Online trading: প্ৰসংগঃ অনলাইন ট্ৰেডিং! সামাজিক ব্যাধিত পৰিণত হৈ পৰিছে অনলাইন ট্ৰেডিং

আজিৰ তাৰিখত অসমত আটাইতকৈ চৰ্চিত বিষয়টোৱেই হৈছে অনলাইন ট্ৰেডিং সম্পৰ্কীয় বিষয়টো। অনলাইন ট্ৰেডিং নামৰ ভূতটোৱে এতিয়া খেদি ফুৰিছে সকলোকে। কোনোবাই অনলাইন ট্ৰেডিংনো কি সেইটো বুজি পাওকেই বা নাপাওকেই কিন্তু সকলোৰে মুখত এতিয়া এটাই বিষয় আৰু সেয়া অনলাইন ট্ৰেডিং। সেয়া সাধাৰণ লোকেই হওক বা ৰজা ঘৰতেই হওক।(Online trading become social disorder)

মানুহ আজি ইমানেই এলেহুৱা, পৰনিৰ্ভৰশীল হৈ পৰিছে যে সকলোকে এতিয়া লাগে কেৱল সহজ উপায়েৰে ধন ঘটাৰ উপায়। আৰু এনে কাৰণতেই অতি সহজতে চতুৰ প্ৰলোভনকাৰীসকল সু-পৰিকল্পিতভাৱে পেলোৱা জালখনত ভৰি দি বন্দী হৈ পৰে অনলাইন ট্ৰেডিং নামৰ জালখনত। এইক্ষেত্ৰত ! অৱশ্যে বহু কাৰকেও ক্ৰিয়া নকৰা নহয়। আমাৰ ভাৰতবৰ্ষত ইমানেই দ্ৰুতহাৰত নিবনুৱা সংখ্যা বাঢ়ি গৈ আছে যে এই নিবনুৱা যুৱক-যুৱতীসকলে কোনো ফালৰ পৰা উপায় নেদেখি তেওঁলোকৰ বহু কষ্টৰ ফলত উপাৰ্জন কৰা ধন সোনকালে ধনী হোৱাৰ লোভত আৰু জমা থোৱা ধন দুগুণৰো দুগুণ হোৱাৰ আশাত বন্দী হৈ সোমাই পৰে প্ৰৱঞ্চকে অধিক ধনৰ লোভ দেখুৱাই পতা এই মায়াৱী জালখনত। যিখন জালত বন্দী হৈ কোনোফালৰ পৰা ওলাব নোৱাৰি কক্‌বকাই মৰিবলগীয়া অৱস্থা হয়গৈ। নিবনুৱাসকলৰ এনে দুৰ্বলতা তথা সোনকালে ধনী হোৱাৰ যি মানসিকতা সেই কথা উপলব্ধি কৰিয়েই এই প্ৰৱঞ্চকৰ দলে সৰ্বস্ব লুটি লৈ যায় সাঁচতীয়া ধনকেইটাও। এই ধন পিছে তেওঁলোকৰ ক’লা টকা নাছিল। আছিল কষ্টোপাৰ্জিত তেজক পানী কৰি অৰ্জন কৰা টকা। কিন্তু এই টকাকেইতাৰ ওপৰতো যেতিয়া শেন চকু পৰিব প্ৰৱঞ্চকৰ তেতিয়া আৰু লুণ্ঠন নকৰাকৈ নাথাকে। দুগুণত চাৰিগুণ লাভ দেখুৱাই লুটি লৈ যায় তেওঁলোকৰ সমষ্ট। তেওঁলোকৰ সেই সাঁচতীয়া ধনখিনিও যেতিয়া প্ৰৱঞ্চকে লুটি লৈ উধাও হয়, তেতিয়া তেওঁলোকৰ জ্ঞান চকু মেল খায়।


