Puja Shopping 2024:পূজাৰ বজাৰ কৰিলেনে…

শাৰদীয় দূৰ্গা পূজা বুলিলেই উখল্-মাখল্ এক পৰিৱেশ। পূজাৰ বতৰ বুলিলেই জেলেপিৰ লোভনীয় গোন্ধৰ লগতে শাৰী -শাৰী দোকানসমুহত নতুন কাপোৰৰ চমক লগতে দেখিব ডিছকাউন্টৰ বেনাৰ সমুহ। জাক-জমক বস্তুৰে ভৰি থকা দোকানবিলাকৰ ওচৰ চাপিলেই সকলো লবৰ মন যায়।(Puja Shopping 2024)উৎকৃষ্ট মানৰ কাপোৰ কিনিবলৈও আজিকালি কাপোৰৰ মূল্য ও যথেষ্ট। কিনিবলগীয়া বস্তুৰ তালিকা এখন লৈ সেই মতে পইছা ও লগত ৰাখিব লাগে।হঠাতে কিবা এটা বস্তু দেখিলেই ক্ৰয় কৰাটো উচিত নহয়। বস্তু এপদ কিনাৰ আগতেই তাৰ প্ৰয়োজনীয়তাৰ কথা চিন্তা কৰিহে লব লাগে।


ঘৰত ব্যৱহাৰ কৰি থকা বস্তু এপদ ব্যৱহাৰৰ অনুপযোগী হক্সলেহে অন্য এবিধ কিনাৰ প্ৰয়োজন।আগৰটো পুৰণা মডেলৰ বুলিয়েই নতুন মডেলৰ বজাৰত দেখিলেই কিনি আনিব নালাগে।জধে-মধে বস্তু কিনি আনি ঘৰ ভৰালে ঘৰটোত সৌন্দৰ্য্য বৃদ্ধি হোৱাতকৈ হ্ৰাস হে পাব। আজিকালি ক্সঅনলাইন বজাৰ ক্সত সকলোৱে গুৰুত্ব দিয়ে। গতিকে দেখা যায় দোকান বোৰত আগতকৈ পূজাৰ বজাৰত ভীৰ বহু গুণে কম।ক্সঅন লাইনক্স বজাৰত গুৰুত্ব দিয়া সকলে কাপোৰৰ ক্ষেত্ৰত ঠগ খাই।গতিকে বিজ্ঞাপন চাই কাপোৰ কিনোতে সচেতন হক্সব লাগে।(durga puja 2024)

অৱশ্যে কম মূল্যত কেতিয়াবা ভাল কাপোৰ ও পোৱা যায়। কেতিয়াবা আগধন পৰিশোধ কৰাৰ পিছতো বস্তু হাতত আহি নাপায়।গতিকে অনলাইন বজাৰ কৰোতে সাৱধান হ’ব। কাপোৰৰ ক্ষেত্ৰত দেখা যায় কিছুমান ডিজাইন অলপ দিনহে চলে গতিকে ভাল লাগিলেই নিকিনি ,বিবেচনা কৰি বেছি দিন যাতে পিন্ধিব পাৰে তেনে কাপোৰ সাজ ক্ৰয় কৰক।সময়ৰ লগে লগে ডিজাইন সলনি হোৱাটো স্বাভাৱিক।সদায় কাপোৰ কিনোতে ভালদৰে চাই লৈ কিনিব লাগে।নহক্সলে কেতিয়াবা ৰং যাব পাৰে,জোখতকৈ সৰু বা ডাঙৰ হক্সব পাৰে। এবাৰ বিক্ৰী হোৱা বস্তু ঘুৰাই লোৱা নহয় লক্সলে ও একে দামৰ অন্য এটা বস্তু লব লগীয়া হয়।গ্ৰাহকৰ অজ্ঞতাৰ সুযোগ লৈ বিক্ৰেতাই গ্ৰাহকক কোনো এবিধ বস্তু লবলৈ হেঁচা দিয়া দেখা যায়।কেইবাখনো দোকান ঘুৰি বস্তু এপদ উচিত দাম জানি লক্সব লাগে বা আণুমানিক মূল্য কিমান হক্সব পাৰে তাৰ বাৱে সচেতন নহলে বিপদত পৰিব লগা হব।


