Breaking

BJP Involvement in Online Scam: অনলাইন কেলেংকাৰিত বিজেপিৰ কোনো জড়িত নাই, সেয়ে আমি তদন্তৰ ভাৰ চিবিআইক দিব পাৰিছোঃ মন্ত্ৰী হাজৰিকা

29

বিজেপিৰ কোনোবা অনলাইন কেলেংকাৰিত জড়িত থাকিলে তদন্তৰ দায়িত্ব চিবিআইক দিয়ে নেকি ? বিজেপিৰ কোনো লোক ইয়াত জড়িত নাই(BJP Involvement in Online Scam)। গতিকে আমি অত্যন্ত দৃঢ়তাৰে এই কেলেংকাৰিৰ তদন্তৰ ভাৰ চিবিআইক দিব পাৰিছো বুলি কলে মন্ত্ৰী পীযুষ হাজৰিকাই(Assam Minister Pijush Hazarika) ।

গুৱাহাটী, ১৬ ছেপ্টেম্বৰঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী(Prime Minister Narendra Modi) আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা(Chief Minister Dr. Himanta Biswa Sarma)ৰ নেতৃত্বত অসমত বিজেপি দল অত্যন্ত শক্তিশালী । ৰাইজে বিজেপি দলক ভাল পায় । সেইবাবে প্ৰত্যেক দিনাই অসমত ২ লাখৰো অধিক লোকে বিজেপি দলৰ সদস্যপদ গ্ৰহণ কৰি আছে। এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰিকাৰ। (BJP Involvement in Online Scam)

বিহালীৰ উপ-নিৰ্বাচন সন্দৰ্ভত মন্তব্য কৰি মন্ত্ৰী হাজৰিকাই কয়- বিহালীত উপ-নিৰ্বাচন হ’ব(Upcoming by-elections)। সেইমৰ্মে দলে মোক বিহালী সমষ্টিৰ দায়িত্ব দিছে। সেয়ে মাজে মাজে আহি আছো। আমি আমি বিহালী ডিগ্ৰী কলেজৰ শিক্ষাৰ্থীসকলৰ সৈতে মত অন্তৰংগ আলাপ কৰিলো। বৰ ভাল লাগিল। লগতে আমি যি চাৰিটা জিলা পৰিষদ আছে তাৰ অন্তৰ্গত পঞ্চায়তসমূহত সমিতি তৈয়াৰ কৰি দিছো।

মন্ত্ৰী হাজৰিকাই কয়- প্ৰতিদিনে কমেও ২ লাখকৈ লোকে বিজেপিৰ সদস্যপদ গ্ৰহণ কৰিছে(Bharatiya Janata Party)। এয়া কোনো সৰু কথা নহয়। বিহালীতো ইয়াৰ ব্যতিক্ৰম ঘটা নাই। মানুহ এজনে এনেয়ে ঘৰত বহিয়েই বিজেপিৰ সদস্য পদ লোৱা নাই। ইয়াৰ বাবে মানুহ এজন অন্তঃকৰণেৰে দলটোক ভাল পাব লাগিব। এটা নিৰ্দিষ্ট প্ৰক্ৰিয়াৰে মানুহ এজনে বিজেপিৰ সদস্য পদ ল’ব লাগে।

অনলাইন ট্ৰেডিং কেলেংকাৰি সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মন্ত্ৰী হাজৰিকাই কয়- বিজেপিৰ কোনোবা ইয়াত জড়িত থাকিলে তদন্তৰ দায়িত্ব চিবিআইক(Central Bureau of Investigation) দিয়ে নেকি? বিজেপিৰ কোনো লোক ইয়াত জড়িত নাই। গতিকে আমি অত্যন্ত দৃঢ়তাৰে এই কেলেংকাৰিৰ তদন্তৰ ভাৰ চিবিআইক দিব পাৰিছো বুলিও মন্ত্ৰী পীযুষ হাজৰিকাই সাংবাদিকৰ আগত প্ৰকাশ কৰে ।

Comments are closed.