Breaking

White foods to avoid: বগা খাদ্য সুস্বাস্থ্যৰ শত্ৰু! আঁতৰি থাকক এই ৪বিধ খাদ্যৰ পৰা

39

বিভিন্ন সোৱাদযুক্ত খাদ্য খোৱাৰ ইচ্ছাত আমি আমাৰ স্বাস্থ্যৰ কথা নাভাবি যিকোনো মিঠা খাওঁ। যাৰ বাবে আমি বহুতো ৰোগৰ আক্ৰমণত আক্ৰান্ত হওঁ। কিছুমান বগা খাদ্য আছে যিবোৰ আমাৰ স্বাস্থ্যৰ প্ৰধান শত্ৰু। (White foods to avoid)

স্বাস্থ্য বাৰ্তাঃ বিভিন্ন সোৱাদযুক্ত খাদ্য খোৱাৰ ইচ্ছাত আমি আমাৰ স্বাস্থ্যৰ কথা নাভাবি যিকোনো মিঠা খাওঁ। যাৰ বাবে আমি বহুতো ৰোগৰ আক্ৰমণত আক্ৰান্ত হওঁ। কিছুমান বগা খাদ্য আছে যিবোৰ আমাৰ স্বাস্থ্যৰ প্ৰধান শত্ৰু। (White foods to avoid)

আমাৰ চিকিৎসকে প্ৰায়ে আমাক স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ কৰিবলৈ পৰামৰ্শ দিয়ে। কিন্তু সোৱাদৰ নামত শেষত আমি নিজৰ ক্ষতি কৰা খাদ্য খাওঁ। দৈনন্দিন জীৱনত যদি আমি এনে বহু বগা খাদ্য খাওঁ তেন্তে আমাৰ স্বাস্থ্য বেয়াকৈ ক্ষতি হ’ব পাৰে। কোনবোৰ বগা খাদ্যৰ পৰা আঁতৰি থাকিব লাগে জানো আহক।(White food)

১/ আটা

আটা খুব মিহিকৈ পিহিলে ময়দাৰ ৰূপ লয়। পুৰী, চিংৰা, নিমখীয়া খাদ্য তথা ভজা বস্তুত ব্যৱহাৰ কৰা হয় আটা। আটা আমাৰ হজম শক্তিৰ বাবে একেবাৰেই উপকাৰী নহয়, ইয়াৰ বাহিৰেও ই মেদবহুলতা, হৃদৰোগ আৰু ডায়েবেটিছ ৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে।

২)চেনি

ঘৰত সাধাৰণতে ব্যৱহাৰ কৰা বগা চেনীক ৰিফাইন চেনি বোলা হয়। মিঠাই, চাহ, খীৰৰ পৰা আৰম্ভ কৰি প্ৰায় মিঠা খাদ্যতে আমি কোনো চিন্তা নকৰাকৈ ব্যৱহাৰ কৰো চেনি, কিন্তু ইয়াৰ ফলত মেদবহুলতা, ডায়েবেটিছ, কেন্সাৰ, হৰম’নৰ ভাৰসাম্যহীনতা আৰু হৃদৰোগ হয়।

৪/ বগা চাউল

দৈনিক ঘৰত খোৱা বগা চাউলে আমাৰ স্বাস্থ্য নষ্ট কৰিব পাৰে। ইয়াত প্ৰচুৰ পৰিমাণে কেলৰি আৰু কাৰ্ব থাকে, লগতে ই শৰীৰক পৰ্যাপ্ত পুষ্টি প্ৰদান নকৰে। তাৰ পৰিৱৰ্তে ব্ৰাউন ৰাইচ খালে ভাল।

লগতে পঢ়কঃ Never Wear Someone else Clothes: বেলেগৰ কাপোৰ কেতিয়াও নিপিন্ধিব! বহু ৰোগৰ আশংকা থাকে
৫/ বগা নিমখ

স্বাস্থ্যৰ মানদণ্ড অনুসৰি আমি এদিনত মাত্ৰ ৪ গ্ৰাম নিমখ খাব লাগে, কিন্তু আমি দৈনন্দিন জীৱনত খাদ্য সামগ্ৰীত নিমখ বহুত ব্যৱহাৰ কৰো। ইয়াত থকা ছডিয়ামে উচ্চ ৰক্তচাপ আৰু হৃদৰোগৰ সৃষ্টি কৰে। লগতে হাঁপানী ৰোগীৰ বাবে নিমখ ভাল নহয়। ইয়াৰ পৰিৱৰ্তে আপুনি গোলাপী ৰঙৰ নিমখ ব্যৱহাৰ কৰিব পাৰে।

লগতে পঢ়কঃ 7th National Poshan Maah 2024: দেশৰ ৩৫ খন ৰাজ্য, কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৭৫২ খন জিলাত সম্পন্ন ১.৩৭ কোটি কাৰ্যসূচী
আমি যি খাওঁ সেয়া আমাৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰে। সেয়ে আমি খাদ্যৰ প্ৰতি সঠিক গুৰুত্ব দিব লাগে। তেতিয়াহে আমাৰ স্বাস্থ্য ভালে থাকিব।

published by: Munmi gogoi

Comments are closed.