Breaking

Orunodoi 3.0 scheme: ৰাজ্যজুৰি অৰুণোদয় ৩.০ আনুষ্ঠানিকভাৱে শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ

29

Orunodoi 3.0 scheme: ৰাজ্যজুৰি অৰুণোদয় ৩.০ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰাৰ লগতে ১৯.৯২ লাখ লোকলৈ ৰেচন কাৰ্ড প্ৰদানৰ প্ৰক্ৰিয়াও শুভাৰম্ভ কৰিলে মুখ্যমন্ত্ৰীয়ে ।

গুৱাহাটী, ১৯ ছেপ্টেম্বৰঃ মহিলা সবলীকৰণৰ জৰিয়তে সামাজিক উত্তৰণৰ সুদুৰপ্ৰসাৰী পদক্ষেপ অব্যাহত ৰাখি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা(Assam CM Himanta Biswa Sarma)ই বৃহস্পতিবাৰে লোকসেৱা ভৱনস্থিত সংবাদ সন্মিলন কক্ষৰ পৰা কেন্দ্ৰীয়ভাৱে ৰাজ্যজুৰি অৰুণোদয় ৩.০(Orunodoi 3.0 scheme) আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে ৷ অসমৰ সৰ্ববৃহৎ প্ৰত্যক্ষ লাভালাভ হস্তান্তৰ প্ৰক্ৰিয়াৰ মাজেদি ৰূপায়িত কৰিব বিচৰা অৰুণোদয় আঁচনিখনৰ এই তৃতীয় পৰ্যায়ৰ জৰিয়তে ৩৭.২ লাখ হিতাধিকাৰীক সামৰি লোৱা হ’ব(largest Direct Benefit Transfer) ৷

আনহাতে, বৃহস্পতিবাৰৰ এই একেটা অনুষ্ঠানতে মুখ্যমন্ত্ৰীয়ে খাদ্য সুৰক্ষা আঁচনি(Food Security Scheme)ৰ অধীনত ১৯ লাখ ৯২ হাজাৰ ১৬৭ নতুন হিতাধিকাৰীক নিৰ্বাচিত কৰি ৰেচন কাৰ্ড প্ৰদানৰ কাৰ্যসূচীও আনুষ্ঠানিকভাৱে শুভাৰম্ভণি কৰে ৷

উল্লেখ্য যে, দিছপুৰৰ পৰা শুভাৰম্ভ হোৱা অৰুণোদয় ৩.০১ এই কেন্দ্ৰীয় কাৰ্যসূচী অসমৰ ১২৬টা সমষ্টিত আয়োজিত অনুষ্ঠানত পোনপটীয়াকৈ ভিডিঅ’ কনফাৰেন্সিঙৰ দ্বাৰা প্ৰচাৰ কৰা হয় আৰু সমষ্টিসমূহত আয়োজিত অনুষ্ঠানসমূহত ৰাজ্য চৰকাৰৰ মন্ত্ৰী, সাংসদ, বিধায়কসকল উপস্থিত থাকে ৷ অসমৰ নাৰী শক্তি সবলীকৰণৰ দিশত বৰ্তমানৰ ৰাজ্য চৰকাৰে এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে বুলি অনুষ্ঠানত মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে অতিৰিক্ত হিতাধিকাৰীসকলক অন্তভুৰ্ক্ত কৰাৰ লগতে ৰাজ্যত ৩৭ লাখ পৰিয়ালে যাতে মাহিলি ১২৫০ টকাকৈ লাভ কৰে সেয়া নিশ্চিত কৰিবলৈ ১২৬ টা বিধানসভা সমষ্টিত আজি অৰুণোদয় ৩.০ যাত্ৰা আৰম্ভ কৰা হৈছে৷

