Breaking

Online trading scam: ট্ৰেডিঙৰ জৰিয়তে প্ৰবঞ্চনা কৰা কাকো ৰেহাই দিয়া নহ’বঃ পীয়ূষ হাজৰিকা

15

ট্ৰেডিঙৰ জৰিয়তে প্ৰবঞ্চনা কৰা কাকো ৰেহাই দিয়া নহ’ব ৷ পুলিয়ে পোখাই উভালি আইনৰ মজিয়ালৈ অনা হ’ব ট্ৰেডিং প্ৰবঞ্চনাৰ সৈতে জড়িত জঘন্য ব্যক্তিক ৷ প্ৰয়োজনত ই ডি, আয়কৰ, বা চিবিআইক দিয়া হ’ব তদন্তৰ দায়িত্ব৷ জাগীৰোডত ট্ৰেডিং প্ৰবঞ্চকৰ বিৰুদ্ধে এইদৰে সৰব হ’ল অসম চৰকাৰৰ মন্ত্ৰী পীয়ুষ হাজৰিকা ৷(No one who cheats through trading will be spared)

জাগীৰোড, ১১ ছেপ্তেম্বৰঃ জাগীৰোডত বিজেপিৰ সদস্যতা অভিযানত মন্ত্ৰী পীয়ূষ হাজৰিকা ৷ পালিগুৰি পঞ্চায়ত এলেকাত অনুষ্ঠিত হোৱা সদস্যতা অভিযানত উপস্থিত হৈ বিগত সাতটা দিনত অসমত বিজেপি দলৰ নতুন সদস্য প্ৰায় ১৩ লাখলৈ বৃদ্ধি হোৱা বুলি মন্তব্য কৰে ৷ লগতে তেওঁ কয়, ইয়ে প্ৰমান কৰে যে আজিৰ তাৰিখত অসমত বিজেপি দল কিমান শক্তিশালী ৷

আনহাতে জাগীৰোড বিধানসভা সমষ্টিত নতুনকৈ ৰ লাখ সদস্য ভৰ্তিৰ লক্ষ্য লোৱা হৈছে ৷ বিজেপি দলৰ সদস্যতা গ্ৰহণ কৰা সকলোকে ধন্যবাদ জ্ঞাপন কৰে মন্ত্ৰী পীয়ুষ হাজৰিকাই ৷ ইফালে উক্ত অনুষ্ঠানতে সদৌ তিৱা ছাত্ৰ সন্থা জাগীৰোড আঞ্চলিকৰ প্ৰাক্তন সম্পাদক নিৰঞ্জন বৰদলৈয়ে বিজেপি দলত যোগদান কৰে ৷

সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে ট্ৰেডিঙৰ জৰিয়তে প্ৰবঞ্চনা কৰা কাকো ৰেহাই দিয়া নহ’ব ৷ পুলিয়ে পোখাই উভালি আইনৰ মজিয়ালৈ অনা হ’ব ট্ৰেডিং প্ৰবঞ্চনাৰ সৈতে জড়িত জঘন্য ব্যক্তিক ৷ প্ৰয়োজনত ই ডি, আয়কৰ, বা চিবিআইক দিয়া হ’ব তদন্তৰ দায়িত্ব ৷ জাগীৰোডত ট্ৰেডিং প্ৰবঞ্চকৰ বিৰুদ্ধে এইদৰে সৰব হ’ল অসম চৰকাৰৰ মন্ত্ৰী পীয়ুষ হাজৰিকা ৷ লগতে এনেধৰণৰ প্ৰবঞ্চকৰ জালত ভৰি নিদিবলৈও সকলোকে আহ্বান জনায় মন্ত্ৰীগৰাকীয়ে৷(No one who cheats through trading will be spared)

লগতে পঢ়কঃ Online trading: প্ৰসংগঃ অনলাইন ট্ৰেডিং! সামাজিক ব্যাধিত পৰিণত হৈ পৰিছে অনলাইন ট্ৰেডিং

অনলাইন ট্ৰেডিং কেলেংকাৰিৰ খবৰে এতিয়া ৰাজ্যৰ বতাহ গৰম কৰি ৰাখিছে । চুমি বৰা-বিশাল ফুকনৰ অনলাইন ট্ৰেডিঙত হোৱা কেলেংকাৰিয়ে এতিয়া বহুতকে চিন্তিত কৰি ৰাখিছে(Sumi Bora and Bishal Phukan) বিশেষকৈ প্ৰতাৰক চক্ৰৰ জালত ভৰি দি লাখ লাখ টকা বিনিয়োগ কৰা একাংশ বিনিয়োগকাৰীয়ে এতিয়া চিন্তাত ভাত গিলিব নোৱৰা অৱস্থাৰ সৃষ্টি হোৱা বুলি চৰ্চা চলিছে । একাংশ লোকে এইবুলি চৰ্চা কৰি যে অনলাইন ট্ৰেডিঙত লাখ লাখ টকা বিনিয়োগ কৰাসকলৰ ভিতৰত বহু আগশাৰীৰ ডাক্তৰ, ৰাজনৈতিক নেতাৰ লগতে শিক্ষক, চৰকাৰী কৰ্মচাৰী, সাধাৰণ কৃষক আদিও আছে(Online Trading Scam)।

বিশেষ সূত্ৰে জানিব পৰা মতে, চুমি বৰা-বিশালৰ জালত ভৰি দি অনলাইন ট্ৰেডিঙত বিনিয়োগ কৰা বহু ডাক্তৰৰ এখন দীঘলীয়া তালিকা ইতিমধ্যে ডিব্ৰুগড় আৰক্ষীয়ে প্ৰস্তুত কৰিছে। অৱশ্যে ডিব্ৰুগড় আৰক্ষীৰ তৰফৰ পৰা এই বিষয়ত এতিয়াও কোনো কথা সদৰী কৰা পৰিলক্ষিত হোৱা নাই। সূত্ৰটোৱে প্ৰকাশ কৰা মতে যিসকল ডাক্তৰে অনলাইন ট্ৰেডিঙত বিনিয়োগ কৰিছিল সেই বিনিয়োগৰ সৰহভাগেই আছিল ক’লা ধন। কৰ ফাঁকিকে ধৰি আন উপায়েৰে আৰ্জন কৰা সেই ক’লাধনৰ বিশাল অংশ সেইসকল লোকে অনলাইন ট্ৰেডিঙত বিনিয়োগ কৰিছিল । এতিয়া কেলেংকাৰি ওলাই পৰাত তেওঁলোক সেয়ে চিন্তিত হৈ পৰিছে।

Comments are closed.