Durga Puja 2024: দুৰ্গা পূজাৰ বাবে নিজক কিদৰে সাজু কৰিব

শাৰদীয় দুৰ্গোৎসৱ সমাগত। গাঁও – নগৰ সকলোতে দুৰ্গা পূজাৰ প্ৰস্তুতি পূৰ্ণোদ্যমে চলিছে। আমিও সকলোৱে সেই বিশেষ দিনকেইটাৰ বাবে অপেক্ষা কৰোঁ আৰু পৰিকল্পনা কৰি থওঁ। পূজাৰ কেইদিনত ক’ত যাম, কি পিন্ধিম, কি খাম বা ঘৰত আলহী- অতিথিৰ বাবে কি সাজু কৰি থ’ম, নিজক কি দৰে সজাই তুলিম ইত্যাদি ইত্যাদি। (Durga Puja 2024)

বাজেট:—–

পৰিকল্পনাৰ সৈতে নিজৰ বাজেটখনো মিলাই চাব লাগিব। ক’ত গ’লে, কি খালে বা কি বজাৰ কৰিলে কিমান খৰছ হ’ব, তাৰ আনুমানিক হিচাপ এটা উলিয়াব পাৰিলে ভাল। আচলতে পূজাৰ দুমাহ মানৰ আগৰ পৰা অলপ নিয়ন্ত্ৰণ কৰি চলিব পাৰিলে বাজেটখন সন্তুলিত হৈ থাকে। তেতিয়া সেইকেইদিন বিশেষ চিন্তাৰ কাৰণ নাথাকে।(durga puja budget)

বজাৰ: ——

প্রয়োজনীয় সামগ্ৰীহে পৰাপক্ষত ক্ৰয় কৰিব লাগে। ( যদিও পূজা বা বিহু বুলিলে বাজেটখন অলপ গধুৰ হয়।) নতুন কাপোৰ, নতুন জোতা কিনাৰ ক্ষেত্ৰত ভালকৈ চাই লোৱা উচিত। পৰিয়ালৰ সকলোলৈ সৰুকৈ হ’লেও কিবা এটা কিনিব। সেই সৰু সৰু কথাবোৰৰে সুখ লাভ কৰিব পাৰি। ঘৰুৱা খোৱা বজাৰখিনিও নিৰ্দিষ্ট সময়ত বজাৰ কৰি থোৱা ভাল। আটাইতকৈ দৰকাৰী কথা — শৰাই আদি দিবৰ বাবে শুকান বস্তু যেনে বুট – মগু ইত্যাদি, চাকি – ধুপ – তেল কিনি থৈ দিব লাগে।

সাজ-পাৰ :——-

এতিয়া এই পৰিকল্পনাৰ কোনটোৰ বাবে আটাইতকৈ আগত প্ৰস্তুত হ’ম, সেই বিষয়ে চিন্তা কৰোঁ। প্ৰথমে নিশ্চয় সাজ- সজ্জাৰ কথা আহিব, বিশেষকৈ যদি চিলাব লগীয়া কাপোৰ হয় কেইদিনমান আগত দিব লাগে, নহ’লে সময়ত হৈ নুঠিব পাৰে বা মনে বিচৰাৰ দৰে নহ’বও পাৰে। কিনা কাপোৰ হ’লেও নিজৰ জোখৰ কৰি ল’ব লাগে। প্ৰতি দিনাই নতুন কাপোৰ পিন্ধা সম্ভৱ নহয়, সেইবাবে কোন দিনা কি পিন্ধিব, সাজু কৰি থ’ব লাগে। দিনত সাধাৰণতে অলপ পাতল ৰঙৰ আৰু ৰাতি অলপ ডাঠ ৰঙৰ কাপোৰ পিন্ধিলে ভাল দেখি। তাৰোপৰি আৰামদায়ক হোৱা দৰকাৰ। জোতা-ছেন্ডেলৰ ক্ষেত্ৰতো পিন্ধিলে আৰামদায়ক অনুভৱ কৰা হ’ব লাগে।(durga puja dress)

মুখমণ্ডলৰ পৰিচৰ্যা:- ——-

আজিকালি বেছিভাগ মহিলাই বিউটি পাৰ্লাৰ গৈ নিজক অলপ ধুনীয়া কৰিবৰ বাবে সময় দিব বিচাৰে। নিজৰ প্ৰয়োজন অনুসৰি মুখমণ্ডলৰ যতন ল’ব পাৰে। ইচ্ছা কৰিলে ঘৰতো আমি মুখখন পৰিষ্কাৰ কৰি নাৰিকল তেল- ভিটামিন ই আৰু গোলাপ জল মিহলাই( সপ্তাহত চাৰি- পাঁচ দিন)মুখমণ্ডলত সঠিক পদ্ধতিৰে লগাই বা আন ঘৰুৱা উপায়েৰে নিজৰ মুখমণ্ডলৰ আৰু হাত- ভৰিৰ যত্ন ল’ব পাৰোঁ। নিৰ্দিষ্ট দিনৰ তিনি – চাৰিদিন মানৰ আগতে কৰিব পাৰিলে ভাল। মনত ৰাখিব লাগিব নিজৰ ছালৰ লগত খাপ খোৱা সামগ্ৰীহে মুখমণ্ডলত লগাব।

