Breaking

Arvind Kejriwal to resign as Delhi CM:পদত্যাগ কৰিব অৰবিন্দ কেজৰিৱালে! কোন হ’ব দিল্লীৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী

15

জনসাধাৰণৰ সিদ্ধান্তৰ পিছতহে চকীত বহিম, কেজৰিৱালে মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰাৰ কথা ঘোষণা কৰি এইদৰে কয় দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। ৪৮ ঘণ্টাৰ ভিতৰত হয়টো ত্যাগ কৰিব পাৰে মুখ্যমন্ত্ৰীৰ পদ।(Arvind Kejriwal to resign as Delhi Chief Minister)

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ডাঙৰ ঘোষণা। দুদিনৰ পাছত মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰিব বুলি মন্তব্য কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। ইয়াৰ সমান্তৰালকৈ তেওঁ দিল্লীতো আগতীয়াকৈ নিৰ্বাচনৰ দাবী জনাইছে। দেওবাৰে তেওঁ আপৰ নতুন কার্যালয়ৰ পৰা দলীয় কৰ্মীসকলক সম্বোধন কৰি তেওঁ কয় যে তেওঁ দোষমুক্ত নোহোৱালৈকে মুখ্যমন্ত্রীৰ পদত বহিব নোৱাৰিব ৷ দুদিনৰ ভিতৰত তেওঁ পদত্যাগ কৰিব আৰু ঘোষণা কৰা হ’ব নতুন মুখ্যমন্ত্ৰীৰ নাম। (Arvind Kejriwal to resign as Delhi Chief Minister)

আম আদমী পাৰ্টিৰ কৰ্মীক সম্বোধন কৰি অৰবিন্দ কেজৰিৱালে পদত্যাগ ঘোষণা কৰে। তেওঁ কয় যে জনসাধাৰণৰ আশীৰ্বাদত বিজেপিৰ সকলো ষড়যন্ত্ৰ প্ৰতিহত কৰাৰ শক্তি আমাৰ আছে। বিজেপিৰ আগত আমি বিক্ৰী নহওঁ। আমি আজি দিল্লীৰ বাবে ইমানখিনি কৰিব পাৰিলোঁ কাৰণ আমি সৎ। আজি তেওঁলোকে আমাৰ সততাক লৈ ভয় কৰে কাৰণ সেয়া সৎ নহয়। ‘টকাক ক্ষমতালৈ আৰু ক্ষমতাৰ পৰা ধনলৈ’ এই খেলৰ অংশ হৈ যোৱা নাছিলোঁ৷ দুদিন পিছত মই মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰিম। আদালতৰ পৰা ন্যায় পালোঁ, এতিয়া ৰাজহুৱা আদালতে মোক ন্যায় দিব।(Arvind Kejriwal resign)

মুখ্যমন্ত্ৰী কেজৰিৱালে কয় যে জনসাধাৰণে ৰায় নিদিয়ালৈকে মই মুখ্যমন্ত্ৰীৰ চকীত নবহো। আজিৰ পৰা কেইমাহমানৰ পিছত দিল্লী নিৰ্বাচন, কেজৰিৱালক যদি সৎ বুলি ভাবে, তেন্তে আগন্তুক নিৰ্বাচনত মোৰ পক্ষত ভোট দিয়ক। আপোনাৰ প্ৰতিটো ভোট মোৰ সততাৰ প্ৰমাণ পত্ৰ হ’ব। তেওঁলোকে অভিযোগ কৰিছে যে কেজৰিৱাল চোৰ, মই ক্ষমতাৰ খেল খেলিবলৈ অহা নাই, দেশৰ বাবে কিবা এটা কৰিবলৈ আহিছো। ১৪ বছৰৰ মূৰত যেতিয়া ভগৱান ৰাম বনবাসৰ পৰা উভতি আহিছিল, তেতিয়া মাতৃ সীতাই সেই কষ্ট পাৰ কৰিবলগীয়া হৈছিল। আজি জেলৰ পৰা আহি অগ্নিপৰীক্ষা দিবলৈ সাজু হৈছো।

কেজৰিৱালে কয়, ‘দেশৰ সকলো অবিজেপি মুখ্যমন্ত্রীক মই হাতযোৰ কৰি আবেদন জনাইছো, যদি প্ৰধানমন্ত্ৰীয়ে আপোনালোকৰ বিৰুদ্ধে ভুৱা গোচৰ ৰুজু কৰি জেলত ভৰাই, তেন্তে কোনো কাৰণতে পদত্যাগ নকৰিব। জেলৰ পৰা ওলাই অহাৰ পিছত এইটোৱেই হৈছে দিল্লীৰ মুখ্যমন্ত্ৰীৰ প্ৰথম ভাষণ।(arvind kejriwal)

Comments are closed.