Breaking

 National Boxing C’ship: পুৰুষ এলিট শাখাৰ কোৱাৰ্টাৰত অসমৰ ছয় বক্সাৰ

17

গুৱাহাটী, ১৮ ছেপ্টেম্বৰ ঃ( National Boxing C’ship)পুৰুষ এলিট শাখাৰ কোৱাৰ্টাৰত অসমৰ ছয় বক্সা (assam) গুৱাহাটীত চলি থকা আৰ ই চি ৰাষ্ট্ৰীয় মুকলি প্ৰতিভা সন্ধানী বক্সিং প্ৰতিযোগিতাৰ পুৰুষৰ এলিটৰ চাৰিটা ওজন শাখাত অসমৰ ছয় গৰাকী খেলুৱৈয়ে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে৷ আনহাতে, তৃতীয় ৰাউণ্ডৰ খেলত পৰাস্ত হৈ বিদায় লৈছে অসমৰ নগৰাকী এলিট শাখাত খেলা পুৰুষ বক্সাৰে৷ ( National Boxing Championship)

(Boxers)বক্সিং ফেডাৰেছন অব ইণ্ডিয়া [বি এফ আই] ৰ সহযোগিতাত অসম এমেচাৰ বক্সিং সন্থাই আয়োজন কৰা প্ৰতিযোগিতাখনৰ তৃতীয় দিনটোৰ খেলত অসমৰ অনুৰাগ বনিয়া, ৰাহুল কুমাৰ আৰু সুমৰাজ শইকীয়াই এলিট পুৰুষৰ ৫৭ কিলোগ্ৰাম শাখাৰ তৃতীয় ৰাউণ্ডৰ খেলত জয়ী হৈ কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰে৷ ইফালে, বিজয় ডেকাই ৭১ কিলোগ্ৰামৰ, চন্দন বৰাই ৪৬ কিলোগ্ৰামৰ আৰু ভাইটি পেগুই ৬৩ কিলোগ্ৰাম শাখাৰ তৃতীয় ৰাউণ্ডৰ খেলত জয়লাভ কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে৷

ইফালে, গুৱাহাটীৰ পল্টন বজাৰস্থিত ছাই কেন্দ্ৰৰ ইনড’ৰ ষ্টেডিয়ামত চলি থকা প্ৰতিযোগিতাখনৰ এলিট মহিলাৰ ৪৮ কিলোগ্ৰামত অসমৰ অঞ্জনা ঠাকুৰ আৰু দ্বিপাঞ্জলী দৈমাৰীয়ে প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰাৰ বিপৰীতে আয়োজক ৰাজ্যখনৰ দহ গৰাকী মহিলা বক্সাৰে দ্বিতীয় ৰাউণ্ডত পৰাস্ত হৈ অভিযান সামৰে৷(youth)

ইফালে, ল’ৰাৰ যুৱ শাখাত এতিয়ালৈকে হোৱা ৪৭, ৫০, ৫৫, ৬০, ৬৫, ৭০ কিলোগ্ৰামৰ তৃতীয় ৰাউণ্ডৰ খেলত অসমৰ কোনো বক্সাৰে জয় অৰ্জন কৰিবলৈ সক্ষম হোৱা নাই৷ স্মৰ্তব্য যে প্ৰতিযোগিতাৰ প্ৰথমদিনটোত যুৱ মহিলাৰ শাখাত অসমৰ নগৰাকী বক্সাৰে জয়ৰে আৰম্ভনি কৰাৰ বিপৰীতে যুৱ পুৰুষ শাখাত দুগৰাকী অসম বক্সাৰে দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছিল৷

অহা ৩০ ছেপ্টেম্বৰলৈ অনুষ্ঠিত হ’বলগা প্ৰতিযোগিতাত ল’ৰা-ছোৱালীৰ ছাৱ-জুনিয়ৰ, জুনিয়ৰ, যুৱ আৰু এলিট পুৰুষ-মহিলাৰ সকলো ওজন শাখাৰে খেল অনুষ্ঠিত হ’ব৷ যিসকল খেলুৱৈয়ে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিব সকলোৱে অন্তিম ফাইনেল ৰাউণ্ডৰ প্ৰতিযোগিতালৈ যোগ্যতা অৰ্জন কৰিব৷ আনহাতে, ফাইনেল ৰাউণ্ডৰ পদক বিজয়ী বক্সাৰসকলক ৰাষ্ট্ৰীয় শিবিৰত উন্নত প্ৰশিক্ষণ দিয়াৰ বাবে নিৰ্বাচন কৰা হ’ব৷ প্ৰতিখন মুকলি প্ৰতিযোগিতাৰ পদক বিজয়ীক প্ৰাইজমানি দিব বি এফ আয়ে৷

Comments are closed.