Breaking

Supreme Court Grants Bail to Delhi CM: অৰবিন্দ কেজৰিৱালক উচ্চতম ন্যায়ালয়ে প্ৰদান কৰিলে জামিন

25

নতুন দিল্লী, ১৩ ছেপ্তেম্বৰ:: অৱশেষত মুকলি আকাশৰ তললৈ অহাৰ পথ প্ৰশস্ত হ’ল অৰবিন্দ কেজৰিৱালৰ। উচ্চতম ন্যায়ালয়ে মঞ্জুৰ কৰিলে কেজৰিৱালৰ জামিন। দিল্লীৰ সুৰা নীতি কেলেংকাৰীত জামিন পালে অৰবিন্দ কেজৰিৱালে।অৱশ্যে কেজৰিৱালে গোচৰটোক লৈ কৰিব নোৱাৰিব কোনো মন্তব্য। গ্ৰেপ্তাৰৰ সময়ক লৈ প্ৰশ্ন কৰে ন্যায়াধীশ উজ্জ্বল ভূঞাই।(Justice Ujjal Bhuyan)


CBIএ খৰখেদাকৈ কেজৰিৱালক গ্ৰেপ্তাৰ কৰাক লৈ প্ৰশ্ন কৰে ভূঞাই।জামিন মঞ্জুৰ কৰি CBIৰ গ্ৰেপ্তাৰ ন্যায়সংগত নহয় বুলি উল্লেখ কৰে উচ্চতম ন্যায়ালয়ে।দোষী সাব্যস্ত নোহোৱালৈ অভিযুক্ত নিৰ্দোষী- এই মন্তব্য উচ্চতম ন্যায়ালয়ৰ। ১০ লাখ টকাৰ বণ্ডত জামিন মঞ্জুৰ লাভ কৰে অৰবিন্দ কেজৰিৱালে। (Supreme Court Grants Bail to Delhi CM)


বিগত ৬ মাহ জে’লত আছিল অৰবিন্দ কেজৰিৱাল। ২৬ জুনত কাৰাগাৰতে CBIএ গ্ৰেপ্তাৰ কৰিছিল অৰবিন্দ কেজৰিৱালক।(Arvind Kejriwal)ইপিনে, ‘সজাৰ ভাটৌ’সদৃশ মনোভাৱ ত্যাগ কৰিবলৈ CBIক আহ্বান জনাই উচ্চতম ন্যায়ালয়ে।অৰবিন্দ কেজৰিৱাল বিগত ৬ মাহ জে’লত আছিল। ২৬ জুনত কাৰাগাৰতে CBIএ গ্ৰেপ্তাৰ কৰিছিল অৰবিন্দ কেজৰিৱালক। (Bail to Delhi CM Arvind Kejriwal in CBI case)

Comments are closed.