Breaking

Online trading scam: চুমিৰ কাপোৰ ক্ৰয়ৰ নামত এবছৰে বিশালে ব্যয় কৰিছিল ১ কোটি টকা

29

ৰাজ্যৰ লগতে অৰুণাচলৰ প্ৰভাৱশালী ব্যক্তি আছিল চুমিৰ গ্রাহক। বিশ্বকর্মা পূজাৰ আগদিনা বিশালে বুক কৰা ৰেঞ্জ ৰ’ভাৰ অহাৰ কথা। বিশালৰ SBIৰ একাউন্টত বৰ্তমানেও জমা হৈ আছে ১০০ কোটি। আনহাতে, চুমী-বিশালে মিলি ধন সংগ্ৰহ কৰিছিল প্ৰায় ১ হাজাৰ কোটি টকা।(Sumi borah-bishal phukan collected one thousand crore)

বিশাল-চুমি সম্পৰ্কৰ ইটোৰ পিছত সিটো বিস্ফোৰক তথ্য। এবছৰে চুমিৰ কাপোৰ ক্ৰয়ৰ নামত বিশালে ব্যয় কৰিছিল ১ কোটি টকা। বিদেশ ভ্রমণ, আমোদ-প্রমোদৰ নামত ব্যয় কৰিছিল আঢ়ৈ কোটি টকা। দুটা মাহত বিশালে চুমিৰ একাউণ্টলৈ ট্ৰেন্সফাৰ কৰিছিল ২০ কোটি টকা। চুমিৰ জৰিয়তে বিশালৰ কোম্পানীত বিনিয়োগ প্রায় ১০০ কোটি টকা।(Sumi borah-bishal phukan collected one thousand crore)

ৰাজ্যৰ লগতে অৰুণাচলৰ প্ৰভাৱশালী ব্যক্তি আছিল চুমিৰ গ্রাহক। বিশ্বকর্মা পূজাৰ আগদিনা বিশালে বুক কৰা ৰেঞ্জ ৰ’ভাৰ অহাৰ কথা। বিশালৰ SBIৰ একাউন্টত বৰ্তমানেও জমা হৈ আছে ১০০ কোটি। আনহাতে, চুমী-বিশালে মিলি ধন সংগ্ৰহ কৰিছিল প্ৰায় ১ হাজাৰ কোটি টকা।(Online trading scam)

বিশ্বকৰ্মা পূজাৰ আগদিনা বিশালে বুক কৰা ৰেঞ্জ ৰ’ভাৰ অহাৰ কথা আছে। ইফালে চুমী-বিশালৰ প্ৰৱঞ্চনাৰ জাল কেৱল অসমতে নহয় অৰুণাচলতো আছে অৰুণাচলৰ প্ৰভাৱশালী ব্যক্তিয়েও বিনিয়োগ কৰিছিল ধন।

এইসমূহ তথ্যৰ লগতে আৰু ন-ন তথ্য পোৱাৰ সম্ভাৱনা আছে। বৰ্তমান চুমী-তাৰ্কিক ক’ত আছে লুকাই। কেতিয়া ধৰা দিব আৰক্ষীৰ ওচৰত। তাকেই লৈ ব্যাপক চৰ্চা ৰাইজমেলত। আনহাতে অনলাইন ট্ৰেডিঙৰ নামত বিশাল-চুমীয়া পতা জালখন ভেদ কৰিবলৈ তৎপৰ হৈ পৰিছে আৰক্ষী।

লগতে পঢ়কঃ YBY Trading App Scam : ৱাই বি ৱাই ট্ৰেডিং এপ কেলেংকাৰিৰ দুই মাষ্টাৰমাইণ্ডক চিআইডিৰ মাৰাথন জেৰা

আনহাতে ডিব্ৰুগড়ৰ অনলাইন ট্ৰেডিঙৰ প্ৰৱঞ্চনাৰৰ তদন্তৰ বাবে গঠন কৰা হৈছে SIT । IGP সংযুক্তা পৰাশৰৰ নেতৃত্বত গঠন কৰা হৈছে এই SITখন। বিশেষ তদন্ত কমিটিখনত থাকিব অসম আৰক্ষীৰ ৭জন বিষয়া।

ছয়টা দিনে আৰক্ষীৰ চুকুত ধূলি মাৰি পলায়ন কৰা চুমী-তাৰ্কিক ধৰিব পাৰিব নে আৰক্ষীয়? যদিহে আত্মসমৰ্পণ নকৰে তেতিয়া হ’লে চুমী-তাৰ্কিক ধৰিব পাৰিব নে আৰক্ষীয়ে। তাকে লৈ নানা প্ৰশ্ন মানুহৰ মাজত।

বিশেষ সূত্ৰে জানিব পৰা মতে, চুমি বৰা-বিশালৰ জালত ভৰি দি অনলাইন ট্ৰেডিঙত বিনিয়োগ কৰা বহু ডাক্তৰৰ এখন দীঘলীয়া তালিকা ইতিমধ্যে ডিব্ৰুগড় আৰক্ষীয়ে প্ৰস্তুত কৰিছে। অৱশ্যে ডিব্ৰুগড় আৰক্ষীৰ তৰফৰ পৰা এই বিষয়ত এতিয়াও কোনো কথা সদৰী কৰা পৰিলক্ষিত হোৱা নাই। সূত্ৰটোৱে প্ৰকাশ কৰা মতে যিসকল ডাক্তৰে অনলাইন ট্ৰেডিঙত বিনিয়োগ কৰিছিল সেই বিনিয়োগৰ সৰহভাগেই আছিল ক’লা ধন । কৰ ফাঁকিকে ধৰি আন উপায়েৰে আৰ্জন কৰা সেই ক’লাধনৰ বিশাল অংশ সেইসকল লোকে অনলাইন ট্ৰেডিঙত বিনিয়োগ কৰিছিল । এতিয়া কেলেংকাৰি ওলাই পৰাত তেওঁলোক সেয়ে চিন্তিত হৈ পৰিছে।

Comments are closed.