Breaking

Monstrous bodybuilder Dies: বিশ্বৰ জনপ্ৰিয় বডিবিল্ডাৰ ইলিয়া য়েফিমচিক আৰু নাই! ৩৬ বছৰ বয়সত হাৰ্ট এটেক আহে ইলিয়াৰ

50

বিশ্বৰ জনপ্ৰিয় বডিবিল্ডাৰ ইলিয়া য়েফিমচিৰ দেহাৱসান! হৃদৰোগত আক্ৰান্ত হৈ অকাল মৃত্যু ‘The Mutant’ ইলিয়াৰ। বেলাৰুছৰ এই খেলুৱৈগৰাকীৰ ৩৬ বছৰ বয়সত হাৰ্ট এটেক আহে ইলিয়াৰ।(Monstrous bodybuilder dies of heart attack)

বিশ্বৰ জনপ্ৰিয় বডিবিল্ডাৰ ইলিয়া য়েফিমচিৰ দেহাৱসান! হৃদৰোগত আক্ৰান্ত হৈ অকাল মৃত্যু ‘The Mutant’ ইলিয়াৰ। বেলাৰুছৰ এই খেলুৱৈগৰাকীৰ ৩৬ বছৰ বয়সত হাৰ্ট এটেক আহে ইলিয়াৰ।(Monstrous bodybuilder dies of heart attack)

এখন আলোচনীৰ মতে, আৰ্নল্ড শ্ব’ৱাৰ্জেনেগাৰ আৰু চিলভেষ্টাৰ ষ্টেলনৰ পৰা অনুপ্ৰাণিত হৈ য়েফিমচিকে বডি বিল্ডিঙৰ কাম হাতত লৈছিল। ছয় ফুট ১৫৪ কিলোগ্ৰাম ওজনৰ উচ্চ শৰীৰৰ বাবে বিশ্বৰ আটাইতকৈ জনপ্ৰিয় বডি বিল্ডাৰ বুলি কোৱা ইলিয়া য়েফিমচিকক। বেলাৰুছৰ বডিবিল্ডাৰজনে যদিও কেতিয়াও Professional eventত অংশগ্ৰহণ কৰা নাছিল, তথাপি তেওঁৰ শৰীৰচৰ্চাৰ ৰুটিনৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছিল আৰু লাভ কৰিছিল ব্যাপক জনপ্ৰিয়তা। যাৰ ফলত তেওঁ লাভ কৰিছিল ‘The Mutant’ উপাধি।

বেলাৰুছ আৰু ৰাছিয়াৰ বিভিন্ন সংবাদ মাধ্যমৰ মতে, ৬ ছেপ্টেম্বৰত হাৰ্ট এটেকৰ পিছত ক’মাত ৰাখিছিল খেলুৱৈগৰাকী আৰু ১১ ছেপ্টেম্বৰত তেওঁৰ মৃত্যু হয়। শেহতীয়াকৈ হাৰ্ট এটেকত আক্ৰান্ত হোৱা লোকৰ খবৰ প্ৰত্যেক দিনেই লাভ কৰা যায়। কিন্তু প্ৰশ্ন হয়, ৩৬ বছৰ বয়সৰ এজন ব্যক্তি কেনেকৈ হাৰ্ট এটেকত আক্ৰান্ত হ’ব পাৰে?যিয়ে ফিটনেছ আৰু ব্যায়ামৰ ওপৰত কঠোৰ সময়সূচী মানি চলে।

সূত্ৰৰ খবৰ অনুসৰি য়েফিমচিকে দৈনিক সাতবাৰ আহাৰ গ্ৰহণ কৰিছিল, যাৰ পৰিমাণ আছিল ১৬,৫০০ কিলোগ্ৰাম কেলৰি-ডায়েট। তেওঁৰ বুকুৰ জোখ আছিল ৬১ ইঞ্চি আৰু বাইচেপছৰ জোখ ২৫ ইঞ্চি। আৰ্নল্ড শ্ব’ৱাৰ্জেনেগাৰ আৰু চিলভেষ্টাৰ ষ্টেলনৰ পৰা অনুপ্ৰাণিত হৈ য়েফিমচিকে বডি বিল্ডিং কৰিছিল।

বডি বিল্ডাৰসকলৰ হৃদৰোগৰ আশংকা কিয়-

কম বয়সীয়া বহুলোক হাৰ্ট এটেকত ভুগিছে, বহুলোক ট্ৰেডমিলত দৌৰি থাকোঁতে পৰিছে, ক’ভিড-১৯ মহামাৰীৰ পিছত হাৰ্ট এটেকৰ লোকৰ সংখ্যা বাঢ়িছে।

কিন্তু প্ৰশ্ন হয়, ফিটনেছ আৰু ৱৰ্কআউটৰ ওপৰত কঠোৰ সময়সূচী ৰাখি ৩০ বছৰীয়া এজন ব্যক্তিয়ে কেনেকৈ হাৰ্ট এটেকত আক্ৰান্ত হ’ব পাৰে।

ৱৰ্কআউটৰ মাজত ভাৰসাম্য ৰক্ষা কৰাটো অতি প্ৰয়োজনীয় আৰু শৰীৰ ওপৰত অত্যধিক হেঁচা পৰিহাৰ কৰাটো অতি প্ৰয়োজনীয়।

Comments are closed.