তেওঁ কয় যে অৰুণোদয় ৩.০ ত নিঃকিন মহিলা, দিব্যাংগ, বিধৱা, তৃতীয় লিংগ আৰু অন্যান্য দুৰ্বল লোকসকলক বিত্তীয় সুৰক্ষা প্ৰদানৰ হেতু অগ্ৰাধিকাৰ দিয়া হ’ব ৷ তেওঁ লগতে কয় যে ২ লাখ টকাৰ তলৰ বাৰ্ষিক উপাৰ্জন থকা পৰিয়ালসমূহে এই আঁচনিৰ বাবে আৱেদন কৰিবলৈ যোগ্য হিচাপে বিবেচিত হ’ব আৰু ইয়াৰ বাবে ৰাজ্য চৰকাৰে এই আঁচনিত মাহিলি ৪৬৭ কোটি টকা ব্যয় কৰিব ৷ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ লাভালাভ সম্প্ৰসাৰিত কৰা আঁচনিৰ অধীনত ৰাজ্য চৰকাৰে আৰু ১২ লাখ হিতাধিকাৰীক সংযোগ কৰিছে বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এই হিতাধিকাৰীসকলে প্ৰতিমাহে বিনামূলীয়া খাদ্য সামগ্ৰী লাভ কৰিবলৈ যোগ্য হ’ব ৷ এই আঁচনিত প্ৰতিমাহে ৪৪০ কোটি টকাৰো অধিক ব্যয় কৰা হ’ব বুলি তেওঁ কয় ৷

তেওঁ লগতে কয় যে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনৰ এই কাৰ্ডসমূহত আয়ুষ্মান ভাৰতৰ অধীনত বিনামূলীয়া চিকিৎসাও অন্তভুৰ্ক্ত থাকিব৷ মুখ্যমন্ত্ৰীয়ে কয় যে জনসাধাৰণৰ পুষ্টি, বিত্তীয় চিকিৎসা আৰু আনুষংগিক প্ৰযোজনীয়তা এই কল্যাণমূলক পদক্ষেপসমূহে এক বিস্তৃত পৰ্যায়ত সমাজিক সুৰক্ষা বৰ্তনী সৃষ্টি কৰিব ৷ লোকসভা নিৰ্বাচনৰ প্ৰাক্‌মূহূৰ্তত জনসাধাৰণক দিয়া প্ৰতিশ্ৰুতি অনুসৰি¸ নিৰ্বাচন হৈ যোৱাৰ ১০০ দিনৰ ভিতৰতে প্ৰতিশ্ৰুতিসমূহ পূৰণ কৰা হৈছে বুলি তেওঁ কয় ৷

ৰাজ্যৰ বিত্ত মন্ত্ৰীৰূপে কাৰ্যনিৰ্বাহ কৰি থকাৰ সময়ত ২০২০-২১ বৰ্ষৰ বাজেটত অষ্টাদশ মুকুতাৰ উন্নয়নীমালাৰ অন্যতম অংগ হিচাপে অৰুণোদয় আঁচনিৰ কথা ঘোষণা কৰা হৈছিল বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে আত্মনিৰ্ভৰশীলতা, আত্মবিশ্বাস আৰু সুদৃঢ় লক্ষ্যৰে অসমক পুনৰুত্থানৰ পথেৰে আগুৱাই নিয়াৰ কথা সাৰোগত কৰিয়েই আঁচনিখনৰ নাম অৰুণোদয় হিচাপে নামকৰণ কৰা হৈছিল ৷ মুখ্যমন্ত্ৰীয়ে কয় যে অৰুণোদয় আঁচনিৰ দুটা পৰ্যায় সফলভাৱে ৰূপায়ণ কৰা হৈছে৷ অসমৰ ইতিহাসৰ সবাতোকৈ অভিলাষী আঁচনিৰূপে অৰুণোদয় আঁচনিয়ে সম্প্ৰতি ৰাজ্যৰ ২৪.৬০ লাখতকৈও অধিক দৰিদ্ৰ লোকৰ জীৱন চুই যাবলৈ সক্ষম হৈছে ৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শিতাৰ বাবে অসম আৰু ভাৰতত জনধন একাউণ্ট, আধাৰ কাৰ্ডৰ সৈতে ম’বাইল ফোনৰ নম্বৰ সংযোগ কৰাৰ ব্যৱস্থা আৰম্ভণি কৰা হৈছিল ৷ প্ৰধানমন্ত্ৰীয়ে হাতত লোৱা জনধন একাউণ্টৰ ফলস্বৰূপে প্ৰত্যেক মাহত ৰাজ্যৰ ২৪.৬০ লাখ পৰিয়াললৈ অৰুণোদয় আঁচনিৰ ধন হস্তান্তৰ কৰিব পৰা গৈছে ৷ তেওঁ কয় যে প্ৰথম অৱস্থাত এই আঁচনিৰ অধীনত প্ৰত্যক্ষভাৱে ৮৩০ টকাকৈ বেংক একাউণ্টত প্ৰদান কৰা হৈছিল ৷ আঁচনিখনৰ জৰিয়তে জনসাধাৰণে কিদৰে বিভিন্ন পৰ্যায়ত দৈনন্দিন জীৱন পৰিচালনা কৰাৰ ক্ষেত্ৰত সহায়ক হৈ উঠিছিল সেই বিষয়ে আলোকপাত কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ক’ভিড মহামাৰীৰ সময়ত আঁচনিখনৰ অধীনত অতিৰিক্তকৈ ১৭০ টকা দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছিল আৰু ক’ভিডৰ পিছতো এই ধন প্ৰত্যাহাৰ কৰা হোৱা নাই ৷

