Nature:পুৱাই প্ৰকৃতিৰ সৈতে সময় কটাওক, দেখিব আপোনাৰ সাস্থ্যৰ উন্নতি

বৰ্তমান ব্যস্ত জীৱনত মানুহে নিজৰ দৈনন্দিন কাম-কাজত ইমানেই ব্যস্ত হৈ পৰিছে যে নিজৰ বাবে সময় বিচাৰি পোৱাটো কঠিন হৈ পৰিছে।(Nature) বিশেষকৈ ৰাতিপুৱা বেছিভাগ মানুহৰে খৰখেদা হয়। কিন্তু আপুনি জানেনে যে ৰাতিপুৱা প্ৰকৃতিৰ সৈতে অলপ সময় কটালে আপোনাৰ দিনটো ভাল হোৱাই নহয় শাৰীৰিক আৰু মানসিক স্বাস্থ্যও শক্তিশালী হ’ব পাৰে। আপোনাৰ ৰাতিপুৱাৰ ৰুটিনত প্ৰকৃতিৰ সৈতে সংযোগ স্থাপনৰ ৫টা উপকাৰৰ বিষয়ে জানো আহকঃ

ৰাতিপুৱাই প্ৰকৃতিৰ লগত সময় কটালে মনলৈ গভীৰ শান্তি পোৱা যায়। সূৰ্য্য উদয়ৰ সময়ত শান্ত পৰিৱেশত মুকলি আকাশৰ তলত খোজ কাঢ়িলে আপোনাৰ মানসিক ক্লান্তি দূৰ হয় আৰু দিনটোৰ কামৰ বাবে মানসিকভাৱে প্ৰস্তুত হয়। সেউজীয়া ঠাইত ৰাতিপুৱা খোজ কাঢ়িলে আপোনাৰ মগজুত চেৰ’টনিন হৰম’ন বৃদ্ধি পায়, যাৰ ফলত গোটেই দিনটো সতেজ অনুভৱ হয়।(connecting with nature early in the morning)

প্ৰকৃতিৰ সৈতে সংযোগ স্থাপন কৰিলে মানসিক চাপ আৰু উদ্বেগও হ্ৰাস পায়। বৈজ্ঞানিক অধ্যয়নে প্ৰমাণ কৰিছে যে সেউজীয়া ঠাইত সময় কটালে ষ্ট্ৰেছ হৰম’ন ‘কৰ্টিছল’ৰ মাত্ৰা হ্ৰাস পায়, যাৰ ফলত মানসিক চাপ আৰু উদ্বেগ নিয়ন্ত্ৰণ হয়। ৰাতিপুৱা সোনকালে বাৰীত বা পাৰ্কত বহি লঘু ব্যায়াম বা যোগাসন কৰিলে মানসিক চাপৰ পৰা উপশম পাব পাৰি।

প্ৰাকৃতিক পৰিৱেশত ৰাতিপুৱা খোজ কাঢ়িলেও শাৰীৰিক স্বাস্থ্যৰ উন্নতি হয়। শুদ্ধ বতাহৰ গভীৰ উশাহ ল’লে হাওঁফাওঁত অধিক অক্সিজেন যোগান ধৰা হয়, যাৰ ফলত ৰক্ত সঞ্চালন উন্নত হয় আৰু হৃদৰোগৰ সম্ভাৱনা কম হয়। ইয়াৰ লগতে শৰীৰে ৰাতিপুৱাৰ সূৰ্যৰ পোহৰৰ পৰা ভিটামিন ডি লাভ কৰে, যিয়ে হাড় শক্তিশালী কৰাত সহায় কৰে।(amazing benefits of connecting with nature early in the morning)

ৰাতিপুৱাৰ সতেজ বতাহত সময় কটালে মনটো পৰিষ্কাৰ হয় আৰু সৃষ্টিশীলতা বৃদ্ধি পায়। মনটোক অলপ মুক্ত কৰি প্ৰকৃতিৰ সৌন্দৰ্য্য দেখিলেই আপোনাৰ চিন্তা শক্তিৰ উন্নতি ঘটে আৰু আপুনি নিজৰ কামত মনোনিৱেশ কৰিবলৈ সক্ষম হয়। সেয়ে ৰাতিপুৱা প্ৰকৃতিৰ লগত সময় কটোৱা মানুহবোৰ গোটেই দিনটো অধিক উৎপাদনশীল হয়।

যদি আপুনি ৰাতি টোপনি নাহে বা সঠিকভাৱে টোপনি আহিব নোৱাৰে, তেন্তে ৰাতিপুৱাই প্ৰকৃতিৰ সৈতে সময় কটালে আপোনাৰ টোপনি ভাল হ’ব পাৰে। ৰাতিপুৱাৰ সূৰ্য্যৰ পোহৰে আপোনাৰ শৰীৰত মেলাটনিন হৰম’ন নিঃসৰণ কৰে, যিয়ে আপোনাৰ টোপনি নিয়ন্ত্ৰণ কৰে। গতিকে নিয়মিতভাৱে পুৱা প্ৰকৃতিৰ লগত সময় কটোৱা লোকসকলে ৰাতি ভাল টোপনি লাভ কৰে আৰু টোপনিৰ ধৰণো ভাল হয়।

Related Articles