Breaking

North Lakhimpur College : নৰ্থ লখিমপুৰ কলেজত সৃজনীশীল সাহিত্য বিষয়ক মনোজ্ঞ আলোচনা

14

লখিমপুৰ , ১৩ ছেপ্টেম্বৰঃ ৰাজ্যখনৰ উচ্চ শিক্ষা গ্ৰহণ কৰি থকা ছাত্ৰ-ছাত্ৰীসকলৰ সাহিত্য চৰ্চা আৰু বৌদ্ধিক অনুশীলনক অধিক গতিশীল কৰাৰ লক্ষ্যৰে অসম প্ৰকাশন পৰিষদে মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় পৰ্যায়ত গ্ৰহণ কৰা কাৰ্যসূচীৰ অংশৰূপে আজি ঐতিহ্যমণ্ডিত নৰ্থ লখিমপুৰ কলেজত সৃজনীশীল সাহিত্য বিষয়ক আলোচনা সত্ৰ অনুষ্ঠিত কৰা হয় ৷“প্ৰকাশ সাহিত্য গোট, নৰ্থ লখিমপুৰ কলেজ”ৰ সহযোগত আয়োজন কৰা এই আলোচনা সত্ৰ উদ্বোধন কৰে প্ৰকাশ আলোচনীৰ সম্পাদক মিহিৰ দেউৰীয়ে ৷ (North Lakhimpur College ) তেওঁ কয় যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ আগ্ৰহ আৰু শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ অনুপ্ৰেৰণাত অসমৰ উচ্চশিক্ষা গ্ৰহণ কৰি থকা ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সাহিত্য আৰু গ্ৰন্থৰ প্ৰতি আস্থাশীল বৌদ্ধিক পৰিৱেশক অধিক দৃঢ় কৰাৰ লক্ষ্য-উদ্দেশ্য সন্মুখত ৰাখি প্ৰকাশ সাহিত্য গোট বিভিন্ন বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়সমূহত গঠন কৰা হৈছে ৷

অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাৰ পৰিকল্পনা অনুসৰি এই গোট সমূহৰ সহযোগত মহাবিদ্যালয় গ্ৰন্থমেলা, সৃষ্টিশীল সাহিত্যৰ কৰ্মশালা আদি অনুষ্ঠিত কৰি অহা হৈছে ৷ এই কাৰ্যসূচীৰে অংশ হিচাবে আজি ইয়াত আয়োজন কৰা অনুষ্ঠানত শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে ৷ এয়া আমাৰ বাবে আশাৰ বতৰা ৷ উদ্বোধনী সভাত বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰি নৰ্থ লখিমপুৰ কলেজৰ অধ্যক্ষ ড° বিমান চন্দ্ৰ চেতিয়াই অসম প্ৰকাশন পৰিষদে গ্ৰন্থ আন্দোলন আৰু শৈক্ষিক উত্তৰণৰ বাবে গ্ৰহণ কৰা কাৰ্যসূচী অতি গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰে ৷ তেওঁ লগতে কয় যে এই কাৰ্যসূচীৰ ফলত শিক্ষাৰ্থীসকলে নতুন বিষয়ৰ সন্ধান পাব আৰু সৃজনীশীলতাৰে উদ্বুদ্ধ হোৱাৰ সুযোগ পাব ৷ শিক্ষাৰ্থীৰ বৌদ্ধিক অনুশীলনৰ বাবে এয়া সহায়ক হ’ব ৷ ইয়াৰ পাছতে “উপন্যাস আৰু গল্পৰ নব্য ধাৰা” বিষয়ত সমল ব্যক্তিৰূপে অংশ লৈ বক্তব্য আগবঢ়ায় ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপিকা ড° লক্ষীপ্ৰিয়া গগৈয়ে ৷ বিশ্বৰ সামাজিক পৰিস্থিতিয়ে কিদৰে সাহিত্যত নব্য ধাৰাৰ সৃষ্টি কৰে সেই প্ৰসংগত তেওঁ মননশীল বিশ্লেষণ আগবঢ়ায় ৷ তেওঁ কয় যে ভাষিক আধিপত্যবাদ, ৰাজনৈতিক আৰু অৰ্থনৈতিক ঔপনিৱেশিকতা, অৱহেলিত মানুহৰ সমাজিক জীৱনৰ বাস্তৱতাই সাহিত্যক নতুন ধাৰাৰে সমৃদ্ধ কৰে ৷ সমান্তৰালভাৱে ব্যক্তি জীৱনৰ দন্দ্ব আৰু দৰ্শন, আবেগ-অনুভূতি, মানৱীয় প্ৰমূল্যবোধ, মানৱিক সম্পৰ্কয়ো সাহিত্যক নতুন চিন্তা আৰু ধাৰণাৰে নকৈ গঢ়ি তোলে ৷ আলোচনা সত্ৰখনত “সাহিত্যৰ তত্ত্ব আৰু সমালোচনা সাহিত্য”ৰ বিষয়ত সমল ব্যক্তিৰূপে বক্তব্য আগবঢ়ায় ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপক, কবি-সমালোচক ড° সত্যকাম বৰঠাকুৰে ৷North Lakhimpur College

