হিচাপে দেখিবলৈ পাব জুবিন গাৰ্গক। ছবিখনত জুবিন গাৰ্গৰ লগত নায়িকাৰ ৰূপত দেখা যাব উদয়ীমান অভিনেত্ৰী তথা মন্ত্ৰী যোগেন মোহনৰ জীয়ৰী ধ্যানী মোহনক। ইয়াৰোপৰি ছবিখনত দেখা যাব কে কে খ্যাত সিদ্ধাৰ্থ শৰ্মা, দীপজ্যোতি কেওঁট (মোহন)কে ধৰি বহুকেইজন ন-পুৰণি জনপ্ৰিয় শিল্পীক। লগতে ছবিখনৰ সংগীত পৰিচালকো জুবিন গাৰ্গ। ‘চিকাৰ’ৰ চিত্ৰনাট্য, সংলাপ বিষ্ণুজ্যোতি সন্দিকৈৰ। দৃশ্যগ্ৰহণকাৰী জন হৈছে ৰেগ্ৰেট। ছবিখনক লৈ আশাবাদী এতি জুবিন অনুৰাগী।

অসমৰ চাহ উদ্যোগৰ অন্ধকাৰ দিশটো উন্মোচন কৰা হৈছে ছবিখনত৷ অসমৰ চাহৰ জনপ্ৰিয়তা থকা স্বত্বেও উদ্যোগটোত শ্ৰমিকসকলক কম মজুৰি দিয়া, মহিলাৰ প্ৰতি অত্যাচাৰ কৰা আৰু শ্ৰমিকসকল বেয়াকৈ ক্ষতিগ্ৰস্ত হোৱা আদি ঘটনাৰ আধাৰত নিৰ্মাণ কৰা হৈছে ছবিখন।

লগতে পঢ়কঃ Zubeen Garg Reacts on Sumi Borah: জুবিনে ক’লেঃ লুকাই আছে, লুকাই থাকক

উক্ত অনুষ্ঠানতে পলাতক চুমি বৰা প্ৰসংগতো জুবিন গাৰ্গে মন্তব্য কৰি কয় যে লুকাই আছে লুকাই থাকক।

published by: munmi gogoi

Comments are closed.