এইবোৰ ঘটি থকাৰ এটা অন্যতম কাৰণ হ’ল দ্ৰুতগতিত বাঢ়ি অহা নিবনুৱা সমস্যা আৰু আৰ্থিক দুৰৱস্থা। একাংশ নিবনুৱা আৰু আৰ্থিক অনাটনৰ মাজত সোমাই থকা লোকসকলে যেতিয়া একেবাৰে ওচৰৰ পৰাই দেখি থাকিব যে একাংশ লোকে বে-হিচাবত ধন-সম্পত্তি গোটাই বিলাসী জীৱন কটাইছে তেতিয়া নিশ্চয় সেই নিবনুৱা অথবা আৰ্থিকভাৱে দুৰ্বল লোকসকলৰো মনত ধনী হোৱাৰ প্ৰবল ইচ্ছা জাগে। তেতিয়া এই লোকসকলে ধন হাতলৈ অহাৰ বিভিন্ন পথ বিচাৰি ফুৰে। তেতিয়াই এইসকল লোকৰ সন্মুুখত তেওঁলোকৰ ত্ৰাণকৰ্তা হৈ, তেওঁঁলোকৰ ভৱিষ্যতৰ সপোন সাকাৰ কৰি তোলাৰ প্ৰলোভন তথা লোভ দেখুৱাই প্ৰৱঞ্চকৰ জালখন লৈ হাজিৰ হয় প্ৰৱঞ্চকৰ দল। আৰু সেই সহজ উপায়েৰে ধন ঘটিবলৈ উৎসুক থকা লোকসকল বন্দী হৈ পৰে প্ৰৱঞ্চনাৰ জালত। অৱশেষত এনেকৈয়ে তেওঁলোকৰ হাতত থকা কষ্টোপাৰ্জিত সাঁচতীয়া ধনকেইটাও চকুৰ আগতেই হেৰুৱাব লগা হয়। লুটি লৈ যায় সকলো। পিছত যেতিয়া বুজি পাব যে তেওঁলোকৰ হাতলৈ সহজতে পাব বিচৰা অতিৰিক্ত ধনৰ কথাতো বাদেই, তেওঁলোকৰ সাঁচতীয়া পইচাকেইটাও প্ৰৱঞ্চকে লুটি লৈ গ’ল তেতিয়াহে এইসকল লোকৰ চেতনা জাগ্ৰত হয় আৰু হাবাথুৰি খাব লগাত পৰে নিজৰ সাঁচতীয় ধনকেইটা হেৰুৱায়। প্ৰৱঞ্চকসকলে এতিয়া নগৰে-চহৰেতো বাদেই, গাঁৱে-ভূঞে কেউফালে এই সহজ উপায়েৰে ধন ঘটা জালখন পেলাবলৈ কুণ্ঠাবোধ কৰা নাই। এই জাল পেলোৱা লোকসকল মহা চতুৰ। ক’ত কেতিয়া কেনেকৈ আৰু কাৰ ওপৰত জালখন পেলালে উপকৃত হ’ব তেওঁলোকে ভালদৰেই জানে। আনহাতে, এইখন বৃহৎ জালত যে অকল সমাজৰ আৰ্থিকভাৱে দুৰ্বল লোকখিনিহে পৰিছে এনে নহয়। এই সহজ উপায়েৰে ধন ঘটাৰ জালখনত খোজ দিছে একাংশ ধনী ব্যক্তিয়েও অৰ্থাৎ যিসকল লোকৰ ধনৰ কোনো অভাৱ নাই অথবা তেওঁলোকৰ ইমানেই ধন যে খৰচ কৰিবলৈও ঠাইৰ অভাৱ।

