Breaking

যুৱতীগৰাকীৰ সৈতে থকা প্ৰেমৰ সম্পৰ্কৰ কথা স্বীকাৰ আছু নেতা শংকৰজ্যোতি বৰুৱাৰ

42

মুখ খুলিলে আছু নেতা শংকৰজ্যোতি বৰুৱাই। যুৱতীগৰাকীয়ে অনা অভিযোগৰ সন্দৰ্ভত শংকৰজ্যোতি বৰুৱাই আজি স্পষ্টীকৰণ দিছে। যুৱতীগৰাকীৰ সৈতে থকা প্ৰেমৰ সম্পৰ্কৰ কথা স্বীকাৰ কৰিলে নেতাগৰাকীয়ে। ন্যায়ালয়ত সকলো সত্য উন্মোচিত হ’ব বুলি আশাবাদী শংকৰজ্যোতি বৰুৱা।(aasu general secretary sankarjyoti baruah reaction on ex gf allegation)

মুখ খুলিলে আছু নেতা শংকৰজ্যোতি বৰুৱাই। যুৱতীগৰাকীয়ে অনা অভিযোগৰ সন্দৰ্ভত শংকৰজ্যোতি বৰুৱাই আজি স্পষ্টীকৰণ দিছে। যুৱতীগৰাকীৰ সৈতে থকা প্ৰেমৰ সম্পৰ্কৰ কথা স্বীকাৰ কৰিলে নেতাগৰাকীয়ে। ন্যায়ালয়ত সকলো সত্য উন্মোচিত হ’ব বুলি আশাবাদী শংকৰজ্যোতি বৰুৱা।(aasu general secretary sankarjyoti baruah reaction on ex gf allegation)


শংকৰজ্যোতি বৰুৱাই ক’লে, শেহতীয়াকৈ ৬ তাৰিখৰ পৰা এগৰাকী যুৱতীয়ে মোৰ বিৰুদ্ধে অভিযোগ আনিছে, ইয়াৰ বাবে মোৰ ব্যক্তিগত আৰু সামাজিক জীৱনত যথেষ্ঠ ক্ষতি হৈছে। মোৰ লগতে মোৰ মা মানসিভাৱে ভাগৰি পৰিছে। যিগৰাকী যুৱতী জি এম চি এইচত ভৰ্তি হৈ আছে সেইগৰাকী যুৱতীৰ স্বাস্থ্যক লৈও মই চিন্তিত। মোৰ বিৰুদ্ধে অনা অভিযোগ মই মানি লৈছো। মই ভাবো, প্ৰেম কোনো অপৰাধ নহয়। বিশ্ববিদ্যালয়ৰ এখন সভালৈ যাওঁতে তেওঁৰ লগত চিনাকী হৈছিলো আৰু পাছত আমাৰ মাজত প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠিছিল। যোৱা ১ বছৰৰ পৰা আমাৰ মাজত সংঘাত আৰম্ভ হৈছিল আৰু পৰৱৰ্তী সময়ত এই সংঘাত বাঢ়ি গৈছিল। যুৱতীগৰাকীয়ে কোৱা দৰে প্ৰায় ৬ মাহ ধৰি যুৱতীগৰাকীৰ তেওঁৰ লগত মোৰ কোনো সম্পৰ্ক নাই। তেওঁ কোৱো সকলো কথায়েই সত্য। তেওঁ মোৰ মাৰ লগতো কথা পাতিছে। যিখন ফটো সামাজিক মাধ্যমত ভাইৰেল হৈ আছে সেই ফটোখন উঠাৰ দিনা যুৱতীগৰাকীৰ সৈতে মোৰ চিনাকী নাছিল। কিন্তু ৬ মাহ পাছত কিয় অভিযোগ আনিছে তাক লৈ চিন্তিত মই। তেওঁ কয় যে, মই এই বিষয়টোত ন্যায়ালয়ৰ কাষ চাপিছো। (sankarjyoti baruah)

চলিত মাহৰ ৬ তাৰিখে এগৰাকী যুৱতীয়ে আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছিল। যুৱতীগৰাকীয়ে কৈছিল যে শংকৰজ্যোতি বৰুৱাই অন্য এগৰাকী যুৱতীৰ বাবে তেওঁক প্ৰতাৰণা কৰিছে। লগতে পিষ্টল দেখুৱাই অত্যাচাৰ কৰিছিল বুলি অভিযোগ কৰিছিল।যাৰ বাবে তেওঁ শাৰীৰিক-মানসিকভাৱে বিধ্বস্ত হৈ পৰিছিল। এনেবোৰ কাৰণতে অত্যাধিক মাত্ৰাত দৰৱ সেৱন কৰি জি এম চি এইচত ভৰ্তি হবলগীয়া হৈছিল। বৰ্তমানো চিকিৎসাধীন অৱস্থাতে আছে যুৱতীগৰাকী।

এই অভিযোগ-প্ৰতি অভিযোগৰ মাজতে আজি আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই স্পষ্টীকৰণ দি তেওঁৰ সৈতে থকা প্ৰেমৰ সম্পৰ্কৰ কথা স্বীকাৰ কৰে। কিন্তু তেওঁ অনা অভিযোগ সমূহ অভিযোগ বুলি কয়। ইয়াৰ বাবে তেওঁ এই বিষয়টোক লৈ ন্যায়ালয়ৰ কাষ চাপিছো।

Comments are closed.