Breaking

Delhi CM: অৰবিন্দ কেজৰিৱালে কিয় আতিশীক দিল্লীৰ নতুন মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰিলে

32

দিল্লীৰ শিক্ষামন্ত্ৰী আতিশী এতিয়া দিল্লীৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ’ব। আজি তেওঁ বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত হয়। অৱশ্যে এই সিদ্ধান্তত আটাইতকৈ ডাঙৰ ভূমিকা পালন কৰিছিল মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। আম আদমি পাৰ্টিৰ অন্যতম প্ৰতিষ্ঠাপক সদস্য আতিশী। ২০১৩ চনত আম আদমী পাৰ্টিয়ে যেতিয়া প্ৰথম ইস্তাহাৰৰ খচৰা প্ৰকাশ কৰিছিল, তেতিয়া আতিশিকো তাত স্থান দিয়া হৈছিল।(why Arvind Kejriwal picks Atishi as new Delhi CM)

দিল্লীৰ শিক্ষামন্ত্ৰী আতিশী এতিয়া দিল্লীৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ’ব। আজি তেওঁ বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত হয়। অৱশ্যে এই সিদ্ধান্তত আটাইতকৈ ডাঙৰ ভূমিকা পালন কৰিছিল মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। আম আদমি পাৰ্টিৰ অন্যতম প্ৰতিষ্ঠাপক সদস্য আতিশী। ২০১৩ চনত আম আদমী পাৰ্টিয়ে যেতিয়া প্ৰথম ইস্তাহাৰৰ খচৰা প্ৰকাশ কৰিছিল, তেতিয়া আতিশিকো তাত স্থান দিয়া হৈছিল।(why Arvind Kejriwal picks Atishi as new Delhi CM) বৰ্তমানৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে সন্ধিয়া পদত্যাগ কৰাৰ পূৰ্বে আতিশীক উত্তৰাধিকাৰী হিচাপে বাছি লৈছিল। ইয়াৰ বাবে বিধায়িনী দলৰ এখন সভা আহ্বান কৰি কেজৰিৱালে আতিশীৰ নাম প্ৰস্তাৱ কৰে। সকলোৱে তেওঁৰ কথাত সমৰ্থন কৰিছিল।

দিল্লীবাসীয়ে সুষমা স্বৰাজ আৰু শীলা দীক্ষিতৰ পিছত তৃতীয়গৰাকী মহিলা মুখ্যমন্ত্ৰী পাব। কেজৰিৱালে জামিনত জেলৰ পৰা ওলাই অহাৰ পাছতে পদত্যাগৰ কথা ঘোষণা কৰিছিল। আজি বিয়লি অৰবিন্দ কেজৰিৱালে ৰাষ্ট্ৰপতিৰ হাতত দাখিল কৰিব পদত্যাগ পত্ৰ।(AAP)

আতিশী দিল্লী চৰকাৰৰ আটাইতকৈ শক্তিশালী মন্ত্ৰী। কেজৰিৱাল আৰু তেওঁৰ ছিছ’দিয়া জেললৈ যোৱাৰ পিছত তেওঁ পূৰ্ণ শক্তিৰে দলৰ দায়িত্ব ল’লে। আতিশীৰ বয়স হৈছে ৪৩ বছৰ।(Atishi Marlena Singh)

দিল্লীত এগৰাকী এজন সফল মন্ত্ৰী হিচাপে স্বীকৃতি লাভ কৰিছে আতিশীয়ে। বৰ্তমান আতিশিয়ে ১০টাতকৈও অধিক মন্ত্ৰালয়ৰ দায়িত্ব চোৱাচিতা কৰি আছে। এতিয়া স্পষ্ট হৈ পৰিছে যে আগন্তুক নিৰ্বাচনলৈকে তেওঁ দিল্লীৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব ল’ব।

দেওবাৰে কেজৰিৱালে মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰাৰ সিদ্ধান্ত ঘোষণা কৰিছিল। তেওঁ কৈছিল যে তেওঁ মুখ্যমন্ত্ৰীৰ চকীত বহিব যেতিয়া মানুহে তেওঁক ‘সততাৰ প্ৰমাণ পত্ৰ’ দিব। আতিশী দল আৰু চৰকাৰৰ মূল মুখ আৰু বিত্ত, শিক্ষা আৰু পি ডব্লিউ ডি (ৰাজহুৱা কাম বিভাগ)কে ধৰি বহু বিভাগ চম্ভালি আছে।

১৯৮১ চনৰ ৮ জুনত জন্মগ্ৰহণ কৰা আতিশীয়ে দিল্লীৰ স্প্ৰিংডেল স্কুলৰ পৰা অধ্যয়ন কৰিছিল। ছেইণ্ট ষ্টিফেন কলেজৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰিছিল তেওঁ। ইয়াৰ পিছত তেওঁ চিভেনিং বৃত্তিৰে অক্সফৰ্ড বিশ্ববিদ্যালয়ত অধ্যয়ন কৰে। তাতেই তেওঁ দ্বিতীয় স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।

Comments are closed.