তেওঁ কয় যে সাহিত্য আৰু সাহিত্যৰ তত্ত্ব সমাজৰ অতীত, বৰ্তমান আৰু ভৱিষ্যতেই নিৰ্মাণ কৰে ৷ তত্ত্ব সাধাৰণতে পূৰ্বৱৰ্তী এক ধাৰণাৰ আধাৰ ৷ এই আধাৰতে পৰৱৰ্তী ধাৰণাই গঢ় লৈ উঠে ৷ আনহাতে সমালোচনা হৈছে সাহিত্য সৃষ্টিৰ পৰৱৰ্তী পৰ্যায় ৷ কাৰণ সাহিত্য প্ৰকাশৰ পাছতহে সাহিত্য সমালোচনাৰ প্ৰসংগ আহি পৰে ৷ কিন্তু এনেকুৱা বোধহয় কমেইহে হয় যে তত্ত্ব পঢ়িহে বা তত্ত্বক সন্মুখত ৰাখিহে সাহিত্য ৰচনা কৰিব লাগে ৷ কিন্তু ৰচিত সাহিত্যক পূৰ্বৱৰ্তী তত্ত্বৰ আধাৰত চালিজাৰি চোৱা হয় ৷ তত্ত্ব আৰু সমালোচনাৰ সৃজনীশীল সাহিত্যৰ সৈতে আন্তঃসম্পৰ্ক আছে ৷ প্ৰসংগক্ৰমে ড° বৰঠাকুৰে বিশ্ব সাহিত্যৰ প্ৰেক্ষাপটত অসমীয়া সাহিত্যৰ বিচাৰ-বিশ্লেষণেৰে তেওঁৰ বিষয় নিৰ্বাচিত বক্তব্যক আকৰ্ষণীয় কৰি তোলে ৷ ইপিনে “কাব্য নিৰ্মাণ আৰু ধাৰণা”ৰ বিষয়ে ভাষণ প্ৰদান কৰে সমল ব্যক্তি, ছয়দুৱাৰ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক ড° অৰিন্দম শৰ্মাই ৷ তেওঁ কয় যে ধাৰণাটো প্ৰথমেই আহে, নিৰ্মণ প্ৰক্ৰিয়া ইয়াৰ পাছৰ স্তৰ ৷ ধাৰণাটোক নাইবা মনৰ ভাবক স্ব-নিয়ন্ত্ৰণেৰে এটা সুন্দৰ গঢ় দিব নোৱাৰিলে কবিতাই শক্তিশালী গঠনৰূপ পোৱাত বাধাগ্ৰস্ত হ’ব পাৰে ৷ নিৰ্মাণশৈলীয়ে কবিতাক কালোত্তীৰ্ণ কৰে ৷ এয়া দিক্ষীত কবিসকলৰ এক কলাৰূপ যাক শব্দৰ যথাযথ প্ৰয়োগেৰে নিৰ্মাণ কৰা হয় ৷ কবি-লেখক নৱজ্যোতি পাঠকে পৰিচালনা কৰা এই মনোজ্ঞ অনুষ্ঠানটিত সামৰণি ভাষণ আগবঢ়ায় প্ৰকাশ সাহিত্য গোট, নৰ্থ লখিমপুৰ কলেজৰ আহ্বায়ক তথা অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক, সাহিত্য-সমালোচক ড° অৰবিন্দ ৰাজখোৱাই ৷ বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয় পৰ্যায়ত এনে কাৰ্যসূচী ৰূপায়ণে বিদ্যায়তনিক ক্ষেত্ৰখনৰ বাবে নতুন সম্ভাৱনাৰ ৰেঙণি দেখুওৱা বুলি উল্লেখ কৰে তেওঁ ৷ বিশেষকৈ ভাষা-সাহিত্যৰ ন-শিকাৰুসকলক এনে কাৰ্যসূচীয়ে উদ্বুদ্ধ আৰু জাতিটোৰ ভৱিষ্যতৰ বাবে দায়ৱদ্ধ কৰি তুলিব বুলি কয় ড° ৰাজখোৱাই ৷ ড° ধনৰঞ্জন কলিতা, ড° ধীৰাজ পাটৰ, মুনমী দত্ত ৰাজখোৱা, কৃপাৰেখা গগৈ, প্ৰাৰ্থনা দত্ত, খগেন পেগু আদি অধ্যাপক-অধ্যাপিকাসকলে অংশগ্ৰহণ কৰি অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তোলে ৷(North Lakhimpur College)

Comments are closed.