jagiroad news: কিশোৰীৰ সৈতে অপকৰ্ম বিজয় বিশ্বাসৰ

জাগীৰোডত সংঘটিত হৈছে এক জঘন্য কাণ্ড ৷ এগৰাকী কিশোৰীক ফুচুলাই অপকৰ্ম কৰে এটা নৰপিশাচে৷ জাগীৰোডৰ বাগানবস্তিত সংঘটিত হয় এই জঘন্য ঘটনা। (jagiroad news)

জাগীৰোডত সংঘটিত হৈছে এক জঘন্য ধৰ্ষণকাণ্ড ৷ এগৰাকী কিশোৰীক ফুচুলাই নি উপৰ্যুপৰি ধৰ্ষণ কৰে এটা নৰপিশাচে৷ জাগীৰোডৰ বাগানবস্তিত সংঘটিত হয় এই জঘন্য ঘটনা৷ ঘটনা মতে জাগীৰোডৰ ডোঙাবড়ীৰ নৱম শ্ৰেণীৰ ছাত্ৰীগৰাকীয়ে বুধবাৰে নিজ ঘৰতে ভনিয়েকৰ সৈতে বাকবিতণ্ডাত লিপ্ত হৈ ওলাই আহে ঘৰৰ পৰা ৷

জাগীৰোডৰ মইনাজানত থকা মোমায়েকৰ ঘৰলৈ অহাৰ সময়তে সন্ধিয়া প্ৰায় ৬ বজাত কিশোৰী গৰাকীক লগ পায় পেচাত গাড়ীচালক লম্পট বিজয় বিশ্বাসে ৷ তেতিয়াই কিশোৰীগৰাকীক ফুচুলাই নিজৰ AS-01-DN-3731 নম্বৰৰ আৰটিগা গাড়ীখনত উঠাই অজ্ঞাত স্থানলৈ লৈ যায় লম্পটটোৱে ৷

তাৰ পিছতে ১৬ বছৰীয়া কিশোৰীগৰাকীক নিশা উপৰ্যুপৰি ধৰ্ষণ কৰে ৷ উপৰ্যুপৰি ধৰ্ষণৰ পিছত কিশোৰীগৰাকীৰ অভিভাৱকক ফোন কৰি কিশোৰী গৰাকী সুৰক্ষিত আছে বুলি জনায় নৰপিশাচ বিজয় বিশ্বাসে ৷ বৃহস্পতিবাৰে পুৱা অভিভাৱকে কিশোৰী গৰাকীক ঘৰলৈ লৈ যোৱাৰ পিছতে কিশোৰীগৰাকীয়ে অৱগত কৰে সকলো কথা ৷

ঘটনা সন্দৰ্ভত দৰিদ্ৰ পৰিয়ালটোৱে জাগীৰোড আৰক্ষীক অবগত কৰাত গ্ৰেপ্তৰ কৰে ধৰ্ষণকাৰী বিজয় বিশ্বাসক ৷ ভাৰতীয় ন্যায় সংহিতা 65 (1) / 3(5) আৰু POCSO (6) ধাৰাৰ অধীনত 187/2024 নম্বৰ গোচৰ ৰুজু কৰি জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে৷ উল্লেখ্য যে, ইতিমধ্যে আৰক্ষীৰ জেৰাত সমগ্ৰ ঘটনা স্বীকাৰ কৰিছে অভিযুক্ত বিজয় বিশ্বাসে৷

Related Articles