Assam Cabinet:নৱম শ্ৰেণীৰ ৩ লক্ষাধিক ছাত্র-ছাত্রীলৈ চাইকেল

দৈনন্দিন বাৰ্তা,গুৱাহাটী, ২৫ ছেপ্টেম্বৰ: (Assam Cabinet)নৱম শ্ৰেণীৰ ৩ লক্ষাধিক ছাত্র-ছাত্রীলৈ চাইকেল )ৰাজ্যৰ নৱম শ্ৰেণীৰ ৩,২৩,৬৪০ গৰাকী ছাত্র-ছাত্রীক চৰকাৰে প্ৰদান কৰিব চাইকেল । ইয়াৰ বাবে মঙলবাৰে ৰাজ্যিক কেবিনেটে ১৪৮.৫৫ কোটি টকাৰ অনুমোদন জনায় । (Himanta biswa sarma)মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত মঙলবাৰে দিছপুৰৰ লোকসেৱা ভৱনত ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠক অনুষ্ঠিত হয় । কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । কেবিনেটৰ সিদ্ধান্তসমূহ সংবাদমেলযোগে সদৰী কৰে মন্ত্রী জয়ন্তমল্ল বৰুৱাই । (Jayanta Malla Baruah)

(Assam Cabinet)কেবিনেটৰ সিদ্ধান্ত:কেবিনেটে দ্বৈত ৰে’ল লাইনৰ বাবে প্ৰয়োজনীয় ৮ বিঘা ভূমি ৰে’লৱেক দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে । বিশেষকৈ গোৱালপাৰা হৈ আজাৰা-কামাখ্যা অনুমোদিত দ্বৈত ৰে’ল লাইনৰ বাবে প্ৰয়োজনীয় অসম চৰকাৰৰ আঠ বিঘা ভূমি ৰে’লৱেক দিয়াৰ বাবে কেবিনেটে অনুমোদন জনায় । ইয়াৰে সাত বিঘা ভূমি জালুকবাৰী মৌজাৰ অধীনৰ আৰু এক বিঘা ভূমি চকৰ্দৈ মৌজাৰ অধীনৰ ।
ৰাজ্যৰ হাজো, মাজুলী আৰু টিংখাঙত নিৰ্মাণ হৈ থকা তিনিখন পলিটেকনিকৰ বাবে কেবিনেটে ১৫০ কোটি টকাৰ অনুমোদন দিয়ে ।অসমৰ বিভিন্ন ইঞ্জিনীয়াৰিং আৰু পলিটেকনিক কলেজত নিয়োজিত হৈ থকা ৪৫১ গৰাকী অংশকালীন ফেকাল্টিক খালী থকা পদত নিযুক্তি দিয়াৰ বাবে কেবিনেটে অনুমোদন জনায় ।
(Assam Cabinet)কেবিনেটৰ সিদ্ধান্ত:নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক চাইকেল দিয়াৰ ক্ষেত্রত কেবিনেটৰ অনুমোদন । ৰাজ্যৰ নৱম শ্ৰেণীৰ ৩,২৩,৬৪০ গৰাকী ছাত্র আৰু ছাত্রীক চাইকেল দিয়াৰ বাবে মঙলবাৰৰ কেবিনেটে ১৪৮.৫৫ কোটি টকাৰ অনুমোদন জনায় । চাইকেল দিয়াৰ উদ্দেশ্য হৈছে যাতে শিক্ষাৰ্থীসকল সময়মতে তথা নিয়মীয়াকৈ শ্ৰেণীত উপস্থিত থাকিব পাৰে আৰু ড্ৰপ আউটৰ হাৰ কমি আহে ।
(Assam Cabinet)কেবিনেটৰ সিদ্ধান্ত:কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি ১৩১ গৰাকী শিক্ষক নিযুক্তি দিছিল । অসম চৰকাৰ তথা বিত্ত বিভাগৰ সন্মতি অবিহনে প্ৰয়োজনৰ তাগিদাত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে এই নিযুক্তি দিছিল । মঙলবাৰৰ কেবিনেটে নিযুক্তি দিয়া উক্ত ১৩১ গৰাকী শিক্ষকৰ নিয়মীয়াকৰণৰ ক্ষেত্রত অনুমোদন জনায় । লগতে অসম চৰকাৰে ভৱিষ্যতে এনেদৰে নিযুক্তি নিদিয়াৰ বাবে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে অসম চৰকাৰৰ পৰা অনুমতি ল’ব লাগিব ।

Related Articles