পূজা মানেই সকলোৰে মন জয় কৰা সময়।সৰু ল’ৰা-ছোৱালী বিলাক পূজা বুলিলেই খেলনা ,পুতলা ,নতুন কাপোৰ লৈ ভাল পায়।সৰু লক্সৰা-ছোৱালীৰ কাপোৰৰ ক্ষেত্ৰত দেখা যায় যে বেছিদিন তেওঁলোকে পিন্ধিব নোৱাৰে সোনকালে কাপোৰবোৰ সৰু হৈ পৰে ,যিহেতু তেওঁলোক প্ৰতি বছৰে বাঢ়ি আহে ।গতিকে জোখতকৈ অলপ ডাঙৰ কাপোৰ ক্ৰয় কৰিলে পিছৰ বছৰো পিন্ধিব পৰা হয়।(durga puja gift)


পূজাৰ বজাৰ কৰোতে কাপোৰৰ লগতে এযোৰ নতুন জোতা ও কিনা হয় । পূজাৰ মেলা আৰু পূজা মন্ডপ সমুহত দেৱী দৰ্শন কৰিবলৈ যিহেতু খোজকাঢ়িয়েই যাব লগা হয়,গতিকে ফ্লেট চেন্ডেল কিনিলে সুবিধাজনক হ’ব। পূজাত গহণা বা অলংকাৰ কিনা হয় বা নতুনকৈ গঢ়াব পাৰে। অৱশ্যে নানা ধৰণৰ অলংকাৰে পূজাৰ মেলাসমুহ ভৰি থাকে। গতিকে নানা ডিজাইনৰ গহনা পূজাৰ মেলাসমুহৰ পৰা ক্ৰয় কৰিব পাৰি। কাপোৰৰ লগত মিলাই পিন্ধা টেন্ড এটা যিহেতু চলি আছে গতিকে বিভিন্ন ৰংৰ কম খৰচতে অলংকাৰ কিনি লব পাৰি। জনাজাত নামী দোকানৰ পৰা অলংকাৰ কিনিলে ভাল। অলংকাৰৰ পিছতেই পূজাত নতুন কাপোৰ সাজৰ লগত মিলাই প্ৰয়োজন হয় ক্সহেনদ বেগ ক্স এটাৰ।পূজাৰ মেলা সমুহত বিভিন্ন বেগৰ দোকান দেখা যায়।(durga puja dress)


পূজাৰ কথা যেতিয়া পৰিয়ালৰ সদস্য ৰ লগতে বন্ধু-বান্ধৱীকো উপহাৰ দিয়া হয়। কাপোৰৰ ক্ষেত্রত কেইবা জোৰো কাপোৰ কিনিবলৈ হক্সলে ক্টহক্সল চেলাৰক্ট ৰ পৰা ক্ৰয় কৰিলে অলপ সুলভ মূল্যত পোৱা যায়। পূজাৰ আগে আগে ব্যৱসায়ী সকলে বাহিৰৰ পৰা চুৰাট,কলকাতা আদি বিভিন্ন ঠাইৰ পৰা বিভিন্ন ধৰণৰ কাপোৰ আনে। গতিকে ভাল চাই মনৰ পছন্দ মতে কাপোৰ কিনি লব পাৰে।


বিক্ৰেতাই জধে-মধে দাম কক্সলেই ক্ৰয় কৰাটো উচিত নহয়। গ্ৰাহক হিচাপে সচেতন আৰু উদ্যমী হওঁক। পূজাৰ আটাইকেইদিন সুন্দৰ সাজ পাৰেৰে নিজকে সুন্দৰকৈ সজাই লওঁক। উৎসৱ-পাৰ্বন অবিহনে মানুহৰ মনবোৰ উৰুঙা উৰুঙা লাগে। গতিকে সকলোৱে নতুন উদ্যমেৰে দুৰ্গোৎসৱৰ বাৱে সাজু হোৱৰহে কথা।শাৰদীয় দুৰ্গোৎসৱ জাকজমকতাৰে ভৰি পৰক, শাৰদীয় শুভকামনা জনালো।

লেখকঃ গীতাশ্রী বৰা,গোলাঘাট

Related Articles