Breaking

Cabinet approves Pm’s Tribal Advanced Gram Abhiyanপ্ৰধান মন্ত্ৰী জনজাতীয় উন্নত গ্ৰাম অভিযানত কেবিনেটৰ অনুমোদন

29


এই অভিযানৰ লক্ষ্য হৈছে ৭৯,১৫৬ কোটি টকাৰ বাজেটেৰে আকাংক্ষী জিলাসমূহৰ ৬৩,০০০ ৰো অধিক জনজাতীয় অধ্যুষিত গাঁৱক সামৰি লোৱা।

Cabinet approves প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে জনজাতীয়-অধ্যুষিত গাঁও আৰু আকাংক্ষী জিলাসমূহৰ জনজাতীয় পৰিয়ালৰ বাবে চেচুৰেচন ক’ভাৰেজ অভিযোজনাৰে জনজাতীয়া সমাজখনৰ আৰ্থ-সামাজিক অৱস্থাৰ অগ্ৰগতি সাধনৰ অৰ্থে মুঠ ৭৯,১৫৬ কোটি টকা (কেন্দ্ৰীয় অংশঃ ৫৬,৩৩৩ কোটি টকা আৰু ৰাজ্যিক অংশঃ ২২,৮২৩ কোটি টকা) ব্যয় সাপেক্ষে প্ৰধানমন্ত্ৰী জনজাতীয় উন্নত গ্ৰাম অভিযানত অনুমোদন জনায়।

ইয়াৰদ্বাৰা ২০২৪-২৫ৰ বাজেট ভাষণৰ ঘোষণা অনুসৰি ৫ কোটিৰো অধিক জনজাতীয় লোকক উপকৃতকৰণেৰে প্ৰায় ৬৩,০০০ গাঁৱক সামৰি লোৱা হ’ব। এই অভিযানে ৩০ খন ৰাজ্য / কেন্দ্ৰীয় শাসিত অঞ্চলৰ সকলো জনজাতীয় অধ্যুষিত গাঁও তথা ৫৪৯ খন জিলা আৰু ২,৭৪০ টা ব্লকক সামৰি ল’ব।

২০১১ৰ লোকপিয়ল অনুসৰি, ভাৰতৰ এছটি (অনুসূচিত জনজাতি) জনসংখ্যা ১০.৪৫ কোটি আৰু দেশজুৰি ৭০৫ ৰো অধিক জনজাতীয় সমাজ আছে। তেওঁলোকে প্ৰত্যন্ত আৰু দুৰ্গম অঞ্চলসমূহত বসবাস কৰে। প্ৰধানমন্ত্ৰী জনজাতীয় উন্নত গ্ৰাম অভিযানে ভাৰত চৰকাৰৰ ভিন্ন আঁচনিৰ জৰিয়তে সামাজিক আন্তঃগাঁথনি, স্বাস্থ্য, শিক্ষা, জীৱিকাৰ দৰে গুৰুত্বপূৰ্ণ ব্যৱধানসমূহ চেচুৰেচনৰ পৰিকল্পনা কৰিছে। ইয়াৰ জৰিয়তে PMJANMAN (প্ৰধানমন্ত্ৰী জনজাতি আদিবাসী ন্যায় মহা অভিযান)ৰ শিক্ষণ আৰু সফলতাৰ ভিত্তিত জনজাতীয় অঞ্চল আৰু সমাজসমূহৰ সামগ্ৰিক আৰু বহনক্ষম উন্নয়ন নিশ্চিত হ’ব।

এই অভিযানত ২৫ টা মধ্যৱৰ্তিতা গ্ৰহণ কৰা হ’ব আৰু ১৭-টা সংশ্লিষ্ট মন্ত্ৰালয়ে এইসমূহ কাৰ্য্যকৰী কৰিব। প্ৰতিটো মন্ত্ৰালয়/বিভাগে নিম্নোক্ত লক্ষ্যসমূহত উপনীত হ’বলৈ অহা ৫ বছৰত অনুসূচিত জনজাতিৰ বাবে উন্নয়ন কাৰ্য্য পৰিকল্পনা (DAPST)ৰ অধীনত আবন্টিত ধনৰ জৰিয়তে সময় নিৰ্ধাৰিতভাৱে ইয়াৰে জড়িত আঁচনি ৰূপায়ণ কৰিবঃ

Developing better infrastructure সুচল আন্তঃগাঁথনিৰ বিকাশ সাধন

(i)Pucca Houses to Eligible Householder যোগ্য গৃহস্থীলৈ পকী ঘৰঃ যোগ্য এছটি পৰিয়ালে টেপৰ পানী (জল জীৱন অভিযান) আৰু বিদ্যুৎ যোগান (RDSS)ৰ উপলব্ধতাৰে পিএমএৱাই (গ্ৰামীণ)ৰ অধীনত পকী ঘৰৰ সুবিধা লাভ কৰিব। যোগ্য এছটি পৰিয়ালে আয়ুষ্মান ভাৰত কাৰ্ডো (PMJAY) লাভ কৰিব।

(ii)Improving rural infrastructure: গাঁৱৰ আন্তঃগাঁথনিৰ অগ্ৰগতি সাধনঃ অনুসূচিত জনজাতি অধ্যুষিত গাঁওসমূহ (পিএমজিএছৱাই)লৈ সকলো বতৰতে উপযোগী পথ যোগাযোগ নিশ্চিতকৰণ, ম’বাইল সংযোগ (ভাৰত নেট) আৰু ইন্টাৰনেটৰ সুবিধা প্ৰদান কৰা, স্বাস্থ্য, পুষ্টি আৰু শিক্ষাৰ অগ্ৰগতি সাধনৰ বাবে আন্তঃগাঁথনি (এনএইচএম, সমগ্ৰ শিক্ষা আৰু পোষণ)।

Goal-2: Promoting economic empowerment:লক্ষ্য-২: অৰ্থনৈতিক সবলীকৰণক প্ৰোৎসাহনঃ

(iiiPromotion of Skill Development Entrepreneurship and Enhancement of Growing Careers (Self-Employment)) দক্ষতা বিকাশ উদ্যমিতাক প্ৰোৎসাহন আৰু বৰ্ধিত জীৱিকা(স্ব-নিয়োগ)ৰ বৰ্ধন – প্ৰশিক্ষণৰ সুবিধা প্ৰদান কৰা (দক্ষ ভাৰত অভিযান/জেএছএছ) আৰু প্ৰতি বছৰে এছটি ছাত্ৰ/ছাত্ৰীয়ে দশম/দ্বাদশ মানৰ পিছত দীৰ্ঘম্যাদী দক্ষতা পাঠ্যক্ৰমৰ সুবিধা লাভ। ইয়াৰ উপৰিও, জনজাতীয় বহুমুখী বিপণন কেন্দ্ৰ (TMMC), টুৰিষ্ট হ’ম ষ্টে আৰু কৃষি, পশুপালন আৰু মীনপালনৰ জৰিয়তে সহায়।

Goal-3: Universalisation of access to better educationলক্ষ্য-৩: উন্নত শিক্ষাৰ সুবিধাৰ সাৰ্বজনীনকৰণ

(iv)EDUCATION শিক্ষা – বিদ্যালয় আৰু উচ্চ শিক্ষাত জিইআৰ ৰাষ্ট্ৰীয় পৰ্য্যায়লৈ বৃদ্ধি কৰা আৰু জিলা/ব্লক পৰ্য্যায়ত বিদ্যালয়ত জনজাতীয় হোষ্টেল স্থাপনেৰে গুণগত শিক্ষা সুলভ আৰু সুগম কৰি তোলা (সমগ্ৰ শিক্ষা অভিযান)।

Goal-4: Enhancing healthy life and dignity:লক্ষ্য-৪: সুস্থ জীৱন আৰু মৰ্য্যাদাৰ বৰ্ধনঃ

(v)HEALTH স্বাস্থ্য – অনুসূচিত জনজাতিৰ গৃহস্থীসমূহলৈ গুণগত স্বাস্থ্য সুবিধাসমূহৰ বৰ্ধিত সুবিধা নিশ্চিত কৰা, আইএমআৰ, এমএমআৰ আৰু ভ্ৰাম্যমাণ চিকিৎসা ইউনিটৰ জৰিয়তে প্ৰতিষেধক প্ৰদানেৰে ক’ভাৰেজৰ ৰাষ্ট্ৰীয় মানদণ্ডত উপনীত হোৱা। যিসমূহ অঞ্চলত উপ-কেন্দ্ৰ সমতল অঞ্চলত ১০ কিলোমিটাৰৰো অধিক আৰু পাহাৰীয়া অঞ্চলত ৫ কিলোমিটাৰ দূৰত্বত (ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান) আছে, সেই অঞ্চলসমূহত উল্লেখিত ব্যৱস্থা ৰূপায়ণ কৰা হ’ব।

এই অভিযানৰ অধীনত সামৰি লোৱা জনজাতীয় গাঁওসমূহৰ মানচিত্ৰ পিএম গতি শক্তি পৰ্টেলত সংশ্লিষ্ট বিভাগে নিজৰ আঁচনি নিৰ্দিষ্ট প্ৰয়োজনীয়তাৰ বাবে চিনাক্ত কৰা ব্যৱধানসমূহৰ সৈতে নিৰ্ধাৰণ কৰা হ’ব। ইয়াৰ ‘ফিজিকেল’ আৰু আৰ্থিক অগ্ৰগতি পিএম গতি শক্তি প্লেটফৰ্মৰ জৰিয়তেই নিৰীক্ষণ কৰা হ’ব আৰু শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰী জিলাক বঁটা প্ৰদান কৰা হ’ব।

লগতে পঢ়কঃ টুটিকোৰিন আন্তঃৰাষ্ট্ৰীয় টাৰ্মিনেল দেশৰ বাবে উচৰ্গা কৰিলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

Comments are closed.