Breaking

39th Chakradhar Samaroh: ছত্তিশগড়ৰ ‘চক্ৰধৰ সমাৰোহ’ত বিছমিল্লা খাঁ যুৱ বঁটা প্রাপক অসমৰ মৃদুস্মিতা দাস বৰাৰ সত্ৰীয়া নৃত্য প্রদর্শন

14

গণেশ চতুর্থীৰ পবিত্ৰ দিনটোত ৰায়গড়ৰ ৰামলীলা ময়দানত ১০ দিনীয়াকৈ ৩৯ সংখ্যক চক্ৰধৰ সমৰোহত অসমৰ সত্ৰীয়া নৃত্য প্রদর্শনৰ বাবে আমন্ত্ৰিত হয় সংগীত নাটক অকাডেমীৰ ওস্তাদ বিচমিল্লা খাঁ যুৱ পুৰস্কাৰৰে বিভূষিত মৃদুস্মিতা দাস।(Assam’s Mridusmita Das Bora’s 39th Chakradhar Samaroh Showcases Magnificent Sattriya Nritya)

গুৱাহাটী ,১৬ ছেপ্টেম্বৰ : বিশিষ্ট সংগীতজ্ঞ, নৃত্য বিশাৰদ মহাৰজা চক্ৰধৰ সিংহৰ সোঁৱৰণত ছত্তিশগড়ৰ ৰায়গড়ত উদযাপিত হৈ আহিছে বাৰেৰহণীয়া কলা-সংস্কৃতিৰে সমৃদ্ধ দেশৰ ভিতৰতে প্রসিদ্ধ চক্ৰধৰ সমৰোহ। গণেশ চতুর্থীৰ পবিত্ৰ দিনটোত ৰায়গড়ৰ ৰামলীলা ময়দানত ১০ দিনীয়াকৈ ৩৯ সংখ্যক চক্ৰধৰ সমৰোহত ৰাজ্যখনৰ বিশিষ্ট শিল্পীসকলৰ লগতে ৰাষ্ট্ৰীয় বা অন্তৰাষ্ট্ৰীয় স্তৰৰ স্বনামধন্য পদ্ম বিভূষন, পদ্মশ্রী খ্যাত বিভিন্ন কলা-সংস্কৃতিৰ ক্ষেত্ৰত পাৰদৰ্শিতা দেখুওৱা মহান শিল্পী সকলে প্রদর্শন কৰে তেওঁলোকৰ কলাকীর্তি।(Assam’s Mridusmita Das Bora’s 39th Chakradhar Samaroh Showcases Magnificent Sattriya Nritya)

সমাৰোহত ভাৰত নাট্যম, কথক, মোহিনী আট্টম, কুচিপুড়ি, মণিপুৰী, ওডিচি, নৃত্যৰ বিশিষ্ট শিল্পী সকলৰ উপৰিও এইবাৰ অসমৰ সত্রীয়া নৃত্যক পোন প্রথম বাৰৰ বাবে প্ৰদৰ্শিত হোৱাৰ লগতে লোক সংগীত আৰু বাদ্যযন্ত্রী বিশাৰদ সকলেও প্রস্তুত কৰিব তেঁওলোকৰ গায়ন আৰু বায়ন শৈলী। (39th Chakradhar Samaroh)

অসমৰ বিহুৱেও এইবাৰ সমাৰোহত প্ৰথম বাৰৰ বাবে স্থান পোৱাটো অসমীয়াৰ বাবে গৌৰৱৰ বিষয়। অসমৰ কৃষ্টি প্ৰদৰ্শনৰ বাট মোকলাই দিয়াৰ বাবে ছত্তীশগড় ৰাজ্যত কৰ্মৰত অসমৰ সু- সন্তান, আই এ এছ বিষয়া সোণমণি বৰা ধন্যবাদৰ পাত্ৰ। তেওঁৰ প্ৰচেষ্টাতে এনে মহান অনষ্ঠানত অসমৰ সংস্কৃতিয়ে স্থান পোৱাটো অসমীয়াৰ বাবে গৌৰৱৰ বিষয়। অসমৰ সত্ৰীয়া নৃত্য প্রদর্শনৰ বাবে আমন্ত্ৰিত হয় সংগীত নাটক অকাডেমীৰ ওস্তাদ বিচমিল্লা খাঁ যুৱ পুৰস্কাৰৰে বিভূষিত মৃদুস্মিতা দাস।(Mridusmita Das Bora)

তেওঁক সহযোগ কৰিছে আন এগৰাকী নিপুণ সত্ৰীয়া নৃত্য শিল্পী ৰাজীৱ দাসে। তেওঁলোক দুয়োরে ১৩ ছেপ্টেম্বৰ দিনা সন্ধিয়া প্ৰায় ৪০ মিনিট সময় নান্দনিক ৰূপত প্ৰদৰ্শন কৰা সত্ৰীয়া নৃত্যই ৰসিক দর্শকসকলক সন্মোহিত কৰি ৰাখে। জাউৰিয়ে জাউৰিয়ে হাত চাপৰি বজাই শিল্পী দুগৰাকীৰ নৃত্য প্রতিভাক দর্শক শ্রোতাই সন্মান জনোৱাটো অসমৰ সত্ৰীয়া নৃত্যশৈলীৰ বাবে নিশ্চয় গৌৰৱ আৰু আনন্দৰ বিষয়।

এইবাৰৰ সমাৰোহত অংশগ্ৰহণ কৰা বিশিষ্ট শিল্পীসকলৰ ভিতৰত নৃত্য পটিয়সী তথা সাংসদ হেমা মালিনী, কবি কুমাৰ বিশ্বাস, পদ্মশ্রী দেবযানী, মীনাক্ষী শেষাদ্রী, ভূপেন্দ্ৰ বেৰধ, পূর্ণাশ্রী বার্ডত, দ্বীপান্বিতা সৰকাৰ, পদ্মশ্ৰী ৰঞ্জনা গৌহৰ, ৰাকেশ চৌৰচিয়া, তপচিৰ মহম্মদ, ৰাহুল শর্মা ইত্যাদি। এনে এক মহান সমাৰোহত দৃষ্টিনন্দন সত্ৰীয়া নৃত্য প্ৰদৰ্শন কৰি অসমীয়া সাংস্কৃতিক ক্ষেত্ৰখনক গৌৰৱান্বিত কৰা বাবে মৃদুস্মিতা দাস বৰা প্রশংসাৰ পাত্ৰ।

Comments are closed.