Breaking

Gauhati Collegeউত্তৰ গুৱাহাটী মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিৰ মইমতালি

21

Out of principle towards appointment of college principal নীতিবহিৰ্ভুতভাবে মহাবিদ্যালয়ৰ অধ্যক্ষ নিযুক্তিৰ দিশে । কাৰাগাৰত সোমোৱা অপৰাধীক অধ্যক্ষ নিযুক্তিৰ কুচকাৱাজ। মুখ্য মন্ত্ৰীৰ সমষ্টিৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান ঐতিহ্যমণ্ডিত উত্তৰ গুৱাহাটী মহাবিদ্যালয়ৰ অচলাবস্থা দূৰ কৰিবলৈ অচিৰেই দুৰ্নীতিপৰায়ন পৰিচালনা সমিতি ভংগ কৰি দায়িত্বশীল স্বচ্ছ মহাবিদ্যালয় পৰিচালনা সমিতি গঠনৰ বাবে Concerned quarters have sought the chief minister’s intervention.

North Guwahati College ঐতিহ্যমণ্ডিত উত্তৰ গুৱাহাটী মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ College Managing Committee সভাপতিৰ মইমতালিৰ বাবেই মহাবিদ্যালয়খন সৰ্বতো প্ৰকাৰে ধ্বংসৰ দিশে গতি কৰাৰ অভিযোগ আনিছে মহাবিদ্যালয়ৰ একাংশ অধ্যাপক তথা কৰ্মচাৰীয়ে । মহাবিদ্যালয় খনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ প্ৰভাত চন্দ্ৰ শৰ্মাৰ কায্যনিৰ্বাহৰ সময়তে এজন স্থায়ী অধ্যক্ষ নিযুক্তিৰ বাবে পৰিচালনা সমিতিয়ে অলপতে বিজ্ঞাপন দিয়ে । মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ড• কুকিল বৰুৱাই নীতি বহিৰ্ভূতভাবে প্ৰাৰ্থী বাচনি সমিতি গঠন কৰি নিজ ঘৰতে প্ৰাৰ্থীৰ আবেদন পত্ৰ ৰাখি অবৈধ নিযুক্তিৰ দিশে আগবঢ়া বুলি একাংশই অভিযোগ কৰিছে ।প্ৰাপ্ত খবৰ অনুসৰি, উত্তৰ গুৱাহাটী মহাবিদ্যালয়ৰ অধ্যাপক ড• টাইজুদ্দন আহমেদক অধ্যক্ষ নিযুক্তি দি ড• কুকিল বৰুৱাই এক লবী সৃষ্টিৰে মহাবিদ্যালয়ৰ আন্ত:গাঠনি উন্নয়নৰ পূজি সৰকোৱাৰ ফন্দি কৰাৰ অভিযোগ । যি গৰাকী অধ্যাপক টাইজুদ্দিন আহমেদৰ বিৰুদ্ধে উগ্ৰপন্থী সংগঠনেৰে যোগসূত্ৰ ৰখাৰ অভিযোগত ২০০৫ চনৰ ১২জুন তাৰিখে অধ্যাপক টাইজুদ্দিন আহেমদক গ্ৰেপ্তাৰ কৰি, জালুকবাৰী আৰক্ষীয়ে তিনি দিন আৰক্ষীৰ জিম্মাত ৰাখি তদন্তৰ অন্তত কাৰাগাৰালৈ প্ৰেৰণ কৰাৰ গুৰুতৰ অভিযোগ আনিছে মহাবিদ্যালয়ৰ একাংশ শিক্ষকে । সেই অভিযোগতে ১২জুনৰ পৰা ২৯জুনলৈ ১৮ দিন ড• টাইজুদ্দিন আহমেদ কাৰাগাৰত কটোৱাৰ তথ্যভিত্তিক অভিযোগ কৰিছে । সেই সময়ত মহাবিদ্যালয় পৰিচালনা সমিতিৰ শিক্ষক গোটৰ সদস্য আছিল ড• কুকিল বৰুৱা। অধ্যাপক ড• কুকিল বৰুৱাৰ সতে থকা তাইজুদ্দিন আহমেদৰ মধুৰ সম্পৰ্কৰ বাবেই কাৰাগাৰত সোমোৱা তাইজুদ্দিন আহমেদ মহাবিদ্যালয়ৰ চাকৰিৰ পৰা নিলম্বন হোৱাৰ পৰা হাত সাৰিছিল । ইফালে এক আৰ টি আই তথ্য According to another RTI reportঅনুযায়ী তদানিন্তন মহাবিদ্যালয় অধ্যক্ষ সৰ্বানন্দ দাসক বিতৰ্কিত অধ্যাপক তাইজুদ্দিন আহমেদে ভয় ভাবুকি দি মহাবিদ্যালয় পৰিচালনা সমিতিৰ সিদ্ধান্ত সলনি কৰিবলৈ বাধ্য কৰোৱাইছিল । যাৰ ফলত ১৮ দিন কাৰাবাস খটা অধ্যাপক তাইজুদ্দিন আহমেদ নিলম্বনৰ পৰা হাত সাৰিছিল । তথ্য অনুসৰি সেই সময়ত তাইজুদ্দিন আহমেদে বেআইনীভাবে উত্তৰ গুৱাহাটী মহাবিদ্যালয়ৰ উপৰিও বকো বি এড কলেজ( দুটাকৈ শিক্ষানুষ্ঠানত )কাম কৰি চৰকাৰী ধন সৰকাইছিল । তদুপৰি ড • তাইজুদ্দিন আহমেদে সামাজিক দায়বদ্ধতা আঁচণিৰ দোহাই বিশেষভাবে সক্ষম এজন লোকক সহায় কৰা দেখুৱাই তথ্য জালিয়াতিৰে বাৰ্ষিক আয়কৰ ৫২ হাজাৰ টকা ৰেহাই পাবলৈ সক্ষম হৈছিল । একেখন প্ৰমাণ পত্ৰকে কেইবাবাৰো জালিয়াতিৰে দাখিল কৰি আয়কৰ বিভাগকো ফাঁকি দি অহাৰ তথ্য সদৰি কৰিছেCollege Managing Committee President’s Maamtali । মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ড•কুকিল বৰুৱাই দুবছৰ পুৰ্বে অনৈতিক পন্থাৰে মহাবিদ্যালয় খনত নিযুক্তি প্ৰক্ৰিয়াটো বক্ৰ পথ লোৱাৰ অভিযোগ উঠিছিল । মহাবিদ্যালয়ত কেজুৱেল (সামিয়ক) সাত কৰ্মচাৰীক ছাটাই কৰি ধনৰ বিনিময়ত প্ৰাৰ্থী নিযুক্তিকলৈ শ্ৰম আয়োগৰ কাষ চাপিছিল কৰ্মচাৰী কেইজন। উল্লেখ্য যে ড• কুকিল বৰুৱাই উত্তৰ গুৱাহাটী মহাবিদ্যালয়ৰ পৰা অবসৰ লৈ এবছৰৰ ভিতৰতে মহাবিদ্যালয় পৰিচালনা সমিতিৰ অধ্যক্ষ পদত অধীস্থিত হয় । যিটো বিশ্ববিদ্যালয় বিশ্ব বিদ্যালয় অনুদান আয়োগ ( UGC)ৰ নীতিবহিৰ্ভূত হয় । ইউ জি চিৰ নিয়ম অনুসৰি অৱসৰৰ পাঁচ বছৰ”নোহোৱাকৈ মহাবিদ্যালয় পৰিচালনা সমিতিৰ অধ্যক্ষ হব”নোৱাৰে । এই বিষয়ত শ্ৰম আয়োগৰ কাষ চপাত, শ্ৰম আয়ুক্তই শুনানীৰ বাবে কেইবাবাৰো জাননী জাৰি কৰে যদিও মহাবিদ্যায় পৰিচালনা সমিতিয়ে সহযোগ নকৰে । এই কায্যকালত শৈক্ষিক পৰিবেশ বিনষ্টৰ লগতে মহাবিদ্যালয়লৈ আবণ্টিত ধনৰো সিংহভাগ হৰলুকি হোৱাত মহাবিদ্যালয় খন দুৰবস্থাৰ দিশে গতি কৰিছে । বিগত চাৰি বছৰে উত্তৰ গুৱাহাটী মহাবিদ্যালয় চৌহদ পানীত ডুব”গৈ থকাত পাঠদানকে ধৰি যাবতীয় সকলো দিশতে বাধাগ্ৰস্ত হৈ পৰিছে । মুখ্য মন্ত্ৰীৰ সমষ্টিৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান ঐতিহ্যমণ্ডিত উত্তৰ গুৱাহাটী মহাবিদ্যালয়ৰ অচলাবস্থা দূৰ কৰিবলৈ অচিৰেই দুৰ্নীতিপৰায়ন পৰিচালনা সমিতি ভংগ কৰি দায়িত্বশীল স্বচ্ছ মহাবিদ্যালয় পৰিচালনা সমিতি গঠনৰ বাবে Concerned quarters have sought the chief minister’s intervention. মুখ্য মন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে সচেতন মহলেবাক্সাৰ ১০০ কোটিটকীয়া ট্ৰেডিং কেলেংকাৰীৰ মাষ্টাৰমাইণ্ড দীপাংকৰ ভট্টক মাৰাথন জেৰা

Comments are closed.