ক’ত যাব :——-

আমি সাধাৰণতে ঘৰৰ ওচৰৰ পূজাভাগত থাকি বেছি ভাল পাওঁ। সেই পূজাভাগলৈ প্ৰতিদিনেই কোনোবা এটা সময়ত যাবলৈ চেষ্টা কৰিব লাগে। দেৱাল বা ঐতিহাসিক পূজাভাগলৈ গৈয়ো আমি পৱিত্ৰতা বিচাৰি পাওঁ। ইয়াৰ ওপৰি আমি নিশা বিভিন্ন পূজা মণ্ডপ তথা পূজা চাই আনন্দ লাভ কৰিব পাৰোঁ আজিৰ যান্ত্ৰিক যুগত মানুহৰ ঘৰলৈ অহা- যোৱা কৰাটো প্ৰায় নোহোৱাৰ দৰেই হৈছে। সেইবাবে চিনাকি,আত্মীয়- কুটুমৰ ঘৰলৈ যোৱাটোও আপুনি এইবাৰ পৰিকল্পনা কৰিব পাৰে। কিছু লোকে পূজাৰ বন্ধতে নিজৰ ঠাইৰ পৰা দূৰৰ ঠাই চাবলৈ মন কৰে, আপুনিও এইবাৰ চিন্তা কৰি চাব পাৰে।

খোৱা-বোৱা : ——

খোৱাত ৰুচি থকাসকলে পূজাকেইদিনত বিভিন্ন খাদ্য সম্ভাৰ তথা খাদ্য প্ৰণালীৰ ব্যৱস্থা কৰিব পাৰে। যিয়ে যেনেকৈ যি খাই ভাল পায়, স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি ঘৰতেই হওক বা বাহিৰতেই হওক খোৱাৰ জুতি ল’ব পাৰে। কিছু লোকে অষ্টমী পূজাৰ দিনা ছাগলী মাংস, নৱমীৰ দিনা মিঠাই আৰু দশমীৰ দিনা মাছ খোৱাৰ পক্ষপাতিত্ব কৰে, অৱশ্যে ইয়াৰ যুক্তিযুক্ততা কিমান জনা নাযায়।

পূজাকেইদিনত আলহী- অতিথি অহাৰ সম্ভাৱনা অধিক। গতিকে নিজে কিছু খাদ্য সামগ্ৰী ঘৰতে সাজু কৰি থ’ব পাৰে। যেনে: নিমকি, নাৰিকল লাৰু, চুজিৰ লাৰু, ময়দা- চেনীৰে তৈয়াৰ কৰা ‘ কৰদৈ ‘ জাতীয় মিঠাই, পেৰা ইত্যাদি। তাৰোপৰি ৰন্ধা কামবোৰ সোনকাল হ’বৰ বাবে মচলা আদি তৈয়াৰ কৰি থ’ব পৰা যায়। জিৰা- ধনীয়া – জালুক গোটাকৈ কিনি আনি শুকান কেৰাহি এখনত ভাজি মিক্সিত গুৰি কৰি ৰাখিব পাৰি। এনেকৈ তৈয়াৰী মচলাৰ গোন্ধ আৰু সোৱাদেই সুকীয়া। তেনেকৈ লং – ইলাচি – ডালচেনি আদিও গুৰি কৰি ৰাখিব পৰা যায়।

পূজাৰ শৰাইৰ সামগ্ৰীসমূহ সযতনে ৰখা আৰু সময়ত শৰাই দিয়া আদি কাম আমি সুন্দৰকৈ কৰিবলৈ চেষ্টা কৰিব লাগে। বহুতে কুমাৰী পূজাত কুমাৰীকেইগৰাকীক বিভিন্ন সামগ্ৰী বা মূল্য কিবা দি সেৱা কৰে। গতিকে তেওঁলোকে সেইখিনি নিৰ্দিষ্ট সময়ত ভক্তিৰে কৰা উচিত। আপুনি আগতে এনে কৰা নাই যদি এইবাৰ কৰি চাব লাগে। মনটো পৱিত্ৰতাৰে ভৰি পৰে।

উপহাৰ:——

‌পূজা বুলি ঘৰুৱা মানুহ বা আলহী -অতিথিক বিশেষকৈ সৰু ল’ৰা- ছোৱালীক আৰু মহিলাসকলক উপহাৰ দিলে খুব আনন্দিত হয়। তাৰবাবে আমি গামোচা,ৰুমাল, দুটামান কিলিপ, নে’ল পলিছ, লিপষ্টিক, ব্ৰুজ পিন, কাণফুলি, বেলুনৰ পেকেট আদি আনি ৰাখিব পাৰোঁ।(durga puja gift)

ঘৰখন পৰিষ্কাৰকৈ ৰখা, নিয়াৰিকৈ ঘৰৰ কামবোৰ কৰা, সময়মতে পূজাথলীলৈ ওলাই যোৱা, পূজাথলীত নাম-গুণ গোৱা, আলহী শুশ্ৰূষা কৰা আদি সকলো আমাৰ নিজৰ নিজৰ ইচ্ছা আৰু দক্ষতাৰ ওপৰত নিৰ্ভৰ কৰে।

সকলোকে আগন্তুক দুৰ্গা পূজাৰ আন্তৰিক শুভেচ্ছা জনালোঁ। দেৱী দুৰ্গাই সকলোৰে জীৱনৰ পৰা অসুয়া- অমঙ্গল নাশ কৰি ঘৰে ঘৰে সুখ-শান্তি বিৰাজ কৰে যেন, এয়াই কামনা কৰিলোঁ।

লেখকঃ অঞ্জলী বৰদলৈ, গোলাঘাট

Related Articles