তেওঁ কয় যে ২০২২ চনত বিদ্যুতৰ মাচুল বৃদ্ধিৰ পৰা দৰিদ্ৰ জনসাধাৰণক সকাহ দিয়াৰ উদ্দেশ্যে অৰুণোদয়ৰ ধন ১২৫০ টকালৈ বৃদ্ধি কৰা হয়৷ অৰুণোদয় ৩.০ৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে বিগত লোকসভা নিৰ্বাচনৰ সময়ত চলোৱা সমীক্ষাৰ সময়ত ৰাজ্যৰ যোগ্য কোন পৰিয়ালে অৰুণোদয় পোৱা নাই আৰু কোনবোৰ পৰিয়ালত মুৰব্বীজনক জীৱন বীমা প্ৰয়োজন নতুবা নিযুত মইনা আঁচনিখনে কিমানসংখ্যক ছাত্ৰীক সামৰি ল’ব পাৰে সেই বিষয়ে বিভিন্ন তথ্য পোহৰলৈ আহিছিল ৷ সেই সময়ত এই তিনিখন আঁচনিৰ প্ৰপত্ৰ ৰাইজৰ মাজত বিতৰণ কৰা হৈছিল, তেতিয়া বহুতে সমালোচনা কৰিছিল বুলি উল্লেখ কৰি তেওঁ কয় যে কিমানসংখ্যক জনসাধাৰণে কোনখন আঁচনিৰ সুবিধা এতিয়াও লাভ কৰা নাই সেয়া সমীক্ষাৰ দ্বাৰাহে স্পষ্ট হৈ পৰে ৷

