Breaking

PM Narendra Modi birthday 2024: আজি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ওপজা দিন

18

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৭৪ বছৰ সম্পূৰ্ণ কৰিলে। আনহাতে নৰেন্দ্ৰ মোদীৰ জন্মদিনত উপহাৰ নিলাম কৰা হ’ব। প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিনত আৰম্ভ হোৱা এই ই-নিলামৰ অন্ত পৰিব ২ অক্টোবৰত।(Today is prime minister Narendra Modi’s birthday)

আজি দেশ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ওপজা দিন। আজি ৭৪ বছৰ সম্পূৰ্ণ হ’ল দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ। মোদীৰ জন্মদিন উপলক্ষে আজি বিজেপিয়ে আৰম্ভ কৰিছে স্বচ্ছতা পাখোৱাড়া কাৰ্যসূচী। (Today is prime minister Narendra Modi’s birthday)২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ ফলাফলৰ পিছত একেৰাহে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিছে নৰেন্দ্ৰ মোদীয়ে। পণ্ডিত নেহৰুৰ পিছত এই কৃতিত্ব অৰ্জন কৰা প্ৰথমজন নেতা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ১৯৬২ চনৰ পিছত প্ৰথমবাৰৰ বাবে চৰকাৰৰ দুটা কাৰ্যকাল সম্পূৰ্ণ কৰি তৃতীয়বাৰৰ বাবে পুনৰ ক্ষমতালৈ আহিছে মোদী।

৭৪ সংখ্যক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনত আৰম্ভ হৈছে উপহাৰৰ নিলাম প্ৰক্ৰিয়া।(Auction)আজিৰে পৰা আৰম্ভ তেওঁৰ শ শ উপহাৰৰ নিলাম প্ৰক্ৰিয়া। ইয়াৰ ভিতৰত আছে ৬০০ টকাৰ পৰা প্ৰায় ৯ লাখ টকালৈকে উপহাৰ।ৰাম মন্দিৰৰ প্ৰতিৰূপ, ৰূপালী বীনা, পেৰালিম্পিক পদক বিজয়ীসকলৰ জোতাকে ধৰি প্ৰধানমন্ত্ৰীয়ে লাভ কৰা বহু উপহাৰ আৰু স্মৃতিগ্ৰন্থৰ নিলাম প্ৰক্ৰিয়া আজিৰে পৰা আৰম্ভ হৈছে।(Auction Of PM Modi’s Gifts Starts Today)

এইবাৰ বিগত এবছৰত প্ৰধানমন্ত্ৰী মোদীয়ে উপহাৰ হিচাপে লাভ কৰা প্ৰায় ৬০০ সামগ্ৰী নিলাম কৰা হ’ব। যিবোৰ বস্তুৰ ভিত্তি মূল্য সৰ্বাধিক ৰখা হৈছে সেইবোৰৰ ভিতৰত আছে পেৰালিম্পিক ব্ৰঞ্জৰ পদক বিজয়ী নিত্য শ্ৰী শিৱন আৰু সুকান্ত কদমৰ বেডমিণ্টন ৰেকেট, আৰু ৰূপৰ পদক বিজয়ী যোগেশ খাতুনিয়াৰ ‘ডিস্কাছ’। তেওঁলোকৰ ভিত্তি মূল্য প্ৰায় ৫.৫০ লাখ টকা নিৰ্ধাৰণ কৰা হৈছে।

পেৰালিম্পিকৰ ব্ৰঞ্জৰ পদক বিজয়ী অজিত সিং, ছিমৰন শৰ্মা আৰু ৰূপৰ পদক বিজয়ী নিশাদ কুমাৰে উপহাৰ দিয়া জোতাৰ উপৰিও ৰূপৰ পদক বিজয়ী শৰদ কুমাৰে স্বাক্ষৰ কৰা টুপিৰ ভিত্তি মূল্য প্ৰায় ২.৮৬ লাখ টকা ৰখা হৈছে।

৫.৫০ লাখ টকাৰ ৰাম মন্দিৰৰ প্ৰতিৰূপ, ৩.৩০ লাখ টকাৰ ময়ুৰৰ মূৰ্তি, ২.৭৬ লাখ টকাৰ ৰাম দৰবাৰৰ প্ৰতিমূৰ্তি আৰু ১.৬৫ লাখ টকাৰ ৰূপালী বীনা আদিৰ ভিতৰত আছে।

আটাইতকৈ কম ভিত্তি মূল্যৰ উপহাৰৰ ভিতৰত আছে কপাহী অংগবস্ত্ৰ, কেপ আৰু চাদৰ, যাৰ মূল্য ৬০০ টকা। ১৭ ছেপ্টেম্বৰৰ পৰা প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিনৰ পৰা আৰম্ভ হৈছে আৰু ২ অক্টোবৰত সমাপ্ত হ’ব এই নিলাম।

Comments are closed.