Breaking

Shri Shri Rudra Mahayagya: খানাপাৰাত শ্ৰীশ্ৰী ৰুদ্ৰ মহাযজ্ঞ- কামেশ্বৰী মহা আৰাধনাৰ সফল সামৰণি

15

শংকৰাচাৰ্যসহ দেশৰ ভিন্ন প্ৰান্তৰ সাহিত্যিক-শিক্ষাবিদ-বৈষ্ণৱ পণ্ডিতৰ সমাবেশেৰে ভক্তি-ৰসত বুৰ গ’ল অজস্ৰজন(Shri Shri Rudra Mahayagya) । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি যজ্ঞত পূৰ্ণাহুতি। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কল্যাণ আৰু সফলতা কামনা কৰিও কৰিলে প্ৰাৰ্থনা ।

গুৱাহাটী, ১৮ ছেপ্টেম্বৰ: বিশ্ব তথা অসমৰ বাবে শান্তি কামনাৰে মহানগৰীৰ খানাপাৰাত ৮ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত শ্ৰী শ্ৰী ৰুদ্ৰ মহাযজ্ঞ(Shri Shri Rudra Mahayagya) আৰু কামেশ্বৰী মহা আৰাধানা(Kameshwari Maha Aradhana)ৰ ১৭ ছেপ্টেম্বৰত সফল সামৰণি পৰে। যজ্ঞৰ সামৰণি অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে মোদীৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ূ কামনা কৰি আহুতি দিয়া হয় । দেশ আৰু ৰাজ্যখনৰ অধিক উন্নয়নৰ বাবে ভগৱানে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী(Prime Minister Narendra Modi) আৰু মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক(Assam Chief Minister Himanta Biswa Sarma) যাতে অধিক শক্তিশালী কৰি তোলে তাৰ বাবেও প্ৰাৰ্থনা জনোৱা হয়।

শ্ৰী শ্ৰী ৰুদ্ৰ মহাযজ্ঞ আৰু কামেশ্বৰী মহাআৰাধানাৰ মুখ্য আয়োজক ৰাতুল শৰ্মাই প্ৰকাশ কৰা মতে, ৮ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত যজ্ঞৰ মঙলবাৰে সম্পূৰ্ণ বৈদিক ৰীতি-নীতিৰে সামৰণি পৰাৰ লগতে সন্ধিয়া উমানন্দ ঘাটত বিসৰ্জন দিয়া হয় ।

উল্লেখযোগ্য যে এই যজ্ঞৰ আৰম্ভণিৰে পৰা শেষলৈ দেশৰ অগণন ভক্ত-বৈষ্ণৱ পণ্ডিতে অংশগ্ৰহণ কৰে( Vaishnava scholars across country) ।বিশেষকৈ গোবৰ্ধন পূৰী পীঠাধীশ্বৰ জগতগুৰু শংকৰাচাৰ্য স্বামী শ্ৰী অধোক্ষজানন্দ দেৱতীৰ্থ জী মহাৰাজৰ(Shri Adhokshajananda Devtirth Ji Maharaj) লগতে দেশৰ ভিন্ন প্ৰান্তৰ সাহিত্যিক, শিক্ষাবিদ আৰু বৈষ্ণৱ পণ্ডিতৰ উপৰি লক্ষ্যাধিক ভক্তৰ সমাবেশত ভক্তি-ৰসৰ আধ্যাত্মিকস্থলীত(spiritual hub) পৰিণত হয় খানাপাৰা ।

মুখ্য আয়োজক ৰাতুল শৰ্মাই সদৰি কৰা অনুসৰি, এই মহাযজ্ঞ আৰু কামেশ্বৰী মহাআৰাধাধনাৰ অন্তিম দিনা হিমাচল প্ৰদেশৰ ৰাজ্যপাল শিৱ প্ৰতাপ শুক্লাৰ লগতে ৰাজ্য তথা বহি:ৰাজ্যৰ লাখ লাখ ভক্তৰ সমাগম ঘটে । খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত ৯ ছেপ্টেম্বৰৰ পৰা ১৬ ছেপ্টেম্বৰলৈ অনুষ্ঠিত এই ৰুদ্ৰ যজ্ঞ আৰু কামেশ্বৰী মহাআৰাধনাত অগণন সাধু সন্তই বিশ্ব শান্তিৰ বাবে পূজা-অৰ্চনা আগবঢ়ায়।

আৰম্ভণিতে খানাপাৰাৰ মণ্ডপৰ পৰা বৰুণ পূজনৰ বাবে বশিষ্ঠলৈ বেণ্ডপাৰ্টি, শংখ, নাগৰা, ভোৰতাল, ঢোল বাদন আদিৰে শ শ ভক্তই সমদল কৰি এক নান্দনিক পৰিবেশৰ সৃষ্টি কৰে। পৰৱৰ্তী দিনৰ সকলো কাৰ্যসূচীত লাখ লাখ ভক্তই আৰাধনা কৰে । আনহাতে যজ্ঞস্থলীত অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য( Assam Governor Lakshman Prasad Acharya) আৰু মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী পিযুষ হাজৰিকা , জয়ন্ত মল্ল বৰুৱা, সঞ্জয় কিষাণ, নন্দিতা গাৰ্লোছাৰ লগতে বিজেপি দলৰ বহু বিধায়ক, সাংসদ আৰু কাৰ্যকৰ্তাই অংশগ্ৰহণ কৰে।

উল্লেখযোগ্য যে উত্তৰ -পূৰ্বাঞ্চলত পোন প্ৰথমবাৰৰ বাবে খানাপাৰাত অনুষ্ঠিত কৰা হয় শ্ৰী শ্ৰী ৰুদ্ৰ মহাযজ্ঞ আৰু কামেশ্বৰী মহাআৰাধানা অনুষ্ঠান । উল্লেখ্য যে ৯ ছেপ্তেম্বৰত জল যাত্ৰাত বিশিষ্ট অভিনেতা প্ৰাঞ্জল শইকীয়া, সিদ্ধার্থ গোস্বামী অভিনেত্ৰী কিংকিনী ভট্টাচার্য, ভ্ৰান্তি মেধি আদিসকলেও অংশ লয় ৷ প্ৰতিদিনে সন্ধিয়া ভজন, নৃত্যগীতৰ অনুষ্ঠান অনুষ্ঠিত হয় ৷ কণ্ঠশিল্পী তৰালী শর্মা, কল্লোল বৰঠাকুৰ, সুবাসনা দত্ত, পদ্মনাভ বৰদলৈ আদি শিল্পীসকলৰ ভক্তিমুলক গীত পৰিবেশনে মহাযজ্ঞস্থলীৰ পৰিবেশ মোহনীয় কৰি তোলে । শ্ৰীশ্ৰী ৰুন্দ্ৰ মহাযজ্ঞ- কামেশ্বৰী মহা আৰাধনাই অসমকে ধৰি সমগ্ৰ দেশলৈ শান্তিৰ ফল্গুধাৰা নমাই আনিব বুলি সকলোৱে আশা কৰিছে।

Comments are closed.