RTI activist Dulal Borah: দিল্লী আৰক্ষীৰ জালত দুলাল বৰা, আজি অসমলৈ

দৈনন্দিন বাৰ্তাৰ প্ৰতিনিধি, ২৬ ছেপ্টেম্বৰঃ চৰাইদেউৰ দেৱজিৎ হাজৰিকা নামৰ পঞ্চায়ত সভাপতি এগৰাকীৰ আত্মহত্যাৰ ঘটনাত সাঙোৰ খাই মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ চমন পোৱাৰ পিছতো নতুন দিল্লীত আত্মগোপন কৰি থকা আৰ টি আই কৰ্মী তথা এটা পোৰ্টেল নিউজ চেনেলৰ মালিক দুলাল বৰাক গ্ৰেপ্তাৰ কৰি সোধা পোচা অব্যাহত ৰাখিছে আৰক্ষীয়ে৷ (RTI activist Dulal Borah)

দিল্লীৰ এখন হাস্পতালৰ পৰা দিল্লী আৰক্ষীৰ হাতত আটক হোৱা দুলাল বৰাক বৃহস্পতিবাৰে অসমলৈ আনিব অসম আৰক্ষীয়ে৷ উল্লেখ্য, চৰাইদেউৰ বিজেপি নেতা তথা ৰজাপুখুৰী পঞ্চায়তৰ সভাপতি দেৱজিৎ হাজৰিকাৰ আত্মহত্যাৰ ঘটনাৰ সৈতে নাম সাঙোৰ খোৱা বিতৰ্কিত আৰ টি আই কৰ্মী, ব্যৱসায়ী দুলাল মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে অবৈধ ধন লেনদেন সম্পৰ্কীয় এটা গোচৰত জেৰাৰ বাবে চমন জাৰি কৰিছিল৷ (Dulal Borah)

দুলাল বৰাক মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে যোৱা ২৩ ছেপ্টেম্বৰত মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ কাৰ্যালয়ত হাজিৰ হ’বলৈ নিৰ্দেশ দিছিল৷ কিন্তু দুলাল বৰা নিজে উপস্থিত নাথাকি নিজৰ মেনেজাৰকহে মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ কাৰ্যালয়লৈ পঠিয়াইছিল৷ বিতৰ্কিত আৰ টি আই কৰ্মী দুলাল বৰাই এটা নিউজ পৰ্টেল চলাই আছিল৷ উক্ত পৰ্টেলটোত এগৰাকী বিতৰ্কিত চিকিৎসক মৃদুপৱন নাথে বৃহৎ পৰিমাণৰ ধন বিনিয়োগ কৰাৰ প্ৰসংগতে মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে দুলাল বৰাক বিচাৰিছিল৷ বৰাৰ প’ৰ্টেলত ডাঃ মৃদুপৱন নাথে ধন বিনিয়োগ কৰাৰ তথ্য তদাৰকী কোষে লাভ কৰিছিল৷ চমনৰ মতে, ২৩ ছেপ্টেম্বৰত দুলাল বৰাৰ প্ৰতিষ্ঠানৰ প্ৰবন্ধক বৰ্মন নথি-পত্ৰলৈ তদন্তকাৰী বিষয়াৰ আগত হাজিৰ হয় যদিও দুলাল বৰা আৰু তেওঁৰ পত্নী হাজিৰ নহ’ল৷ বৰ্মনক তদন্তকাৰী বিষয়াই দীৰ্ঘ সময় ধৰি কৰা জেৰাৰ পাছত যাবলৈ দিয়ে৷ (dulal bora arrested from delhi)

উল্লেখ্য যে আত্মহত্যা টোকাত দুলাল বৰাই ব্লেকমেইল কৰাৰ কথা উল্লেখ কৰি গৈছিল বিজেপিৰ যুৱ নেতাগৰাকীয়ে৷ তাৰ পিছতেই অসম আৰক্ষীয়ে বিচাৰি ফুৰিছিল যদিও দুলাল বৰাৰ সন্ধান লাভ কৰা নাছিল৷ বুধবাৰে আটক কৰাৰ পিছত বৰ্তমান দিল্লীৰ কীৰ্তি নগৰ থানাত ৰখা হৈছে দুলাল বৰাক৷ অসম আৰক্ষীৰ উচ্ছস্তৰীয় সূত্ৰৰ পৰা জানিব পৰা অনুসৰি দুলাল বৰাক আনিবলৈ অসম আৰক্ষীৰ এটা দল ইতিমধ্যে দিল্লীলৈ পাইছেগৈ৷ ইফালে তদাৰকী কোষৰ সমুখত হাজিৰ নোহোৱা দুলাল বৰাক শীঘ্ৰেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে আগবেলা সদৰী কৰিছিল৷ (HIMANTA BISWA SARMA)

দুলাল বৰাক আৰ টি আইত নিষিদ্ধ কৰা বুলি সদৰি কৰি ড॰ শৰ্মাই কয়, ‘দুলাল বৰাক কোনো আৰ টি আই কৰ্মী হিচাপে নহয় এজন অপৰাধী হিচাপে গণ্য কৰা হ’ব৷ দুলাল বৰা সন্দৰ্ভত কেবিনেটত আলোচনা হৈছে৷ দুলাল বৰাৰ কোনো আৰ টি আইৰ উত্তৰ নিদিবলৈ সকলো চৰকাৰী বিভাগক নিৰ্দেশ দিয়া হৈছে৷ লগতে ৰাজ্যিক তথ্য আয়োগকো দুলাল বৰাক কোনো আৰ টি আই কৰ্মী হিচাপে নহয়, এজন অপৰাধী হিচাপে গণ্য কৰাৰ কথা কোৱা হৈছে৷৷

Related Articles