Breaking

MISING AUTONOMOUS COUNCIL: মিচিং স্বায়ত্ততশাসিত পৰিষদৰ নতুন পৰিষদীয়  সমষ্টি সীমা নির্ধাৰণক লৈ অভিযোগ !

65

MISING AUTONOMOUS COUNCIL: অসমৰ দ্বিতীয় বৃহৎ জনজাতি  মিচিংসকলৰ লগতে মিচিং অধ্যুষিত  অঞ্চলত বসবাস কৰা বিভিন্ন জাতি-জনগোষ্ঠীৰ ক’লা-সংস্কৃতি, শৈক্ষিক, আর্থ-সামাজিক তথা সর্বতো প্ৰকাৰৰ উন্নয়নৰ উদ্দেশ্যে অসম চৰকাৰৰ দ্বাৰা গঠন কৰা হৈছে  মিচিৎ স্বায়ত্তশাসিত পৰিষদ ৷   ২০১৩ চনৰ পৰা মিচিংং জনজাতিসকলৰ লগতে পৰিষদত  আহোম, গোর্খা আৰু বড়ো, ৰাভাকে ধৰি বহু জনগোষ্ঠীয়ে পৰিষদত ভোট দি আহিছে ৷ আহোম, বড়ো,  গোৰ্খা  প্ৰতিনিধিয়ে নিৰ্বাচন আয়োগৰ দ্বাৰা সাংবিধানিক ভাৱে পৰিচালিত  নির্বাচনত অংশগ্ৰহণ কৰি   পৰিষদৰ নেতৃত্ব লৈ  গৌৰৱেৰে দহটা বছৰ সম্পূৰ্ণ কৰিছে ।

দৈনন্দিন বাৰ্তাৰ সেৱা, গোগামুখ, ১৯ ছেপ্টেম্বৰঃ( MISING AUTONOMOUS COUNCIL: )মিচিং স্বায়ত্তশাসিত পৰিষদৰ নতুন পৰিষদীয় সমষ্টিৰ সীমা নিৰ্ধাৰণক লৈ উত্থাপন কৰা অভিযোগ ভিত্তিহীন আৰু ষড়যন্ত্ৰমূলক ৷ একাংশ দল-সংগঠনে মিচিং স্বায়ত্তশাসিত পৰিষদৰ নতুন সমষ্টিৰ সীমা নিৰ্ধাৰণ ভালদৰে পৰীক্ষা নকৰাকৈয়ে পৰিষদৰ বিৰুদ্ধে অযথা চিঞৰ-বাখৰ কৰি আছে ৷ ধেমাজি জিলাৰ  গোগামুখ স্থিত মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যালয়ত  অনুষ্ঠিত হোৱা এখন সংবাদমেলত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙ্গীয়াই এইদৰে মন্তব্য আগবঢ়ায় ৷ পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগুৰ উপস্থিতিত অনুষ্ঠি হোৱা সংবাদমেলত তেওঁ লগতে কয়- পৰিষদৰ কাৰ্যালয় বা জিলা আয়ুক্তৰ কাৰ্যালয়ত জমা দিয়া লিখিত প্রস্তাৱ অবিহনে এখনো অনা মিচিং গাঁও  অন্তর্ভুক্ত হোৱা নাই ৷ অসমৰ দ্বিতীয় বৃহৎ জনজাতি  মিচিংসকলৰ লগতে মিচিং অধ্যুষিত  অঞ্চলত বসবাস কৰা বিভিন্ন জাতি-জনগোষ্ঠীৰ ক’লা-সংস্কৃতি, শৈক্ষিক, আর্থ-সামাজিক তথা সর্বতো প্ৰকাৰৰ উন্নয়নৰ উদ্দেশ্যে অসম চৰকাৰৰ দ্বাৰা গঠন কৰা হৈছে  মিচিৎ স্বায়ত্তশাসিত পৰিষদ ৷   ২০১৩ চনৰ পৰা মিচিংং জনজাতিসকলৰ লগতে পৰিষদত  আহোম, গোর্খা আৰু বড়ো, ৰাভাকে ধৰি বহু জনগোষ্ঠীয়ে পৰিষদত ভোট দি আহিছে ৷ আহোম, বড়ো,  গোৰ্খা  প্ৰতিনিধিয়ে নিৰ্বাচন আয়োগৰ দ্বাৰা সাংবিধানিক ভাৱে পৰিচালিত  নির্বাচনত অংশগ্ৰহণ কৰি   পৰিষদৰ নেতৃত্ব লৈ  গৌৰৱেৰে দহটা বছৰ সম্পূৰ্ণ কৰিছে ।(MISING AUTONOMOUS COUNCIL)

