Breaking

CBI Arrested Sandeep Ghosh: কলকাতা আৰ জি কৰ হাস্পতালৰ জঘন্য কাণ্ডৰ গোচৰত গ্ৰেপ্তাৰ হ’ল সন্দীপ ঘোষ, অভিজীত মণ্ডল!

29

কলকাতা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষ আৰু তালা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অভিজিৎ মণ্ডলক কলকাতাৰ আৰ জি কাৰ চিকিৎসা মহাবিদ্যালয়ত এগৰাকী প্ৰশিক্ষাৰ্থী চিকিৎসকক অপকৰ্ম আৰু হত্যাৰ গোচৰত চিবিআইয়ে গ্ৰেপ্তাৰ কৰিছে।(CBI arrested sandeep ghosh and abhijit mandal in kolkata rape murder case)

কলকাতা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষ আৰু তালা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অভিজিৎ মণ্ডলক কলকাতাৰ আৰ জি কাৰ চিকিৎসা মহাবিদ্যালয়ত এগৰাকী প্ৰশিক্ষাৰ্থী চিকিৎসকক অপকৰ্ম আৰু হত্যাৰ গোচৰত চিবিআইয়ে গ্ৰেপ্তাৰ কৰিছে।(CBI arrested sandeep ghosh and abhijit mandal in kolkata rape murder case)

কলকাতাৰ আৰ জি কৰ হাস্পতালৰ মহিলা চিকিৎসকক অপকৰ্ম আৰু হত্যাৰ ঘটনাৰ সৈতে জড়িত এইবাৰ সন্দীপ ঘোষক গ্ৰেপ্তাৰ কৰিলে চিবিআইয়ে। ঘোষৰ লগতে চিবিআইয়ে তালা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অভিজিত মণ্ডলকো গ্ৰেপ্তাৰ কৰিছে।(Kolkata Case)

ইয়াৰ পূৰ্বেও আৰ জি কৰ হাস্পতালৰ দুৰ্নীতিৰ তদন্তত সন্দীপ ঘোষক গ্ৰেপ্তাৰ কৰিছিল চিবিআয়ে। চিবিআইৰ কলকাতা মুখ্য কাৰ্যালয়ত তেওঁক অহৰহ জেৰা চলি আছিল। এই সময়ছোৱাত সন্দীপ ঘোষৰ লগতে চিবিআইয়েও বহু ঠাইত অভিযান চলাই বহু জটিল প্ৰশ্ন সুধিছিল, যাৰ কোনো স্পষ্ট উত্তৰ দিব নোৱাৰিলে। সূত্ৰ অনুসৰি, ইয়াৰ পিছত চিবিআইয়ে তেওঁক এই কাণ্ডত সন্দেহজনক ভূমিকা পোৱা প্ৰমাণৰ ভিত্তিত গ্ৰেপ্তাৰ কৰে।

ইয়াৰ সমান্তৰালকৈ তালা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অভিজিত মণ্ডলকো গোচৰটোৰ সঠিক তদন্ত নকৰাৰ লগতে হত্যাকাণ্ডটোক আত্মহত্যা ঘটনা কৰি তোলাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে। গ্ৰেপ্তাৰ কৰাৰ পূৰ্বে চিবিআইয়ে এছএইচঅ’ অভিজীত মণ্ডলক জেৰা চলাইছিল। এই সময়ছোৱাত তেওঁক আৰ জি কৰ হাস্পতালত মৃতদেহ উদ্ধাৰ হোৱা যুৱতীগৰাকীৰ তদন্তত চিকিৎসকৰ অৱহেলাৰ সৈতে জড়িত বহু প্ৰশ্ন কৰিছিল। সূত্ৰৰ পৰা জানিব পৰা মতে, এছ এইচ অ’ই সেই প্ৰশ্নসমূহৰ সঠিক উত্তৰ দিব পৰা নাছিল, তাৰ পিছত CBI এ তেওঁক গ্ৰেপ্তাৰ কৰে।

৯ আগষ্টৰ পুৱা কলকাতাৰ আৰ জি কাৰ হস্পিতালৰ এগৰাকী কনিষ্ঠ চিকিৎসকক তৃতীয় মহলাৰ চেমিনাৰ হলত ​​মৃত অৱস্থাত উদ্ধাৰ হৈছিল। মৃতদেহৰ মৰণোত্তৰ পৰীক্ষাৰৰ প্ৰতিবেদনত যুৱতীগৰাকীৰ সৈতে অপকৰ্ম কৰি হত্য়া কৰাৰ তথ্য পোৱা গৈছিল। এই ঘটনাৰ সৈতে ১৪ জন জড়িত বুলি জানিব পৰা গৈছিল। এই গোচৰত আৰক্ষীয়ে মূল অভিযুক্ত হিচাপে গ্ৰেপ্তাৰ কৰিছিল নাগৰিক স্বেচ্ছাসেৱক সঞ্জয় ৰয়ক। পিছত পৰিয়ালৰ লোকৰ দাবীত কলকাতা উচ্চ ন্যায়ালয়ে গোচৰৰ তদন্ত চিবিআইক অৰ্পণ কৰে।

Comments are closed.