Iron Girls: নাইজেৰিয়াৰ চলচ্চিত্ৰ মহোৎসৱলৈ ৰাজেন দাসৰ “আইৰন গাৰ্লছ“৷ খিলঞ্জীয়াৰ সাংস্কৃতিক শিপাৰ সন্ধানত বিশ্ব চলচ্চিত্ৰৰ মহাসন্মিলন

দৈনন্দিন বাৰ্তা সেৱা, পাটাছাৰকুছি ২২ ছেপ্টেম্বৰঃ অসমৰ স্বৰ্ণিল লোকশিল্প ওজাপালি-দেওধনীৰ প্ৰসাৰৰ বাবে অধ্যাপক -পৰিচালক ৰাজেন দাসে পৰিচালনা কৰা অসমীয়া চলচ্চিত্ৰ “আইৰন গাৰ্লছ“ সুদুৰ নাইজেৰিয়াৰ ৰিভাৰ্চ ষ্টেট আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ আমন্ত্ৰিত হৈছে৷ (Iron Girls)

নাইজেৰিয়াৰ গুৰুত্বপূৰ্ণ ৰিভাৰ্চ ষ্টেটৰ ৰাজধানী চহৰ পোৰ্ট হাৰকোৰ্টত এই চলচ্চিত্ৰ মহোৎসৱ অহা ২৪ অক্টোবৰৰ পৰা ২৭ অক্টোবৰলৈ চাৰিদিনীয়াকৈ অনুষ্ঠিত হ’ব৷ নাইজেৰিয়াৰ ৰিভাৰ্চ ষ্টেট চৰকাৰৰ সৌজন্যত আৰু নাইজেৰিয়াৰ কৰ্প’ৰেচন এফেয়াৰ্ছ ক’মিছনৰ পঞ্জীয়নভুক্ত খিলঞ্জীয়াৰ ঐক্যবদ্ধ সন্মিলন ডেচগ’ল এণ্টাৰটেইনমেণ্ট ৱৰ্ল্ডৱাইডৰ উদ্যোগত অনুষ্ঠিত হবলগীয়া এই মহোৎসৱৰ প্ৰধান উদ্দেশ্য হৈছে বিশ্বৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ সাংস্কৃতিক শিপাৰ সন্ধান কৰা, বিনিময় কৰা আৰু নৱপ্ৰজন্মৰ চিনে নিৰ্মাতাক শৈক্ষিক উত্তৰণেৰে সবল কৰা৷(nigerian film festival)

সেই উদ্দেশ্যত মহোৎসৱলৈ প্ৰেৰণ কৰা বিশ্বৰ বিভিন্ন দেশৰ পৰা প্ৰেৰণ কৰা ২০৩০খন চলচ্চিত্ৰৰ মাজৰ পৰা ১২৭ খন চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শনৰ বাবে নিৰ্বাচিত কৰা হৈছে৷ ইয়াৰ ভিতৰত অসমৰ পৰা ৰাজেন দাস পৰিচালিত “আইৰন গাৰ্লছ“ নিৰ্ব্বাচিত হোৱাটো ৰাজ্যৰ চলচ্চিত্ৰ জগত তথা অসমবাসীৰ বাবে এক আনন্দকৰ খবৰ হিচাপে বিবেচিত হৈছে৷ নাইজেৰিয়াৰ ৰিভাৰচ্‌ ষ্টেটৰ ৰাজধানী চহৰ তথা গাৰ্ডেন চিটি হিচাপে খ্যাত পোৰ্ট হাৰকোৰ্টৰ ৱাবিয়ালি কালচাৰেল চেণ্টাৰ আৰু পোৰ্টলেণ্ড ৰিচ’ৰ্ট লাক্সাৰী চিনেমাত অনুষ্ঠিত হবলগীয়া এই মহোৎসৱত চলচ্চিত্ৰৰ লগতে খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ সাংস্কৃতিক কাৰ্যসূচী প্ৰদৰ্শন কৰা হ’ব৷ ইতিমধ্যেই নাইজেৰিয়া ৰিভাৰ্চ ষ্টেটৰ গৱৰ্ণৰ চিমিনালায়ী ফুবাৰাই চলচ্চিত্ৰ মহোৎসৱত অংশগ্ৰহণকাৰী সকলক শুভেচ্ছা জনোৱাৰ লগতে আয়োজক সকলৰ সৈতে মহোৎসৱৰ সফলতাৰ বাবে গুৰুত্বপূৰ্ণ বাৰ্তালাপত মিলিত হোৱাৰ খবৰ ফেষ্টিভেল ডাইৰেক্টৰ কেটে এজাইগবোৱে সামাজিক মাধ্যমত প্ৰকাশ কৰিছে৷(Rajen Das)

গৱৰ্ণৰ গৰাকীয়ে মহোৎসৱৰ প্ৰতীকপটও আনুষ্ঠানিকভাৱে উন্মোচন কৰে৷জানিব পৰা মতে কাৰ্যত এই চলচ্চিত্ৰ মহোৎসৱ হ’ব বিশ্বৰ বিভিন্ন জাতি জনগোষ্ঠীৰ এক মহাসন্মিলন৷ এই মহোৎসৱলৈ ভাৰতৰ এয়াৰটেল,ক’লগেট ,কেল’গছ আদিকে ধৰি কেবাটাও বহুজাতিক সংস্হাই এচ’চিয়েট পাৰ্টনাৰ হিচাপে সহযোগিতা আগবঢ়াইছে৷ মহোৎসৱলৈ আমন্ত্ৰিত হোৱা সন্দৰ্ভত “আইৰন গাৰ্লছ“ৰ পৰিচালক ৰাজেন দাসে কয়-“নিঃসন্দেহে এয়া এক ভাল খবৰ৷খিলঞ্জীয়াৰ সাংস্কৃতিক ঐতিহ্যক উজলাই তোলা এনে এক মহোৎসৱত আমি অসমৰ ওজাপালি -দেওধনীক উলিয়াই নিব পৰাটো এক ঐতিহাসিক মূহুৰ্ত৷ বিশ্বৰ ইমান সংখ্যক চলচ্চিত্ৰৰ মাজৰ পৰা আমি নিৰ্বাচিত তালিকাত থকাটোৱেই আমাৰ সাংস্কৃতিক ঐতিহ্যৰ মহত্ত্ব প্ৰকট কৰিছে৷ইয়াৰ এক সামান্য অংশীদাৰ হবলৈ সুযোগ লাভ কৰি আমি কৃতাৰ্থ,আনন্দিত“৷ (iron girls to be released at nigerian film festival)

উল্লেখ্য যে চলচ্চিত্ৰ মহোৎসৱ কৰ্তৃপক্ষৰ সঞ্চালক কেটে এজাইগবোয়ে “আইৰন গাৰ্লছ“ মহোৎসৱলৈ নিৰ্বাচিত হোৱা তথ্য জনাই তথা স্ক্ৰীণীংৰ বাবে আমন্ত্ৰণ জনাই যোগদানৰ আনুষ্ঠানিক নিমন্ত্ৰণী পত্ৰ পৰিচালক ৰাজেন দাসলৈ প্ৰেৰণ কৰিছে৷ মহোৎসৱত বিশ্বৰ বিভিন্ন প্ৰান্তৰ প্ৰায় তিনি সহস্ৰাধিক চলচ্চিত্ৰ নিৰ্মাতা তথা প্ৰতিনিধি সমবেত হ’ব বুলি মহোৎসৱ কৰ্তৃপক্ষৰ পৰা জানিব পৰা গৈছে৷

Related Articles