Breaking

Nazira ONGC employee goes to jail:ইনষ্টাগ্ৰামৰ বাগিৰে লজ্জানত কাণ্ড! ONGCৰ কৰ্মচাৰী গ’ল জে’ল হাজোতলৈ

64

প্ৰথমে ইনষ্টাগ্ৰামত চিনাকি। তাৰপিছতে নাবালিকাৰ সৈতে অশ্লীল ভিডিঅ’ বাহিৰ হয় ছ’চিয়েল মিডিয়াত এজন ONGCৰ কৰ্মচাৰীৰ।(Nazira ONGC employee goes to jail)

দৈনন্দিন বাৰ্তাৰ সেৱা, নাজিৰা, ২০ ছেপ্টেম্বৰঃ এটা অশ্লীল ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ এক ঘটনাৰ পিছতে এজন কৰ্মচাৰী জে’ল হাজোতলৈ যোৱাৰ লগতে কৰ্মচাৰীজনৰ বিলাসী গাড়ী জব্দ হোৱাৰ ঘটনাই চূড়ান্তভাৱে লজ্জানত কৰিছে নাজিৰাবাসীক৷(Nazira ONGC employee goes to jail)

এই সন্দৰ্ভত ছাত্ৰীগৰাকীৰ মাতৃয়ে শিৱসাগৰ জিলা আৰক্ষী প্ৰশাসন তথা নিকটৱৰ্তী শিমলুগুৰি থানাত এখন এজাহাৰ দাখিল কৰে৷ এজাহাৰৰ ভিত্তিত সষ্টম হৈ উঠা শিমলুগুৰি আৰক্ষীয়ে পদক্ষেপ লোৱাৰ সময়তেই শিমলুগুৰি থানাত আত্মসমৰ্পণ কৰে অভিযুক্ত অ’এনজিচিৰ কৰ্মচাৰী পৰীক্ষিত ৰাইদঙীয়াই৷(nazira)

শিমলুগুৰি থানাৰ সূত্ৰত জানিব পৰা মতে এগৰাকী একাদশ শ্ৰেণীৰ ছাত্ৰীৰ সৈতে দীৰ্ঘদিন ধৰি ইনষ্টাগ্ৰামৰ জৰিয়তে চিনাকি আৰু ভাবৰ আদান-প্ৰদান ঘটাৰ পিছত শেহতীয়াকৈ শিমলুগুৰি তথা ইয়াৰ আশে-পাশে দুয়োজনৰ সংযোগ চলি ৰয়৷ শেহতীয়াকৈ এনে পৰিস্থিতিৰ মাজত ছাত্ৰীগৰাকীৰ সৈতে এক অশ্লীল ভিডিঅ’ বাহিৰ হয় ছ’চিয়েল মিডিয়াত৷ এই ঘটনাৰ পূৰ্বেও যোৱা ১০ মাৰ্চতো একে ধৰণৰ অবাঞ্ছিত পৰিস্থিতিৰ সৃষ্টি হোৱা বুলি অভিযোগ পোৱাৰ লগতে আৰক্ষীৰ মধ্যস্থতাত এক বুজা-বুজিৰে মীমাংসালৈ অহা বুলিও জানিব পৰা গৈছে৷ (simaluguri)

পিছে ছ’চিয়েল মিডিয়াত ওপঙি ফুৰা নতুন প্ৰজন্মৰ এচামে পূৰ্ণ আসক্ত হৈ চৰিত্ৰ হননলৈ আগববঢ়াৰ সমান্তৰালভাৱেই অভিভাৱক সুলভ বিলাসী জীৱনৰ গৰাকী এচামেও বিবেকহীন কাণ্ডৰে নিজৰ লগতে সামাজিক মৰ্যাদাক ভূলণ্ঠিত কৰি পেলাইছে ৷ এই ঘটনা সন্দৰ্ভত বুধবাৰে আত্মসমৰ্পণ কৰাৰ পিছত অ’এনজিচিৰ কৰ্মচাৰীজনক শিমলুগুৰি থানাই বৃহস্পতিবাৰে জে’ল হাজোতলৈ প্ৰেৰণ কৰে৷

ছাত্ৰীগৰাকীৰ মাতৃৰ এজাহাৰৰ ভিত্তিত শিমলুগুৰি আৰক্ষীয়ে নং ‘20û24 US BNS RW SEC 4û14 OF POCSO ACT RW SEC 66E IT ACT’ ভিত্তিত শিশুক যৌন আতিশয্যৰ পৰা সুৰক্ষা আইনৰ আধাৰত এক গোচৰ ৰুজু কৰিছে৷ এই ঘটনাই নিতৌ ছ’চিয়েল মিডিয়াক লৈ ব্যস্ত হৈ পৰা এচাম অভিভাৱক আৰু নিয়ন্ত্ৰণহীনভাৱে ছাত্ৰ-ছাত্ৰীৰ হাতত এনড্ৰইড মোবাইল ফোন তুলি দিয়াৰ পৰিণতি কি তাক প্ৰকট কৰি তুলিছে৷ বিলাসী জীৱনৰ গইনা লৈ এচাম লোকৰ অবাধ সুৰা আৰু নাৰীত আশ্ৰয় লোৱা ঘটনাই আৰক্ষীৰ লগতে সমাজৰ অনুশাসন মজবুত কৰাৰ প্ৰয়োজন বুলি সচেতন মহলে মন্তব্য কৰিছে৷(POCSO ACT)

Comments are closed.