তেওঁ মন্তব্য কৰে যে নিৰ্বাচনক ৰাজনীতি হিচাপে নাৰাখি সমাজ সেৱালৈ ৰূপান্তৰ কৰাৰ জৰিয়তেহে সমাজখনক আগুৱাই লৈ যাব পৰা যায় ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে এই জৰীপৰ পৰা ৰাজ্যৰ প্ৰায় মুঠ ১০ লাখ পৰিয়ালে এতিয়াও অৰুণোদয় পাবলৈ সক্ষম নোহোৱা কথাতো স্পষ্ট হৈ পৰিছিল ৷ অৰুণোদয় ৩.০ৰ জৰিয়তে প্ৰতিটো সমষ্টিত গড় হিচাপত ১০ হাজাৰকৈ মুঠ ১২ লাখ ৬০ হাজাৰ পৰিয়াললৈ অৰুণোদয় আঁচনিৰ সুবিধা প্ৰদান কৰিব পৰা যাব ৷ মুখ্যমন্ত্ৰীয়ে লগতে সদৰী কৰে যে আজি শুভাৰম্ভ হোৱা অৰুণোদয় ৩.০ আঁচনিখনৰ সুবিধা লাভ কৰিবলৈ হ’লে অৰুণোদয় ১.০ আৰু ২.০১ পূৰ্বৰ হিতাধিকাৰীসকলে নতুনকৈ আৱেদন কৰিব লাগিব আৰু ৰেচন কাৰ্ডৰ নম্বৰ থাকিলেহে অৰুণোদয় পাব ৷ এই নতুন ব্যৱস্থাৰ বাবে পূৰ্বৰ হিতাধিকাৰীসকলে শংকিত হোৱাৰ প্ৰয়োজন নাই বুলি উল্লেখ কৰি তেওঁ কয় যে আধাৰ কাৰ্ড অবিহনে আজিকালি কোনেও ৰেচন কাৰ্ড নাপায় ৷ ৰাজ্য চৰকাৰে অৰুণোদয় আঁচনিখন ৰেচন কাৰ্ডৰ লগত জড়িত কৰিব বিচাৰিছে যাতে এই আঁচনিখনৰ দ্বাৰা উপকৃত হোৱা লোকৰ পৰিসংখ্যা যিকোনো সময়তে উপলব্ধ হয় আৰু এই পৰিকল্পনাৰ আধাৰতে ৰাজ্য চৰকাৰে ১৯ লাখ ৯২ হাজাৰ ১৬৭গৰাকী লোকক নতুনকৈ ৰেচন কাৰ্ড দিবলৈ ব্যৱস্থা কৰিছে৷

মুখ্যমন্ত্ৰীয়ে কয় যে সম্প্ৰতি খাদ্য সুৰক্ষা আঁচনিৰ অধীনত ২,৩১,৯৭,৬০৮ গৰাকী হিতাধিকাৰীয়ে ৰেচন কাৰ্ডৰ সুবিধা গ্ৰহণ কৰি আছে৷ নতুনকৈ ৰেচন কাৰ্ড প্ৰদানৰ পিছত অসমত ৰেচন কাৰ্ড থকা লোকৰ সংখ্যা প্ৰায় ২ কোটি ৬০ লাখলৈ বৃদ্ধি পাব৷ ফলত ৰেচন কাৰ্ড নোপোৱা পৰিয়াল অসমত কমেই থাকিব ৷ যিসকলে অৰুণোদয়ৰ বাবে আৱেদন কৰিব তেওঁলোকে প্ৰথমে ৰেচন কাৰ্ড ল’ব লাগিব ৷ মুখ্যমন্ত্ৰীয়ে লগতে কয় যে ৰাজ্য চৰকাৰৰ মন্ত্ৰী, বিধায়ক বা প্ৰাক্তন মন্ত্ৰী তথা প্ৰাক্তন বিধায়ক, পঞ্চায়তীৰাজ ব্যৱস্থাৰ সৈতে জড়িত ব্যক্তি, চৰকাৰী চাকৰিয়াল, পেছাদাৰী ব্যক্তি, পেন্সনাৰ, অংগনৱাড়ী কৰ্মী আৰু আশাকৰ্মীসকলে অৰুণোদয় আঁচনিৰ সুবিধা লাভ নকৰে ৷ তদুপৰি, চাৰিচকীয়া বাহন থকা, ১৫ বিঘাকৈ অধিক ভূমি থকা ব্যক্তিয়ে এই আঁচনিৰ আউটাৰ পৰা বাহিৰত থাকিব বুলি উল্লেখ কৰি তেওঁ কয় যে গ্ৰামাঞ্চল আৰু চহৰাঞ্চলৰ দুখীয়া আৰু দৰিদ্ৰ শ্ৰেণীৰ লোকৰ সুবিধাৰ অৰ্থেহে এই আঁচনিখন প্ৰণয়ন কৰা হৈছে৷

