Breaking

All Tiwa Students Union: বেদখলকৃত ভূমি উচ্ছেদ কৰি ট্ৰাইবেল বেল্ট-ব্লক সংৰক্ষণৰ দাবী সদৌ তিৱা ছাত্ৰ সন্থাৰ

62

মৰিগাঁও জিলাত জ্জটা, নগাঁও জিলাত জ্জটা আৰু হোজাই জিলাত ২টা, মুঠতে তিৱা স্বায়ত্ত পৰিষদত মুঠ ১৬টা ট্ৰাইবেল বেল্ট-ব্লক আছে।(All Tiwa Students Union)

দৈনন্দিন বাৰ্তাৰ সেৱা, জাগীৰোড ২০ ছেপ্টেম্বৰঃ মধ্য অসমৰ বেদখলকৃত ভূমি উচ্ছেদৰ দাবীত সদৌ তিৱা ছাত্ৰ সন্থাই জাগীৰোডত এক সংবাদ মেল আয়োজন কৰে৷ মৰিগাঁও জিলাত জ্জটা, নগাঁও জিলাত জ্জটা আৰু হোজাই জিলাত ২টা, মুঠতে তিৱা স্বায়ত্ত পৰিষদত মুঠ ১৬টা ট্ৰাইবেল বেল্ট-ব্লক আছে(All Tiwa Students Union)৷ কিন্তু ইতিমধ্যে উক্ত ট্ৰাইবেল বেল্ট-ব্লকসমূহত অবৈধ বেদখলকাৰীসকলে অবৈধভাৱে ভূমি হস্তগত কৰি বেদখল কৰিছে আৰু ট্ৰাইবেল বেল্ট-ব্লকসমূহৰ অস্তিত্ব নাইকিয়া কৰি পেলাইছে৷

বৃহস্পতিবাৰে সেইবোৰ অঞ্চলত সন্দেহযুক্ত লোকৰ দপ্‌দপনিত খিলঞ্জীয়া তথা ভূমিপুত্ৰ জনজাতিসকল অস্তিত্বৰ সংকটত পৰিবলগীয়া হৈছে৷ তেওঁলোকৰ অত্যাচাৰত খেতি-মাটিৰ মোহ ত্যাগ কৰি জীৱন আৰু পৰিয়ালৰ নিৰাপত্তাৰ তাগিদাৰ নিজ গৃহভূমি ত্যাগ কৰি পলায়ন কৰিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে৷

বিশেষভাৱে ৰাজহ চক্ৰ, মণ্ডল, কাননগো পৃষ্ঠপোষকতাত ট্ৰাইবেল বেল্ট-ব্লকসমূহৰ অবৈধ নামজাৰিৰ জৰিয়তে ভূমি হস্তান্তৰিত হৈ আহিছে৷ সেই সন্দৰ্ভত এক জৰুৰী তদন্ত ঘোষণা কৰি দোষীসকলক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ বাবে অসম চৰকাৰক সদৌ তিৱা ছাত্ৰ সন্থাই দাবী জনাইছে৷ বেদখলীকৃত ভূমিসমূহ ক্ৰমে তেঁতেলিয়া ট্ৰাইবেল ব্লকত ১৬৭২ বিঘা, পলাহগুৰি ট্ৰাইবেল বেল্ট-ব্লকত ২২১ বিঘা, গোভা ট্ৰাইবেল ব্লকত ৪২২৩ বিঘা, ঘণ্ডবা ট্ৰাইবেল ব্লকত ২৫৬২ বিঘা, ভলুকাজাবী ট্ৰাইবেল ব্লকত ১৩৭৫ বিঘা, জামাদাৰী ট্ৰাইবেল ব্লকত ২৭৪২ বিঘা আৰু বৰঙিণ পথাৰ ট্ৰাইবেল ব্লকত ৫২২৭ বিঘাা, মুঠতে ১৮০২২ বিঘা ভূমি বেদখলীৰ কবলত৷ গতিকে শীঘ্ৰে চৰকাৰে যেনেদৰে কচুতলীত উচ্ছেদ কৰিলে তেনেদৰে বাকী যিসমূহ ট্ৰাইবেল বেল্ট-ব্লকৰ অবৈধভাৱে বেদখল হৈ আছে সেই ট্ৰাইবেল বেল্ট-ব্লকসমূহত উচ্ছেদ কৰিবলৈ দাবী জনাইছে সংগঠনটোৱে৷

