Breaking

Sumi-Tarkik Surrender: আজি চুমি-তাৰ্কিকে কৰিব আত্মসমৰ্পণ!

26

কোটিটকীয়া কেলেংকাৰীৰ সৈতে জড়িত চুমি-তাৰ্কিকে যোৱা ১০ দিন ধৰি পলাতক হৈ আছিল । আজি গুৱাহাটীমুখী হৈছে পলাতক চুমি আৰু তাৰ্কিক(Sumi Tarkik Surrender)!

গুৱাহাটী, ১১ছেপ্টেম্বৰঃ আজিৰ তাৰিখত অসমত আটাইতকৈ চৰ্চিত বিষয়টোৱেই হৈছে অনলাইন ট্ৰেডিং সম্পৰ্কীয় বিষয়টো। অনলাইন ট্ৰেডিং নামৰ ভূতটোৱে এতিয়া খেদি ফুৰিছে সকলোকে। কোনোবাই অনলাইন ট্ৰেডিংনো কি সেইটো বুজি পাওকেই বা নাপাওকেই কিন্তু সকলোৰে মুখত এতিয়া এটাই বিষয় আৰু সেয়া অনলাইন ট্ৰেডিং। সেয়া সাধাৰণ লোকেই হওক বা ৰজা ঘৰতেই হওক।

অনলাইন ট্ৰেডিং কেলেংকাৰিৰ খবৰে এতিয়া ৰাজ্যৰ বতাহ গৰম কৰি ৰাখিছে । চুমি বৰা-বিশাল ফুকনৰ অনলাইন ট্ৰেডিঙত হোৱা কেলেংকাৰিয়ে এতিয়া বহুতকে চিন্তিত কৰি ৰাখিছে(Sumi Bora and Bishal Phukan) বিশেষকৈ প্ৰতাৰক চক্ৰৰ জালত ভৰি দি লাখ লাখ টকা বিনিয়োগ কৰা একাংশ বিনিয়োগকাৰীয়ে এতিয়া চিন্তাত ভাত গিলিব নোৱৰা অৱস্থাৰ সৃষ্টি হোৱা বুলি চৰ্চা চলিছে । একাংশ লোকে এইবুলি চৰ্চা কৰি যে অনলাইন ট্ৰেডিঙত লাখ লাখ টকা বিনিয়োগ কৰাসকলৰ ভিতৰত বহু আগশাৰীৰ ডাক্তৰ, ৰাজনৈতিক নেতাৰ লগতে শিক্ষক, চৰকাৰী কৰ্মচাৰী, সাধাৰণ কৃষক আদিও আছে(Online Trading Scam)।

বিশেষ সূত্ৰে জানিব পৰা মতে, চুমি বৰা-বিশালৰ জালত ভৰি দি অনলাইন ট্ৰেডিঙত বিনিয়োগ কৰা বহু ডাক্তৰৰ এখন দীঘলীয়া তালিকা ইতিমধ্যে ডিব্ৰুগড় আৰক্ষীয়ে প্ৰস্তুত কৰিছে। অৱশ্যে ডিব্ৰুগড় আৰক্ষীৰ তৰফৰ পৰা এই বিষয়ত এতিয়াও কোনো কথা সদৰী কৰা পৰিলক্ষিত হোৱা নাই।

কোটিটকীয়া কেলেংকাৰীৰ সৈতে জড়িত চুমি-তাৰ্কিক ১০ দিনে পলাই আছে। অৱশ্যে আজি গুৱাহাটীমুখী হৈছে পলাতক চুমি বৰা আৰু তাৰ্কিক! সূত্ৰৰ খবৰ অনুসৰি আজিয়েই গুৱাহাটীত উপস্থিত হ’ব চুমি আৰু তাৰ্কিক(Sumi-Tarkik Surrender)। দুয়ো ম’বাইল অফ কৰি বহিঃৰাজ্যত আত্মগোপন কৰি আছিল চুমি আৰু তাৰ্কিকে।আৰক্ষীয়ে দীৰ্ঘদিনে অনুসন্ধান চলাইছিল যদিও কোনো সন্ধান উলিয়াব পৰা নাছিল চুমি আৰু তাৰ্কিকৰ। অৱশেষত পৰিয়ালৰ সহযোগত আৰক্ষীৰ হাতত ধৰা পৰিল বুলি সূত্ৰৰ পৰা জানিব পৰা গৈছে। আজিয়েই চুমি বৰা-তাৰ্কিক বৰাই আত্মসমৰ্পণ কৰাৰ সম্ভাৱনা আছে৷ CIDৰ সৈতে যোগাযোগত আছে চুমি বৰা আৰু তাৰ্কিক বৰা৷

লগতে পঢ়কঃ Online trading scam: চুমিৰ কাপোৰ ক্ৰয়ৰ নামত এবছৰে বিশালে ব্যয় কৰিছিল ১ কোটি টকা

Comments are closed.