Breaking

Assam Direct Recruitment Examination: অসমত এডিআৰই নিযুক্তি পৰীক্ষা সুচাৰুৰূপে চলোৱাৰ বাবে মুখ্যমন্ত্ৰীৰ প্ৰশংসা

16

ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত মুখ্যমন্ত্ৰীগৰাকীয়ে চৰকাৰৰ কৰ্মশক্তিয়ে কোনো ধৰণৰ জটিলতা নোহোৱাকৈ এই উল্লেখযোগ্য পৰীক্ষা দক্ষতাৰে পৰিচালনা কৰাৰ বাবে বিষয়া-কৰ্মচাৰীসকলক প্ৰশংসা কৰে(Assam Direct Recruitment Examination)।

গুৱাহাটী, ১৬ ছেপ্টেম্বৰঃ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা(Assam CM Himanta Biswa Sarma)ই প্ৰথম অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা (Assam Direct Recruitment Examination) সফল আৰু শান্তিপূৰ্ণভাৱে পৰিচালনা কৰাৰ বাবে ইয়াৰ সৈতে জড়িত বিষয়া-কৰ্মচাৰীসকলক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছে।

ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত(Social media platform X) মুখ্যমন্ত্ৰীগৰাকীয়ে চৰকাৰৰ কৰ্মশক্তিয়ে কোনো ধৰণৰ জটিলতা নোহোৱাকৈ এই উল্লেখযোগ্য পৰীক্ষা দক্ষতাৰে পৰিচালনা কৰাৰ বাবে বিষয়া-কৰ্মচাৰীসকলক প্ৰশংসা কৰে।

মুখ্যমন্ত্ৰীগৰাকীয়ে পৰীক্ষা শান্তিপূৰ্ণভাৱে সম্পন্ন হোৱাৰ কথাটোকে এক কৃতিত্ব বুলি উল্লেখ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় “প্ৰথম এডিআৰই পৰীক্ষা(ADRE) শান্তিপূৰ্ণভাৱে সমাপ্ত হৈছে। কোনো সমস্যা নোহোৱাকৈ এই কাম সফলতাৰে সম্পূৰ্ণ কৰা অসম চৰকাৰৰ সকলো বিষয়া-কৰ্মচাৰীলৈ মোৰ গভীৰ কৃতজ্ঞতা জনাইছোঁ।”

অসমৰ যুৱক-যুৱতীসকলৰ প্ৰতি থকা নিজৰ দায়বদ্ধতাৰ কথা পুনৰবাৰ উল্লেখ কৰি তেওঁ ৰাজ্যৰ চাকৰি প্ৰত্যাশীসকলক দুৰ্নীতিমুক্ত আৰু ন্যায্য প্ৰক্ৰিয়াৰে পৰিচালিত পৰীক্ষাৰ প্ৰতিশ্ৰুতি দিয়ে(Recruitment examinations) ।

উল্লেখ্য যে, তৃতীয় বৰ্গৰ(Grade III posts) ৩১২৭ টা পদৰ বিপৰীতে এই নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ হৈছিল এঘাৰ লক্ষাধিক প্ৰাৰ্থীয়ে। উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষাত ৰাজ্যৰ ২৮ খন জিলাৰ ২,৩০৫ টা কেন্দ্ৰত অনুষ্ঠিত কৰা হয় । পুৱা ১০:৩০ বজাৰ পৰা আৰম্ভ হয় এই পৰীক্ষা(Higher Secondary level Grade III posts) । পৰীক্ষাত অৱতীৰ্ণ প্ৰাৰ্থীৰ সংখ্যা আছিল ১১,২৩,২০৪ গৰাকী ।

লগতে পঢ়ক: Assam recruitment exam: ৰাজ্যত অনুষ্ঠিত হ’ল সৰ্ববৃহৎ নিযুক্তি পৰীক্ষা, ৩১২৭ টা পদৰ বিপৰীতে প্ৰার্থী ১১ লক্ষাধিক

Comments are closed.