নিযুক্তি পৰীক্ষাত তালাচী অব্যাহত থাকিব।বিমান বন্দৰৰ আৰ্হিত হ’ব তালাচী। ঝাৰখণ্ডৰ নিযুক্তি পৰীক্ষাত অসমৰ আৰ্হি গ্ৰহণ কৰা বুলি মন্তব্য মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ।(Himanta biswa sarma)
নিযুক্তি পৰীক্ষাৰ সময়ত ইন্টাৰনেট কৰ্তন যে শুদ্ধ আছিল সেই আৰ্হি অসমৰ পৰা লৈছে ঝাৰখণ্ডৰ কংগ্ৰেছ চৰকাৰে। নিযুক্তি পৰীক্ষাৰ সময়ত ইন্টাৰনেট কৰ্তন কৰাক লৈ অসমত কংগ্ৰেছে বিজেপিক সমালোচনা কৰাৰ সলনি ঝাৰখণ্ডত কংগ্ৰেছে অসমৰ আৰ্হি গ্ৰহণ কৰা বুলি কটাক্ষ কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।(jharkhand congress)
শনিবাৰে কামৰূপ জিলাৰ বেজেৰাত উপস্থিত হৈ সংবাদ মাধ্যমৰ সৈতে মুখামুখি হয় তেওঁ কয় যে পূৰ্বতকৈ যথেষ্ট ভাল হৈছে অসমৰ চৰকাৰী শিক্ষা ব্যৱস্থা আৰু ভাল কৰিব লাগিব। নিযুক্তি পৰীক্ষা সন্দৰ্ভত ডঃ শৰ্মাই সম্পূৰ্ণ স্বচ্ছ আৰু নিকা হোৱা বুলি কয়। নিযুক্তি পৰীক্ষাৰ দিনা যুৱক সকলৰ সমানে যুৱতী সকলকো পৰীক্ষা গৃহত সোমোৱাৰ সময়ত নিৰীক্ষণ কৰিব লাগিব। ইয়াত আপত্তি কৰিব লগা কথা নাই।(congress)
নিযুক্তি পৰীক্ষাৰ উত্তৰ বহী সমূহ কম্পিউটাৰৰ সহায়ত ছোৱাৰ পাছত ছয়/ সাত জন বহিঃ মূল্যায়ক তথা বিশিষ্ট শিক্ষাবিদৰ দ্বাৰা পুনৰ পৰীক্ষা কৰি ফলাফল ঘোষণা কৰাৰ সিদ্ধান্ত লোৱা হৈছে। এইবাৰ এটা পদৰ বিপৰীতে মাত্ৰ এজন প্ৰাৰ্থী বাচনি কৰা হ’ব। কিবা কাৰণত এজন প্ৰাৰ্থী দুটা পদত বাচনি হ’লে লটাৰীৰ জৰিয়তে যিকোনো এটা পদতহে তেওঁক নিযুক্তি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। মহিলাৰ তালাচীৰ সময়ত মহিলাৰ অনুমতি ল’ব আৰক্ষীয়ে। অনুমতি প্ৰদান নকৰা মহিলা প্ৰাৰ্থীৰ হ’ব আছুতীয়া কোঠাত পৰীক্ষা।অক্টোবৰত পুনৰ অসম আৰক্ষীৰ নিযুক্তি আৰম্ভ কৰিব বুলি কয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।(ADRE)