Breaking

Delhi CM Arvind Kejriwal: তিহাৰ জেইলৰ পৰা মুক্তিৰ পিছতে প্ৰথমবাৰৰ বাবে দলীয় কাৰ্যালয়ত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল

19

জেইলৰ পৰা মুক্তিৰ পিছতে দলৰ কাৰ্যালয়ত উপস্থিত কেজৰিৱাল

দিল্লী, ছেপ্টেম্বৰ ১৫: দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টীৰ (AAP) ৰাষ্ট্ৰীয় সংযোজক অৰবিন্দ কেজৰিৱালে(Delhi CM Arvind Kejriwal) তিহাৰ জেইলৰ পৰা মুক্তি পোৱাৰ পিছতে দেওবাৰে দলৰ কাৰ্যালয়ত উপস্থিত হয় । শুকুৰবাৰ নিশা তিহাৰ জেইলৰ পৰা মুক্তি লাভ কৰাৰ পিছত এইয়া আছিল তেওঁৰ প্ৰথমটো দলীয় কাৰ্যালয় ভ্ৰমণ(Aam Aadmi Party)।

ভাৰতবাসীক উদ্দেশ্যি কেজৰিৱালৰ আহ্বান

পঞ্জাবৰ মুখ্যমন্ত্ৰী ভাগৱন্ত মানে(Punjab CM Bhagwant Mann) কেজৰিৱালে ৰাষ্ট্ৰৰ উদ্দেশ্যে ভাষণ প্ৰদান কৰিব বুলি উল্লেখ কৰি কয়, “তেওঁ জেইলৰ পৰাই দলৰ একতা অক্ষুন্ন ৰাখিবলৈ সক্ষম হৈছিল। একেধৰণে বাহিৰত থকা আম আদমী পাৰ্টীৰ কৰ্মীসকলেও একতাৰ ধাৰাটো সুন্দৰকৈ বৰ্তাই ৰাখিছিল । দেশৰ আন কোনো দলে এনে ধৰণৰ সমস্যাৰ সন্মুখীন হোৱা হ’লে, এতিয়ালৈ তেওঁলোকৰ দলেই নাথাকিলেহেঁতেন।”


হাৰিয়ানাত নিৰ্বাচনী প্ৰচাৰত অংশ ল’ব কেজৰিৱালে

কাৰাগাৰৰ(Tihar Jail) পৰা মুক্তিৰ পিছত শনিবাৰে কেজৰিৱালে দলৰ শীৰ্ষ নেতৃত্বৰ সৈতে এক গুৰুত্বপূর্ণ বৈঠকত মিলিত হয় । উক্ত বৈঠকত হাৰিয়ানাৰ আগন্তুক বিধানসভা নিৰ্বাচন আৰু দিল্লীত দলটোৰ আভ্যন্তৰীণ বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰা হয় । এই গুৰুত্বপূর্ণ বৈঠকৰ অন্তত AAP নেতৃত্বই জানিবলৈ দিয়ে যে, কেজৰিৱালে হাৰিয়ানাত নিৰ্বাচনী প্ৰচাৰৰ আৰম্ভ কৰিব, য’ত দলটোৱে ৯০ খন আসনৰ আটাইকেইখনতে প্রতিদ্বন্দ্বিতা আগবঢ়াব।

আপৰ সাধাৰণ সম্পাদক আৰু সংসদীয় সদস্য সন্দীপ পাঠকে সংবাদ মাধ্যমক কয় যে তেওঁলোকৰ দলে সম্পূৰ্ণ শক্তিৰে এই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব। এই গুৰুত্বপূৰ্ণ বৈঠকখন দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ ছিছ’দিয়াৰ(Former Deputy Chief Minister Manish Sisodia) বাসগৃহত অনুষ্ঠিত হৈছিল। বৈঠকত শীৰ্ষ নেতা সঞ্জয় সিং আৰু গোপাল ৰাইকে আদি কৰি বহুকেইগৰাকী শীৰ্ষ নেতৃত্ব উপস্থিত আছিল ।


অৰবিন্দ কেজৰিৱালক লৈ ৰাজপথত শোভাযাত্ৰা

অৰবিন্দ কেজৰিৱালে তিহাৰ জেইলৰ পৰা মুক্তি লাভৰ পিছতে চান্দগিৰাম আখাৰাৰ পৰা তেওঁৰ চৰকাৰী বাসভৱনলৈকে এই পথচোৱাৰে এক শোভাযাত্ৰা বাহিৰ কৰা হয়। শুকুৰবাৰে সন্ধিয়া চুপ্ৰীম কোৰ্টৰ পৰা পোৱা জামিনৰ পাছত তেওঁ মুক্তি লাভ কৰিছিল । দিল্লী আবকাৰী নীতি কেলেংকাৰীৰ সৈতে জড়িত এটা গোচৰত কাৰাবাসত থকা কেজৰিৱালৰ জামিন মঞ্জুৰ কৰা হৈছিল। কেজৰিৱালৰ অধিবক্তাই উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ উদ্ধৃত দি চিবিআইৰ বিশেষ ন্যায়াধীশৰ সন্মুখত তেওঁৰ মুক্তিৰ বাবে জামিন বণ্ড প্ৰদান কৰিছিল ।

অৰবিন্দ কেজৰিৱালে মুক্তি লাভৰ লগে লগে তিহাৰ জেইলৰ সন্মুখত আপৰ নেতা আৰু সমৰ্থকসকলে তেওঁক উষ্ম আদৰণি জনাই । তাৰোপৰি তেওঁৰ বাসভৱনৰ বাহিৰতো সমৰ্থকসকলে ফটকা ফুটাই আনন্দ উলাহ কৰা দেখিবলৈ পোৱা যায়।

শুকুৰবাৰে চুপ্ৰীম কোৰ্টে কেজৰিৱালক জামিন প্ৰদান কৰি কয় যে, দীৰ্ঘকালৰ বাবে কাৰাবাস খটাটো অন্যায়ভাৱে কৰা স্বাধীনতাৰ বঞ্চনাৰ সমান। শীৰ্ষ আদালতে কেজৰিৱালৰ মুক্তিৰ লগত কিছু চৰ্তও বান্ধি দিছে । জনতাৰ সন্মুখত তেওঁ বিষয়টোৰ সন্দৰ্ভত কোনো মন্তব্য প্ৰকাশ কৰিব নোৱাৰিব আৰু ৰেহাই নোপোৱালৈকে পৰৱৰ্তী সকলো শুনানিত তেওঁ আদালতত উপস্থিত থাকিব লাগিব ।

লগতে পঢ়ক:Arvind Kejriwal bail: মুকলি আকাশৰ তললৈ আহি কেজৰিৱালে সমৰ্থকক ক’লে: মোৰ শক্তি দুগুণ হ’ল

Comments are closed.