Assam Heat Wave: গৰমৰ প্ৰতি লক্ষ্য ৰাখি ছেপ্টেম্বৰ মাহৰ বাকী দিনকেইটাত শিক্ষানুষ্ঠানসমূহ বন্ধ ঘোষণা কৰাৰ আহ্বান

Date:

দৈনন্দিন বাৰ্তাৰ সেৱা, শিৱসাগৰ ২০ ছেপ্টেম্বৰ: বৰ্তমান শিৱসাগৰ জিলাখনৰ লগতে সমগ্ৰ অসমতো তাপমাত্ৰা অত্যধিক ভাৱে বৃদ্ধি পাইছে৷ কণ-কণ ছাত্ৰ-ছাত্ৰী সকলে এই উৎকট গৰমৰ মাজতে পুৱা ৮-৪৫ বজাৰ পৰা ২-৩০ বজালৈকে শ্ৰেণীকোঠাত পাঠদান গ্ৰহণ কৰিবলগীয়া হৈছে৷ যাকলৈ এতিয়া অভিভাৱক সমাজ চিন্তিত হৈ পৰিছে৷ (Assam Heat Wave)

বৰ্তমান এনে পৰিস্থিতিৰ মাজত ৰাজ্যৰ শিক্ষা বিভাগে বিদ্যালয় সমূহ পুনৰ অতিৰিক্ত বন্ধ দিব পাৰি নেকি ইয়াৰ ওপৰত এক বিবেচনা কৰাৰ প্ৰয়োজনীয়তা আছে বুলি এক প্ৰেছ বিজ্ঞপ্তিত শিৱসাগৰ ছোৱালী কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ৰঞ্জিত তামুলীয়ে উল্লেখ কৰে৷ (weather change)

প্ৰেৰিত বিজ্ঞপ্তিটোত অৱসৰপ্ৰাপ্ত অধ্যাপক গৰাকীয়ে উল্লেখ কৰে যে চলিত ছেপ্টম্বৰ মাহৰ শেষৰ পষেকটোত তাপমান অত্যন্ত বৃদ্ধি পোৱাৰ বাবে উৎকট গৰমে দহিছে ৰাজ্যবাসীক৷ বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুযায়ী আগন্তুক দিন কেইটাত তাপমান অধিক বঢ়াৰ আশংকা কৰা হৈছে৷ সৰ্বাধিক ৪২ ডিগ্ৰী পৰ্য্যন্ত সূৰ্যৰ উত্তাপে দহিব অসমক৷ (heat wave)

এনে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ছেপ্টেম্বৰ মাহৰ বাকী দিন কেইটাত পুনৰবাৰ শিক্ষানুষ্ঠান সমূহ বন্ধ ঘোষণা কৰাৰ কথা বিবেচনা কৰিবলৈ শিক্ষা বিভাগ আৰু অসম চৰকাৰক অধ্যক্ষ গৰাকীয়ে অনুৰোধ জনাই ৷ তেওঁ কয় যে অন্যথা এনে পৰিৱেশত কণ কণ ছাত্ৰ -ছাত্ৰীসকলৰ লগতে অন্য সকলৰো স্বাস্থ্যৰ অৱনতি ঘটাৰ আশংকা কৰা হৈছে৷

ইতিমধ্যে কেইবা ঠাইতো গৰমৰ ফলত ছাত্ৰ -ছাত্ৰী আৰু শিক্ষয়িত্ৰী মূৰ ঘুৰাই যোৱাৰ দৰে ঘটনা ঘটিছে৷ এনে পৰিস্থিতি পুনৰবাৰ যাতে নহয় তাৰবাবে চৰকাৰক তৎকালীন ভাৱে ব্যৱস্থা ল’বলৈ অৱসৰপ্ৰাপ্ত অধ্যাপক গৰাকীয়ে শিক্ষা বিভাগক অনুৰোধ জনায়৷(september month)

Popular

More like this
Related

Fake Bank YBL: নামৰ এটি বেংক খুলি কোটি টকাৰ প্ৰৱঞ্চনা

Fake Bank YBL: নামৰ এটি বেংক খুলি কোটি টকাৰ প্ৰৱঞ্চনা

Arvind Kejriwal: কেজৰিৱাল অৰ্জুন বাবেই  বিজেপিৰ চক্ৰবেহু ভেদ কৰিব জানে

আপ নেতা গোপাল ৰায়ৰ মণ্ডল প্ৰভাৰীসকলক সম্বোধন।কেজৰিৱাল অৰ্জুন বাবেই  বিজেপিৰ চক্ৰবেহু ভেদ কৰিব জানে।(Arvind Kejriwal)

Alia bhatt: এটেনচন ডেফিচিট ডিছঅৰ্ডাৰ ৰোগত আক্ৰান্ত আলিয়া ভাট!

‘জিগ্ৰা’ ছবিখনৰ প্ৰচাৰত ব্যস্ত অভিনেত্ৰী আলিয়া ভাট। ইফালে আলিয়া ভাট 'এটেনচন ডেফিচিট ডিছঅৰ্ডাৰ'ত ভুগিছে!(alia bhatt)

Heat Wave Assam: প্ৰচণ্ড গৰম! গৰমৰ পৰা হাত সাৰিবলৈ খাব পাৰে এবিধ বিশেষ পানীয়

প্ৰচণ্ড গৰম। পৰাপক্ষত জৰুৰী কাম নাথাকিলে নোলাব ঘৰৰ পৰা বাহিৰলৈ। (Heat Wave)