Breaking

NASA Asteroid Alert: পৃথিৱীৰ কাষেৰে পাৰ হৈ যাব দুখন ক্ৰিকেট খেলপথাৰৰ আকৃতিৰ গ্ৰহাণুৱে, সষ্টম নাছাৰ বিজ্ঞানী

33

এক বিৰল মহাজাতগিক পৰিঘটনা সংঘটিত হ’ব মহাকাশত৷ প্ৰায় ৭২০ ফুট ব্যাসৰ এটা গ্ৰহাণুৱে পৃথিৱীৰ পৰা ৯৯৭,৭৯৩ কিলোমিটাৰ দূৰত্বৰে পাৰহৈ যাব৷ বিজ্ঞানীসকলে অনুমাণ কৰা অনুসৰি গ্ৰহাণুটোৰ গতিবেগ ঘণ্টাত ৪০,২৩৩ কিলোমিটাৰ ৷ (Asteroid, twice the size of a cricket ground, to safely pass earth)

দৈনন্দিন বাৰ্তা, ১৬ ছেপ্টেম্বৰঃ এক বিৰল মহাজাতগিক পৰিঘটনা সংঘটিত হ’ব মহাকাশত ৷ প্ৰায় ৭২০ ফুট ব্যাসৰ এটা গ্ৰহাণুৱে পৃথিৱীৰ পৰা ৯৯৭,৭৯৩ কিলোমিটাৰ দূৰত্বৰে পাৰহৈ যাব৷ বিজ্ঞানীসকলে অনুমাণ কৰা অনুসৰি গ্ৰহাণুটোৰ গতিবেগ ঘণ্টাত ৪০,২৩৩ কিলোমিটাৰ ৷ NASA Asteroid Alert

১৭ ছেপ্টেম্বৰত এই গ্ৰহাণুটোৱে পৃথিৱীৰ আটাইতকৈ ওচৰত অৱস্থান কৰিব৷ শেহতীয়াকৈ ২৭ জুলাইত এটলাছ স্কাই চাৰ্ভেই অন নামৰ গ্ৰহাণুটো আৱিষ্কাৰ কৰিছিল৷ এই মহাকাশৰ পৰিঘটনা ১৫ ছেপ্টেম্বৰৰ পৰাই সংঘটিত হৈছে আৰু নাছাৰ পৃথিৱীৰ ওচৰৰ বস্তু পৰ্যবেক্ষণ কাৰ্যসূচীয়ে কেলিফৰ্ণিয়াৰ পাছাডেনাত অৱস্থিত জেট প্ৰপালচন লেবৰেটৰী [জেপিএল]ৰ জৰিয়তে এই পৰিঘটনাৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে৷ (NASA)

নাছাৰ বিজ্ঞানীসকলে গ্ৰাণুটোৰ গঠন বুজিবলৈ আৰু ইয়াক অধ্যয়ন কৰিবলৈ অপটিকেল টেলিস্কোপ ব্যৱহাৰ কৰিছে৷ নাছাৰ এগৰাকী বিজ্ঞানীয়ে কয় যে তেওঁলোকৰ গ্ৰহ প্ৰতিৰক্ষা সমন্বয় কাৰ্যালয় [পিডিচিঅ’]ও প্ৰয়োজন হ’লে মহাকাশৰ এই গ্ৰহাণুটোক অনুসৰণ কৰি আছে আৰু প্ৰয়োজনত ইয়াক ইয়াৰ গতিপথৰ পৰা বিচু্যত কৰিবলৈও সাজু হৈ আছে৷

জে পি এল চেণ্টাৰ ফৰ নিয়াৰ-আৰ্থ অবজে” ষ্টাডিজৰ [চি এন ই অ’ এছ] এক প্ৰতিবেদন অনুসৰি প্ৰতি ১০ বছৰৰ মূৰে মূৰে এবাৰ এনে ধৰণৰ গ্ৰহাণু পৃথিৱীৰ কাষ চাপি আহে৷ অৱশ্যে অন নামৰ এই গ্ৰহাণুটোৱে পৃথিৱীত খুন্দা মৰাৰ সম্ভাৱনা তেনেই ক্ষীণ বুলি বিজ্ঞানীসকলে কৈছে৷

Comments are closed.