Breaking

Dainandin Barta newspapers: দৈনন্দিন বাৰ্তা কাকতৰ টোপোলা চুৰি, গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক বশ কৰাৰ চক্ৰান্ত!

26

পুৰ্বৰ প্ৰতিদিনাৰ দৰে আজিও পুৱা দৈনন্দিন বাৰ্তা গোষ্ঠীৰ গুৱাহাটী আৰু ডিব্ৰুগড় সংস্কৰণৰ বাহনে ৰাজ্যৰ ভিন্ন প্ৰান্তত থকা এজেঞ্চিসমূহৰ সন্মুখত থৈ গৈছিল কাকতৰ টোপোলাসমূহ। কিন্তু তাৰ পিছতে বহুকেইটা এজেঞ্চিৰ সন্মুখৰ পৰা অন্তৰ্ধান হয় দৈনন্দিন বাৰ্তাৰ আজিৰ সংখ্যাৰ বহুকেইটা টোপোলা(Theft of Dainandin Barta Newspapers) ।

গুৱাহাটী,১৪ ছেপ্তেম্বৰ: আপুনি নিশ্চয় বিভিন্ন সামগ্ৰীৰ চুৰিৰ খবৰ প্ৰায়েই পঢ়িবলৈ অথবা শুনিবলৈ পায় । কিন্তু এইবাৰ ৰাজ্যৰ ভিন্ন প্ৰান্তত চুৰি হ’ল অসমীয়া দৈনিক বাতৰি কাকত দৈনন্দিন বাৰ্তাৰ আজিৰ সংখ্যাৰ বহুসংখ্যক টোপোলা(Theft of Dainandin Barta Newspapers)। একেটা দিনতে ৰাজ্যৰ ভিন্ন প্ৰান্তত দৈনন্দিন বাৰ্তা কাকতৰ টোপোলা চুৰি হোৱা ঘটনাই এতিয়া সৰ্বত্ৰে চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

পুৰ্বৰ প্ৰতিদিনাৰ দৰে আজিও পুৱা দৈনন্দিন বাৰ্তা গোষ্ঠীৰ গুৱাহাটী আৰু ডিব্ৰুগড় সংস্কৰণৰ(Newspapers from Guwahati and Dibrugarh editions) বাহনে ৰাজ্যৰ ভিন্ন প্ৰান্তত থকা এজেঞ্চিসমূহৰ সন্মুখত থৈ গৈছিল কাকতৰ টোপোলাসমূহ। কিন্তু তাৰ পিছতে বহুকেইটা এজেঞ্চিৰ সন্মুখৰ পৰা অন্তৰ্ধান হয় দৈনন্দিন বাৰ্তাৰ আজিৰ সংখ্যাৰ বহুকেইটা টোপোলা।

দৈনন্দিন বাৰ্তা গোষ্ঠীৰ বানিজ্যিক বিভাগে ঘটনা প্ৰসংগত উদ্বেগ প্ৰকাশ কৰি কলে, পূৰ্বতেও বহুকেইবাৰ দৈনন্দিন বাৰ্তা কাকতৰ টুপুলা চুৰিৰ ঘটনা সংঘটিত হৈছিল যদিও আজিৰ দৰে ঘটনা ঘটা নাছিল(fourth pillar of democracy) । ইফালে পুৱাই দৈনিক বাতৰি কাকতখন পঢ়িবলৈ নাপাই বহুসংখ্যক পাঠকে কাকত গোষ্ঠীৰ কাৰ্যালয়লৈ ফোন কৰি অৱগত কৰিলে কাকতখন নোপোৱাৰ খবৰ(Dainandin Barta newspapers in Assam) ।

আজিৰ এই ঘটনাক প্ৰকাশক গোষ্ঠীটোৱে ৰাজ্যৰ পাঠক সমাজক উদ্দেশ্যি কলে, আমাৰ বাতৰি কাকতৰ আজিৰ সংখ্যাটি আপোনালোকৰ হাতত তুলি ধৰিব নোৱাৰাৰ বাবে আমি দুখিত । তথাপি আমাৰ আজিৰ সংখ্যাটি আপোনাক পঢ়ুৱাবৰ বাবে আমি দায়বদ্ধ । আজিৰ সংখ্যাটি পঢ়িবৰ বাবে আপুনি ক্লিক কৰিব লাগিব আমাৰ কাকতৰ ডিজিটেল সংস্কৰণ https://www.dainandinbartagroup.in/

উল্লেখ্য যে, শেহতীয়াকৈ দৈনিক বাতৰি কাকত দৈনন্দিন বাৰ্তাই নিৰ্ভিক আৰু নিৰপেক্ষভাৱে ৰাজ্যৰ অনলাইন ট্ৰেডিং কেলেংকাৰীৰ বিভিন্ন বাতৰি সবিস্তাৰে প্ৰকাশ কৰি জনসাধাৰণক অৱগত কৰি আহিছে । বাতৰি কাকতখনৰ দ্বাৰা প্ৰকাশিত এইসমূহ বাতৰিয়ে বহুতৰ বাবে সম্ভাব্য বিপদৰ ইংগিত দিয়াৰ লগতে সমাজৰ মাজতো খোল খাইছিল বহুতৰে মুখৰ আঁৰৰ আন এখন মুখ । এনে পৰিপেক্ষিততেই দৈনিক বাতৰি কাকতখনৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰি কাকতগোষ্ঠীক ভৃতিগ্ৰস্ত কৰাৰ অপচেষ্টা চলোৱা বুলি উল্লেখ কৰিছে ৰাজ্যৰ সচেতন সমাজে ।

Comments are closed.