মুখ্যমন্ত্ৰীয়ে লগতে সদৰী কৰে যে আজিৰে পৰা অৰুণোদয় ৩.০ আনুষ্ঠানিকভাৱে শুভাৰম্ভ হোৱাৰ পিছত পৰৱৰ্তী সমগ্ৰ প্ৰক্ৰিয়া আগন্তুক বৰ্ষৰ জানুৱাৰী মাহৰ ভিতৰত সম্পূৰ্ণ কৰি হিতাধিকাৰীসকলক নিয়মীয়াকৈ ধন প্ৰদানৰ ব্যৱস্থা কৰা হ’ব ৷ তেওঁ লগতে কয় যে নতুন হিতাধিকাৰী সংযোজন কৰি অৰুণোদয় ৩.০ৰ আধাৰত নিয়মীয়াকৈ ধন আদায়ৰ প্ৰক্ৰিয়া আৰম্ভ নোহোৱা পৰ্যন্ত পুৰণি হিতাধিকাৰীসকলে নিয়মীয়াকৈ প্ৰতিমাহে ধন লাভ কৰি থাকিব ৷ এই আঁচনিখনৰ বাবদ প্ৰতিমাহে ৪৬৭ কোটি টকাকৈ বাৰ্ষিক ৫৬০৪ কোটি টকাৰ প্ৰয়োজন হ’ব বুলিও তেওঁ মন্তব্য কৰে ৷ ৰাজ্যৰ ইতিহাসত বৃহৎ ধন জড়িত হৈ থকা এনে আঁচনি কোনো চৰকাৰে গ্ৰহণ কৰা নাছিল বুলি তেওঁ কয় ৷

এই আঁচনিৰ আধাৰতে মধ্যপ্ৰদেশে লাডলি বেহেনা, ছত্তীশগড়ত মাহাতাৰী বন্দন যোজনা, কৰ্ণাটকত গৃহজ্যোতিকে ধৰি বিভিন্ন ৰাজ্যত নাৰী সবলীকৰণৰ আঁচনি আৰম্ভ কৰিছে ৷ মুখ্যমন্ত্ৰীয়ে লগতে কয় যে ৰেচন কাৰ্ড লাভ কৰাৰ পিছত ৫ কেজিকৈ চাউল বিনামূলীয়াকৈ লাভ কৰিব ৷ তেওঁ লগতে সদৰী কৰে যে নতুনকৈ ৰেচন কাৰ্ড প্ৰদান কৰাৰ ফলত ৰাজ্য চৰকাৰৰ প্ৰতি মাহে ৪৪১ কোটি টকা ব্যয় হ’ব ৷ দুখীয়া-দৰিদ্ৰ মানুহক তিনিটাকৈ সহায় প্ৰত্যক্ষভাৱে কৰা হৈছে বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে অৰুণোদয়ৰ জৰিয়তে ১২৫০ টকা, চাউলৰ বাবদত প্ৰায় ২০০ টকা আৰু চিকিৎসাৰ কাৰণে আয়ুষ্মান ভাৰত আৰু আয়ুষ্মান অসম কাৰ্ডৰ জৰিয়তে বছৰি ৫ লাখ টকা পৰ্যন্ত চিকিৎসা সেৱাৰ সুবিধা প্ৰদান কৰি থকা হৈছে ৷ চৰকাৰে এনেধৰণৰ কাম কৰি থকাৰ বাবে ৰাজ্যখনৰ ৮০ লাখ পৰিয়াল দাৰিদ্ৰ্য সীমাৰেখাৰ পৰা বাহিৰলৈ আহিবলৈ সক্ষম হৈছে বুলিও তেওঁ কয় ৷ বৃহস্পতিবাৰে আয়োজিত এই কেন্দ্ৰীয় অনুষ্ঠানত মন্ত্ৰী অজন্তা নেওগ, মুখ্য সচিব ড॰ ৰবি কোটা প্ৰমুখ্যে কেইবাগৰাকীও গণ্যমান্য ব্যক্তি তথা শীৰ্ষ বিষয়াসকল উপস্থিত থাকে ৷

Comments are closed.