Maa Kamakhya Temple: কামাখ্যা মন্দিৰত ২৫ ছেপ্টেম্বৰৰ পৰা ১৫ দিনীয়াকৈ শাৰদীয় দুৰ্গোৎসৱ

গুৱাহাটী, ২২ ছেপ্টেম্বৰ : শক্তিপীঠ হিচাপে পৰিচিত শ্ৰী শ্ৰী কামাখ্যা মন্দিৰত পৰম্পৰাগত ভাৱে অহা ২৫ ছেপ্টম্বৰত কৃষ্ণ নৱমী পূজাৰে এইবাৰ ১৫ দিনীয়াকৈ শাৰদীয় দুৰ্গা পূজাৰ শুভাৰম্ভ কৰা হ’ব। শনিবাৰে আবেলি কামাখ্যা মন্দিৰৰ অতিথিশালাত আয়োজিত এক সংবাদমেলত আগন্তুক দুৰ্গা পূজাৰ কাৰ্য্যসূচীৰ বিষয়ে সদৰি কৰি কামাখ্যা বৰদেউৰী সমাজৰ বৰ দলৈ কৱীন্দ্ৰ প্ৰসাদ শৰ্মাই কয় অহা ২৫ ছেপ্টেম্বৰত আবেলি ২ বজাত মন্দিৰৰ দুৱাৰ বন্ধ কৰা হ’ব।(Maa Kamakhya Temple)

সিদিনা পুৱা নিত্যপূজাৰ পাচত দেৱালয়ৰ দুৱাৰ যাত্ৰীৰ বাবে খোলা হ’ব আৰু মাত্ৰ দুই হাজাৰ ভক্ত বা যাত্রীক হে গর্ভগৃহত দৰ্শনৰ সুবিধা দিয়া হ’ব। মূর্তি দৰ্শনৰ বাবে পুৱা ৭ বজাৰ পৰা আৱেলি ২ বজালৈ ব্যৱস্থা থাকিব। সিদিনা ভি আই পিৰ বিশেষ দর্শনৰ ব্যৱস্থা বন্ধ থাকিব। (durga puja 2024)

২৬ ছেপ্টম্বৰৰ পৰা ৯ অক্টোবৰলৈ পুৱা ৮.৩০ বজাত মন্দিৰৰ দুৱাৰ মুকলি কৰা হ’ব। সেই কেইদিনত বিশেষ দৰ্শনৰ ব্যৱস্থা সীমিত ৰখা হৈছে। ১০ অক্টোবৰ সপ্তমী পূজাৰ দিনা পুৱা ১০ বজাত মন্দিৰৰ দুৱাৰ খোলা হ’ব। বিয়লি মন্দিৰৰ দুৱাৰ বন্ধ কৰি দেৱীৰ ভোগ আৰু আৰতি সমাপন কৰা হ’ব।

সেইদিনাও ভি আই পিৰ বিশেষ দর্শনৰ ব্যৱস্থা বন্ধ থাকিব। ১১ অক্টোবৰত অষ্টমী আৰু নৱমী পূজাৰ বাবে আবেলি ডেৰ বজাত মন্দিৰৰ দুৱাৰ খোলা হ’ব। সিদিনা ১,২০০ জন যাত্রীৰহে গৰ্ভগৃহত দৰ্শনৰ ব্যৱস্থা থাকিব। পুৱা দেৱীৰ স্নান পৰ্বৰ পাছত যাত্রীসকলে ১নং গেটেৰে দেৱীৰ প্ৰতিমূৰ্তি দৰ্শন কৰিব পাৰিব। (durga puja 2024 organized at Kamakhya Temple)

পুৱা ১০ বজাৰ পাছত ২ নং গেটেৰেহে দেৱীৰ প্ৰতিমূর্তি দর্শনৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। সেইদিনাও ভি আই পিৰ বিশেষ দর্শনৰ ব্যৱস্থা বন্ধ থাকিব। ১২ অক্টোবৰ দশমী পূজাৰ দিনা পুৱা ১০ বজাত মন্দিৰৰ দুৱাৰ খোলা হ’ব। দুপৰীয়া ভোগ নিবেদনৰ পাছতে আবেলি ১ বজাত মন্দিৰৰ দুৱাৰ বন্ধ কৰা হ’ব। সিদিনাই কামাখ্যা দেৱালয়ত ১৫ দিনীয়া দুৰ্গা পূজাৰ সামৰণি পাৰিব। আনহাতে সংবাদ মেলত বৰদেউৰী সমাজৰ সৰু দলৈ হিমাদ্ৰি শৰ্মা, সচিব জ্ঞাননাথ শৰ্মা উপস্থিত আছিল।

Related Articles