অৱশ্যে তেওঁলোকে এই অনলাইন ট্ৰেডিং ব্যৱসায়ত জড়িত হোৱাৰ মূল কাৰণ হ’ল ক’লা টকা বগা কৰাহে। এতিয়া আমি দেখিছো যে এই অনলাইন ট্ৰেডিং ব্যৱসায়ত এনে লোকৰ ধন জমা থোৱাৰ প্ৰৱণতা বেছি। ইয়াৰ প্ৰধান কাৰণটোৱেই হ’ল তেওঁলোকে পিছ দুৱাৰেদি তেওঁলোকৰ ১৪ পিৰিলৈ ঘটি থোৱা ধনৰ প্ৰকৃত হিচাব দিব নোৱৰাটো। সেয়ে সেই ক’লা টকা বগা কৰাৰ একমাত্ৰ উপায় হিচাপে ধন জমা থয় এনেবোৰ ট্ৰেডিঙৰ জৰিয়তে। আৰু আজি এনেকৈয়ে অসমত গঢ়ি উঠিছে অনলাইন ট্ৰেডিঙৰ ক’লা ব্যৱসায়। কিন্তু আজি অসমত যেনেদৰে নিবনুৱা সমস্যাই দিনে দিনে এক ভয়ংকৰ ৰূপ লৈ গৈ আছে, যদিও চৰকাৰে এক লাখ নিবনুৱাক সংস্থাপন দিয়া বুলি কৈছে। কিন্তু সেয়া এতিয়া এপাচি শাকত এটা জালুকসদৃশহে হৈছে। কাৰণ আমি দেখিছো য শেহতীয়াকৈ চৰকাৰে চতুৰ্থবৰ্গৰ চাকৰিৰ বাবে আবেদন কৰাপ্ৰায় ৩২ লাখ আৱেদনকাৰীয়ে আৱেদন কৰিছে। অথচ চতুৰ্থ শ্ৰেণীৰ পদৰ বাবে পদ আছে মাত্ৰ ১২,৬০০টা। এইটো মাত্ৰ এটা উদাহৰণহে। এনে বহু হাজাৰ নিবনুৱা এতিয়িও অসমত ঠাহ খাই আছে। গতিকে এইসকল যুৱক-যুৱতীয়ে যেতিয়া সহজ উপায়েৰে ধন ঘটাৰ জালত পৰিবলৈ সততে আগ্ৰহ প্ৰকাশ কৰিবই। ভাৰতবৰ্ষত মাজে-সময়ে বিভিন্ন আন্তঃৰাষ্ট্ৰীয় সংস্থাই সমীক্ষা চলায়। এনেবোৰ সংস্থাৰ বেছি ভাগ সমীক্ষাতে দেশৰ আৰ্থিক বৈষম্য আৰু কৰ্মসংস্থানহীনতাৰ বিষয়টোৱেই প্ৰধানকৈ ওলাই পৰিছে। কেন্দ্ৰীয় চৰকাৰে ভাৰতবৰ্ষৰ সম উন্নয়নৰ ঢোল যিমানেই নবজাওক কিয় বাস্তৱ ক্ষেত্ৰত কিন্তু ইয়াৰ বিপৰীত ছবি এখনহে আমি দেখিবলৈ পাই আহিছো। দেশৰ অৰ্থনৈতিক বৈষম্যই এতিয়া যেন চূড়ান্ত ৰূপ পাইছে। ইয়াৰ ফলতে একাংশ দিশহাৰা হৈ পৰিছে আৰু তেওঁলোকৰ সন্মুখত যি আহিছে তাকেই কৰিবলৈ লৈছে। ইয়াত ভাল-বেয়া ভাবিবলৈ তেওঁলোকৰ সময় নাই বা নাভাবে। কাৰণ তেওঁলোকেও জীয়াই থাকিব বিচাৰে উন্নত মানেৰে। প্ৰতিষ্ঠিত হ’ব খোজে, বিত্তশালী হ’ব খোজে যিকোনো উপায়েৰে।(Online trading)


