Breaking

Benefits of eating neem leaves:খালী পেটত নিম পাত চোবাই খালে হ’ব স্বাস্থ্যৰ ১০ টা উপকাৰ

30

খালী পেটত নিম পাত চোবাই খালে লালা উৎপাদন বৃদ্ধি পায়, যিয়ে মুখ পৰিষ্কাৰ কৰাত সহায় কৰে। নিমৰ বাবে বেক্টেৰিয়া মুখত প্ৰৱেশ নকৰে আৰু দাঁতত গহ্বৰ হোৱাৰ কোনো অভিযোগ নাথাকে। আঁঠুৰ কোনো ৰোগো নহয় নিম খালে।(Benefits of eating neem leaves on empty stomach)

স্বাস্থ্য বাৰ্তাঃ আপোনাৰ হয়তো মনত আছে যে শৈশৱত যেতিয়াই ঘা হৈছিল মায়ে তাত নিমপাত পিহি লগাইছিল। নিম পাতে শৰীৰৰ ভিতৰত বহু উপকাৰ সাধন কৰে। প্ৰতিদিনে পুৱা খালী পেটত নিম পাত চোবাই খালে কি কি উপকাৰ হয় জানেনে?(neem leaves)

খালী পেটত নিম পাত চোবাই খালে লালা উৎপাদন বৃদ্ধি পায়, যিয়ে মুখ পৰিষ্কাৰ কৰাত সহায় কৰে। নিমৰ বাবে বেক্টেৰিয়া মুখত প্ৰৱেশ নকৰে আৰু দাঁতত গহ্বৰ হোৱাৰ কোনো অভিযোগ নাথাকে। আঁঠুৰ কোনো ৰোগো নহয় নিম খালে।(Benefits of eating neem leaves on empty stomach)

নিম পাতত এন্টিঅক্সিডেন্ট থাকে, যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাত সহায় কৰে। খালী পেটত নিম খালে সংক্ৰামক ৰোগৰ সম্ভাৱনা কম হয়।

নিমে শৰীৰৰ ভিতৰত থকা বিষাক্ত পদাৰ্থ পৰিষ্কাৰ কৰাৰ কাম কৰে।

যদি আপোনাৰ গেছ, কোষ্ঠকাঠিন্য আৰু পেট ফুলাৰ সমস্যা আছে তেন্তে নিমৰ পাত খাব।

খালী পেটত নিমৰ পাত খালে পেটৰ লগত জড়িত সকলো সমস্যা ক্ৰমান্বয়ে নাইকিয়া হয়। পেট পৰিষ্কাৰ হৈ থাকিলে আমাৰ গা-মন ভাল লাগে।
দৈনিক নিমৰ পাত খালে তেজত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণত যথেষ্ট সহায় হয়। বহু গৱেষণাত দেখা গৈছে যে প্ৰতিদিনে পুৱা খালী পেটত নিম পাত চোবাই খালে ডায়েবেটিছ ৰোগীৰ চুগাৰৰ মাত্ৰা নিয়ন্ত্ৰণত থাকে।

লগতে পঢ়কঃ White foods to avoid: বগা খাদ্য সুস্বাস্থ্যৰ শত্ৰু! আঁতৰি থাকক এই ৪বিধ খাদ্যৰ পৰা

নিমৰ পাত খালে কেইদিনমানৰ ভিতৰতে আপোনাৰ ছাল পৰিষ্কাৰ আৰু পিম্পলমুক্ত হ’ব পাৰে। নিমে ভিতৰৰ পৰা পৰিষ্কাৰ কৰে আৰু সকলো বিষাক্ত পদাৰ্থ আঁতৰোৱাৰ লগে লগে ছালখন সুস্থ হৈ উঠে। মুখত পিম্পলছ উঠা লোকে যদি নিম খাই তেন্তে তেওঁলোকে ইয়াৰ পৰা বহুত উপকৃত হ’ব পাৰে।

নিম খালে বিপাকীয় ক্ৰিয়া উন্নত হয় আৰু লগতে ভোক বৃদ্ধি হয়। লগতে ওজন কমোৱাত সহায় কৰে।

ৰাতিপুৱা খালী পেটত নিম পাত চোবাই খালেও যকৃতৰ বাবে উপকাৰী। নিমে যকৃতক বিষমুক্ত কৰাৰ কাম কৰে, যাৰ ফলত যকৃতৰ ক্ষতি ৰোধ কৰে।

খালী পেটত নিমৰ পাত খালে মানসিক চাপ কমি যাব আৰু মনটো শিথিল হৈ থাকিব।

Comments are closed.