September 15, 2024 England vs Australia 3rd T20I : এইকেইগৰাকী খেলুৱৈৰ ওপৰত এপলক দৃষ্টি England vs Australia 3rd T20I: এইকেইগৰাকী খেলুৱৈৰ ওপৰত এপলক দৃষ্টি Share FacebookTwitterWhatsAppTelegramKooEmail জেকব বেথেল(Jacob Bethell): আন্তঃৰাষ্ট্ৰীয় চাৰ্কিটত নিজকে পৰিচয় কৰি দিয়াৰ লগতে ইংলেণ্ডৰ হৈ দ্বিতীয়খন মেচত ২৪টা বলতত ৪৪ ৰান সংগ্ৰহ কৰিছিল। ট্ৰেভিছ হেড(Travis Head): ট্ৰেভিছ হেডে শেহতীয়াকৈ এৰন ফিঞ্চক অতিক্ৰম কৰি এটা কেলেণ্ডাৰ বৰ্ষত এজন অষ্ট্ৰেলিয়ানৰ দ্বাৰা সৰ্বাধিক টি-২০ ইণ্টাৰনেশ্যনেলত ছিক্সাৰ মাৰিছিল। তেওঁ ইতিমধ্যে নিজৰ দুটা ইনিংছত ৯০ ৰান সংগ্ৰহ কৰিছে। লিয়াম লিভিংষ্টন(Liam Livingstone): ইংলেণ্ডৰ লিয়াম লিভিংষ্টনে টি-২০ ছিৰিজৰ দ্বিতীয়খন খেলত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৪৭ টা বলত ৮৭ ৰান সংগ্ৰহেৰে মেচ-উইনিং প্ৰদৰ্শন আগবঢ়াই টি-২০ ছেট-আপত চাৰি নম্বৰত অৱতীৰ্ণ হ’বলৈ সক্ষম হৈছিল। তাৰোপৰি দুখন খেলত তেওঁ ৫ টা উইকেট দখল কৰিছে। জেক ফ্ৰেজাৰ-মেকগাৰ্ক(Jake Fraser-McGurk): ২২ বছৰীয়া যুৱকজনে টি-২০ ইণ্টাৰনেশ্যনেল ছিৰিজৰ দ্বিতীয়খন খেলত অৰ্ধশতক ৰান সংগ্ৰহ কৰা ২য় কনিষ্ঠ অষ্ট্ৰেলিয়ান হিচাপে পৰিগণিত হৈছে। ইতিমধ্যে তেওঁ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল)ত নিজৰ সম্ভাৱনা প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে। মেথিউ শ্বৰ্ট(Matthew Short): টি-২০ ইণ্টাৰনেশ্যনেলৰ এই ছিৰিজত মেথিউ শ্বৰ্টে এজন অষ্ট্ৰেলিয়ান হিচাপে ৩য় শ্ৰেষ্ঠ বলিং স্পেল বিচাপে পঞ্জীয়ন কৰিবলৈ সক্ষম হয় । তেওঁ প্ৰথমখন খেলত ২৬টা বলত ৪১ ৰান সংগ্ৰহ কৰাৰ ওপৰিও দ্বিতীয়খন খেলত ২২ ৰানৰ বিপৰীতে ৫ টা উইকেট দখল কৰিছিল। Related Articles Nikhamoni Bora: জলপৰী নিশামনিৰ আন এক সফলতা, অল ইণ্ডিয়া উইণ্ডৰ্চাফিং আৰু কাইট বৰ্ডিং প্ৰতিযোগিতাত সোণৰ পদক জয় দৈনন্দিন বাৰ্তা - March 31, 2025 CSK Vs RR: চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে ৬ ৰানত বিজয় সাব্যস্ত ৰাজস্থান ৰয়েলছৰ দৈনন্দিন বাৰ্তা - March 31, 2025 Rahul Dravid: অধিনায়ক হিচাপে ৰিয়ানৰ দক্ষতাক মই প্ৰশংসা কৰিমঃ ৰাহুল দ্ৰাবিড় দৈনন্দিন বাৰ্তা - March 30, 2025