এই ব্যৱসাৰ ৰাতিটোৰ ভিতৰতে অসমত গঢ়ি উঠা নাছিল। কিন্তু দেশৰ প্ৰতিটো খবৰ, ঘটনা-দুৰ্ঘটনাৰ খবৰ নখ দৰ্পণত থকা চৰকাৰৰ লগতে স্মাৰ্ট আৰক্ষীয়ে জোঁৰ পুৰি হাত নোপোৱালৈ কিয় গম পোৱা নাছিল এনে এক বৃহৎ প্ৰৱঞ্চনাৰ জালখনৰ কথা। নে দেখিও নেদেখাৰ ভাও জুৰি টোপনি যোৱাৰ নাটকখন কৰি আছিল। আজি যেতিয়া জনসাধাৰণ এই অনলাইন ট্ৰেডিঙৰ তথাকথিত কোম্পানীৰ জালত পৰি সৰ্বস্বান্ত হৈ হাহাকাৰ কৰিবলৈ ধৰিলে তেতিয়াহে চকু লাহে লাহে খোল খাবলৈ আৰম্ভ কৰিছে প্ৰশাসন তথা চৰকাৰৰ। শেহতীয়াকৈ অসমত ৱাই বি ৱাই, ডি বি আদি অনলাইন ট্ৰেডিং কোম্পানীয়ে মানুহক জোলোকা জোলোকে পানী খুৱাইছে। বহুতে আজি ধনী হোৱাৰ আশাত ঘৰৰ গৰু-ছাগলী, মাটি-ভেটি বেছি অথবা বন্ধকীত থৈ ধনী হোৱাৰ সপোন দেখি সৰ্বস্বান্ত হৈছে। একাংশই আকৌ ক’লা ধনৰ চন্দুকটো বগা ধনেৰে ভৰাই তেওঁলোকৰ মুখৰ আঁৰৰ মুখাখন স্বচ্ছ আৰু নিকা ৰূপত দেখুৱাবলৈকে অনলাইন ট্ৰেডিঙৰ বিত্তৰ ভিতৰত সোমাইছে। কিন্তু এই ব্যৱস্থাই আমাৰ দৰে ৰাজ্যখনৰ কিমান ক্ষতি কৰিব পাৰে সেই কথা ভাবিলে এখন ভয় লগা ছবি ভাহি উঠে। শেহতীয়াকৈ অসমত এই ট্ৰেডিং জালিয়াতিৰ সৈতে জড়িত বুলি সৰ্বত্ৰ সৰব আলোচনাৰ শীৰ্ষত থকা লোককেইগৰাকী হ’ল- চুমি বৰুৱা, বিশাল ফুকন, স্বপ্ননীল দাস, দিবাকৰ বৰ্মন, ভাস্কৰ বৰুৱা, ৰঞ্জিত কাকতি আদি। এইসকলৰ জালত দুই ধৰণৰ লোক সাঙোৰ খাই পৰিছে। পিছে এতিয়ালৈ সততে স্মাৰ্ট আখ্যা দিয়া অসম আৰক্ষীয়ে তেওঁলোক দোষী হয়নে নহয় সেই কথাটোৰে নিশ্চিতি দিব পৰা নাই। চুমি বৰুৱা ক’ত তাৰেই সন্ধান উলিয়াব পৰা নাই। বাতৰি কাকতত পঢ়িবলৈ পোৱা মতে হেনো কোনোবা আৰক্ষীৰ লোকেই চুমি বৰুৱাক পলুৱাই ৰাখিছে। কি আচৰিত কাণ্ড। চুমি বৰুৱা এই অনলাইন ট্ৰেডিঙৰ জালখনত হেনো বহু ৰাজনৈতিক ব্যক্তি, আৰক্ষী, ডাক্তৰ, চৰকাৰী কৰ্মচাৰী, শিল্পী, অভিনেতা-অভিনেত্ৰী আদিও সোমাই পৰিছে। যেতিয়া এনেবোৰ অবৈধ ধনৰ লেন-দেনত শাসক তথা সমাজৰ আগশাৰীৰ লোক জড়িত থাকে তেতিয়া এনে কেলেংকাৰিৰ তদন্ত কিমানদূৰ সত্যনিষ্ঠ হ’ব সেয়া আমি নিশ্চয় সময়ত দেখিবলে পাম। এজন ২২ বছৰীয়া ল’ৰা যেতিয়া অগাধ সম্পত্তিৰ মালিক হৈ পৰিছিল তেতিয়াই তাৰ তদন্ত হ’ব লাগিছিল। চুমি বৰুৱাই সোঁৱে-বাঁৱে ঘটা সম্পত্তি হিচাব আৰম্ভণিতেই কৰা হ’লে আজিৰ এই পৰ্যায় হয়তো নাপালেহেঁতেন। গতিকে মাছ মূৰৰ পৰাই গেলাৰ দৰে আমাৰ গোটেই পৰিকাথামোটোৱেই গেলিছে মূৰৰ পৰা। এতিয়া এনে এটা পৰিৱেশৰ সৃষ্টি হৈছে, মানে সৃষ্টি কৰা হৈছে যে আচলতে কোন দোষী।


এতিয়া এই কথাবোৰ লাহে লাহে ওলাব ধৰিছে। আৰক্ষীয়ে এতিয়া আটক কৰিছে বিশালক । যিটো কেতিয়াবাই কৰা হ’লে হয়তো ইমান দূৰলৈ ট্ৰেডিং কেলেংকাৰিয়ে শিপাব নোৱাৰিলেহেঁতেন। এই ঘটনাক লৈ এতিয়া ন ন তথ্য নিতৌ ওলাই আছে। এতিয়ালৈ কোনেও মুকলিকৈ কাকো দোষাৰোপ কৰা নাই। সকলোৰে কেঁচু খান্দোতে সাপ ওলোৱাৰ ভয়। মুখ্যমন্ত্ৰীয়ে এই কেলেংকাৰিৰ সৈতে জড়িত কোনো সাৰি যাব নোৱাৰে বুলি ঘোষণা কৰিছে। সেইটো সঁচাকে ভাল কথা। আমিও বিচাৰো কেইটামান পুঠি-খলিহনা ধৰি যাতে ৰৌ-বৰালিক সাৰি যোৱাৰ বাট মুকলি কৰি দিয়া নহয়। এই কেলেংকাৰিৰ ইপ্ৰকৃত দোষীক ধৰি উপযুক্ত শাস্তিৰ ব্যৱস্থা কৰি সাধাৰণ জনতাৰ কষ্টোপাৰ্জিত ধনৰ সুৰক্ষা প্ৰদান কৰাৰ লগতে ক’লা ধনৰ বজাৰখন সম্পূণ্ট বন্ধ কৰাৰ ব্যৱস্থা কৰক। সকলো এতিয়া ৰজাঘৰৰ সদিচ্ছাৰ ওপৰতে নিৰ্ভৰশীল।

লেখকঃ ভূপেন মহন্ত

Related Articles