Schoolgirl Killed in Road Accident: কাছাৰৰ ৬নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত পথ দুৰ্ঘটনাত এগৰাকী স্কুলীয়া ছাত্ৰীৰ মৃত্যু

শিলচৰ, ২৫ ছেপ্টেম্বৰ: কাছাৰৰ ৬নং ৰাষ্ট্ৰীয় ঘাইপথ(National Highway 6)ৰ গুমৰা এলেকাত ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে এগৰাকী স্কুলীয়া ছাত্ৰীয়ে(Schoolgirl Killed in Road Accident) ৷ প্ৰত্যক্ষদৰ্শীৰ তথ্য অনুসৰি শিলচৰৰ দিশত অহা চিলিণ্ডাৰ বোজাই এখন লৰীয়ে খুন্দা মৰাৰ ফলত প্ৰাণ হেৰুৱাই স্কুলীয়া ছাত্ৰী ছাহানিয়া পাৰভিন বৰভূঞাই(Tragic death of schoolgirl) ৷

ওচৰৰে খেলমা সপ্তম খণ্ডত ছাত্ৰীজনীৰ ঘৰ৷ দুৰ্ঘটনাৰ পিছত গুমৰা অঞ্চলত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ উত্তেজিত ৰাইজে আৰু বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে পথ অৱৰোধ(Road block in Cachar) কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷

স্থানীয় প্ৰশাসনৰ বিষয়াকে ধৰি স্থানীয় প্ৰতিনিধিয়ে ৰাষ্ট্ৰীয় ঘাইপথৰ অৱৰোধ মুকলি কৰিবলৈ বহু চেষ্টা কৰে যদিও বহু সময়লৈকে সক্ষম হোৱা নাই ৷

অৱৰোধকাৰীসকলে স্পষ্ট কৰি দিয়ে যে মৃত ছাত্ৰীগৰাকীয়ে যেতিয়ালৈকে ন্যায় নাপায় তেতিয়ালৈকে অৱৰোধ প্ৰত্যাহাৰ কৰা নহ’ব ৷ অৱশ্যে তিনি ঘণ্টাৰ পিছত ৰাষ্ট্ৰীয় ঘাইপথৰ অৱৰোধ মুকলি কৰা হয় ৷

উল্লেখ্য যে, মঙলবাৰে পুৱা নলবাৰী জিলাৰ টিহুতো সংঘটিত হয় আন এগৰাকী ছাত্ৰীৰ মৃত্যুৰ ঘটনা । টিহু নগৰৰ উন্মুক্ত নলাত পৰি নৱম শ্ৰেণীৰ শিক্ষাৰ্থী এগৰাকী নিহত হোৱা ঘটনাই সমগ্ৰ টিহু অঞ্চলত গভীৰ শোকৰ ছাঁ পেলাইছে(Tragic accident in Tihu) ৷ ঘটনাৰ বিৱৰণী অনুসৰি পুৱাৰ ভাগত টিহুৰ শংকৰদেৱ বিদ্যা নিকেতন(Shankardev Vidya Niketan)ৰ নৱম শ্ৰেণীৰ শিক্ষাৰ্থী ভাস্বতী কলিতাই এগৰাকী শিক্ষকৰ ওচৰত টিউচনৰ পাঠ গ্ৰহণ কৰি ডাগা মিল আৰু টিহুৰ এফআৰইউ চিকিৎসালয় সংযোগী পথেৰে(Tihu FRU Hospital road) এ এছ-১৪ এন-১১০২ নম্বৰৰ এখন স্কুটীৰে ঘৰলৈ উভতি যোৱাৰ সময়ত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ নলাত বাগৰি পৰে ৷

দুৰ্ঘটনাথলীৰ ওচৰ-চুবুৰীয়াই লগে লগে টিহুৰ এফআৰইউ চিকিৎসালয়লৈ নিয়াত ডাক্তৰে নলবাৰী(Nalbari Hospital)লৈ প্ৰেৰণ কৰে যদিও ইতিমধ্যে তেওঁৰ মৃত্যু হয়(Tragic accident in Tihu) ৷ মৃত শিক্ষাৰ্থীগৰাকীৰ ঘৰ টিহুৰ ৰণাকুছি গাঁৱত আৰু গাঁওখনৰ গাঁওপ্ৰধান বাপন কলিতা আৰু সংগীতা কলিতাৰ প্ৰথমা জীয়াৰী আছিল ৷

Related Articles