 পৰিষদৰ নিৰ্ধাৰিত  সীমাৰ ভিতৰত বসবাস কৰা সকলো জাতি- জনগোষ্ঠীকে সম-অধিকাৰ, সম-মর্যাদা  আৰু সম- উন্নয়ন প্ৰদান কৰিছে আৰু  বিভিন্ন উন্নয়নমূলক আঁচনিৰ জৰিয়তে পৰিষদৰ পুঁজি প্রদান কৰা হৈছে । পৰিষদৰ নামত আবন্টিত  সীমিত পুঁজিৰে সকলো জাতি-জনগোষ্ঠীৰ সম-উন্নয়নত ব্যয় কৰাৰ স্বত্বেও উদ্দেশ্য প্ৰণোধিত ভারে একাংশ জাতীয় সংগঠন নামধাৰী সংগঠনে পৰিষদক বাৰে বাৰে বিতৰ্কৰ মাজলৈ তানি অনা বিষয়টো পৰিষদৰ  মুখ্য কাৰ্যবাহী সদস্য চায়েঙ্গীয়াই তীব্ৰ   গৰিহণা দিয়ে । তেওঁ লগতে কয়-  মিচিং- অনামিচিং সৃষ্টি কৰা দল-সগঠনবোৰ তথাকথিত আৰু  অসমৰ  সাতামপুৰুষীয়া ভাতৃত্ববোধৰ এনাজৰীক ছিন্ন-বিছিন্ন কৰিব খোজা একেোো একোটা অপশক্তি ৷  এনে  অপশক্তিসমূহৰ যড়যন্ত্ৰ অতি শীঘ্ৰেই বন্ধ কৰিব লাগে আৰু অপশক্তিসমূহক এনে গৰিহণাযোগ্য কাৰ্যৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনায়। সংবাদমেলত চায়েঙ্গীয়াই কয়- বিভিন্ন সংবাদ মাধ্যমৰ জৰিয়তে নাম প্রকাশ নকৰা একাংশ দল-সংগঠনে মিচিং স্বায়ত্তশাসিত পৰিষদৰ নৱ নিৰ্ধাৰিত সীমাক লৈ সংবাদ মাধ্যমত  বিভিন্ন আপত্তিজনক বিবৃটি, আৰু মন্তব্য প্ৰকাশ কৰিছে ৷ এই সন্দৰ্ভত তেওঁ ৰাইজক  স্পষ্ট কৰি দিয়ে যে অসম চৰকাৰৰ সম্পূৰ্ণ আইনীমতে আৰু  বিধি-বিধানৰ মাজেৰে ৰাজহ গাঁওসমূহ অন্তর্ভুক্ত হৈছে । ৰাজহ গাঁও কোনো জনগোষ্ঠীৰ ভিত্তিত গঠন কৰা নহয় । ৰাজহ গাঁৱৰ একাধিক জনগোষ্ঠী অন্তর্ভুক্ত হোৱাটো কোনো অস্বাভাৱিক নহয় ।  কোনো এখন ৰাজহ গাঁও লিখিত আবেদন অবিহনে পৰিষদত অন্তর্ভুক্ত কৰা হোৱা নাই আৰু নহয় । ইতিমধ্যে অন্তর্ভুক্ত হোৱা গাঁঁওসমূহ লিখিত আবেদন অনুসৰিহে অন্তৰ্ভূক্ত কৰা হৈছে আৰু ভৱিষ্যতেও হ’ব পাৰে বুলি মুখ্য কাৰ্যবাহী সদস্য চায়েঙ্গীয়াই ৰাইজক অৱগত কৰাৰ লগতে পৰিষদৰ সীমাক লৈ  যিসকলে আপত্তি দর্শাইছে তেওঁলোকক আমন্ত্রণ কৰি বিষয়টোৰ আনুষ্ঠানিক আলোচনা কৰা হ’ব ।

Comments are closed.