ইফালে জাগীৰোডত টাটাৰ স্থাপিত হ’বলগীয়া ছেমি কণ্ডাক্তৰ নিৰ্মাণৰ বাবে ব্যৱস্থা কৰাক লৈ শংকিত হৈছে ছাত্ৰ সংগঠনটো৷ কাৰণ সেই স্থানত পূৰ্বতে এছিয়া মহাদেশৰ সৰ্ববৃহৎ কাগজ কল আছিল৷ কাগজ কলটো নিৰ্মাণ কৰা বাবে গোভা ট্ৰাইবেল বেল্ট ব্লকৰ ভূমি অধিগ্ৰহণ কৰা হৈছিল৷ সেই উদ্যোগটো স্থাপনৰ সময়ত কেইবাখনো জনজাতি গাঁও উচ্ছেদিত হৈছিল৷ পৰৱৰ্তী পৰ্যায়ত কাগজ কল কতৃৰ্পক্ষই উচ্ছেদিত জনজাতি পৰিয়ালৰ লোকৰ সংস্থাপনক ব্যৱস্থা হাতত লৈছিল, কিন্তু দুৰ্ভাগ্যৰ বিষয় যে চৰকাৰক ভূমি উদ্যোগ নীতি আৰু দুৰ্নীতিৰ ফলত বহু সম্ভৱনাপূৰ্ণ কাগজ কলটোৰ মৃত্যু ঘটিল আৰু তাৰ পৰিপ্ৰেক্ষিতত স্থানীয় জনজাতিসকল পুনৰ সংস্থাপনহীন হ’বলগীয়া হ’ল৷

তেনে পৰিস্থিতিৰ মাজতে অসম চৰকাৰে সেই একে স্থানতে প্ৰায় ২৭ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে দেশৰ ভিতৰতে অন্যতম সৰ্ববৃহৎ ছেমি কণ্ডাক্তৰ নিৰ্মাণৰ উদ্যোগ স্থাপনৰ বাবে টাটাই প্ৰকল্পৰ কাম আৰম্ভ কৰিছে৷ প্ৰকল্পটোৰ জৰিয়তে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে প্ৰায় ২৭ হাজাৰ লোকে সংস্থাপিত হ’ব বুলিও ঘোষণা কৰিছিল যদিও এইখিনিতে আমি জনজাতি তথা তিৱা ৰাইজে শংকা আৰু সংশয়ৰ দিশসমূহো পৰিলক্ষিত কৰিছে বুলি সদৌ তিৱা ছাত্ৰ সন্থাৰ সম্পাদক প্ৰশান্ত মচৰঙে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে৷ কাৰণ জনজাতি বেল্টI-ব্লকৰ আইন থকাৰ পিছতো বহু লোকে জাগীৰোডৰ লগতে আশে-পাশে অবৈধভাৱে ভূমি ক্ৰয় কৰি জনজাতিসকলক ইতিমধ্যে সংখ্যালঘুত পৰিণত কৰি শান্তিপ্ৰিয় জনজাতিসকলৰ ৰাজনৈতিক অধিকাৰ খৰ্ব কৰাৰ দিশত আগবাঢ়িছে বুলি অভিযোগ উত্থাপন কৰে সংগঠনটোৰ হৈ উপদেষ্টা দীপক আমচঙে৷

ঐতিহাসিক জোনবিল মেলা, গোভাৰজাৰ দেওশাল থান, সীতা জখলা ইত্যাদি বহু ঐতিহ্যৰ লগত এই অঞ্চলটো জড়িত হৈ আছে৷ তেনেস্থলত ছেমি কণ্ডাক্তৰ প্ৰকল্পটো স্থাপন কৰাৰ ফলত এই ঐতিহ্যসমূহ ম্লান পৰি যোৱাৰ লগতে কালক্ৰমত বিলুপ্ত হৈ যোৱাত সম্ভাৱনাই দেখা দিব বুলিও এক সংবাদ মেলযোগে মত পোষণ কৰে সংগঠনটোৱে৷ জাগীৰোডৰ ডাক বঙলাত অনুষ্ঠিত সংবাদ মেলত সংগঠনটোৰ উপ-সভাপতি কন্দৰ্প হুকাই, বিদ্যা পাটৰ, স্বপন ৰামদেৰ লগতে সদৌ তিৱা ছাত্ৰ সন্থাৰ জাগীৰোড আঞ্চলিক সমিতিৰ বিষয়ববীয়াসকল উপস্থিত থাকে৷

Comments are closed.