AGP gratitude’Chief Ministerমুখ্যমন্ত্ৰীক কৃতজ্ঞতা অগপৰ

AGP gratitude’Chief Minister অসম চুক্তি ৰূপায়ণৰ দিশত অসম চৰকাৰৰ বৃহৎ পদক্ষেপ ৷ মুখ্যমন্ত্ৰীক কৃতজ্ঞতা অগপৰ ৷ অসম গণ পৰিষদৰ হৈ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত, উপ সভাপতিদ্বয় বিষ্ণু দাস আৰু অপূৰ্ব ভট্টাচাৰ্য, সাধাৰণ সম্পাদক মনোজ শইকীয়া, ড° তপন দাস, সুনীল ডেকা আৰু মণিমাধৱ মহন্ত তথা সম্পাদক গুণমণি ভূঞাৰ লগতে কেইবাগৰাকীও দলীয় বিষয়ববীয়াই আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াক সাক্ষাৎ কৰি কৃতজ্ঞতা জ্ঞাপন কৰে।

দৈনন্দিন বাৰ্তা গুৱাহাটী, ২৬ ছেপ্টেম্বৰ

AGP gratitude’Chief Minister অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণৰ উদ্দেশ্যে ন্যায়াধীশ (অৱসৰপ্ৰাপ্ত) বিপ্লৱ শৰ্মা কমিটীৰ পৰামৰ্শসমূহৰ ভিতৰত ৰাজ্য চৰকাৰৰ আওতাত পৰা দফাসমূহ কাৰ্যকৰী কৰিবলৈ লোৱা যুগান্তকাৰী পদক্ষেপৰ বাবে আজি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক অসম গণ পৰিষদৰ তৰফৰপৰা আনুষ্ঠানিকভাৱে কৃতজ্ঞতা তথা অভিনন্দন জ্ঞাপন কৰা হয় ৷ অসম গণ পৰিষদৰ হৈ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত, উপ সভাপতিদ্বয় বিষ্ণু দাস আৰু অপূৰ্ব ভট্টাচাৰ্য, সাধাৰণ সম্পাদক মনোজ শইকীয়া, ড° তপন দাস, সুনীল ডেকা আৰু মণিমাধৱ মহন্ত তথা সম্পাদক গুণমণি ভূঞাৰ লগতে কেইবাগৰাকীও দলীয় বিষয়ববীয়াই আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াক সাক্ষাৎ কৰি কৃতজ্ঞতা জ্ঞাপন কৰে । ঐতিহাসিক অসম চুক্তি ৰূপায়ণৰ প্ৰতিশ্ৰুতিৰে জন্ম লাভ কৰা অগপৰ সৰ্বস্তৰৰ নেতা-কৰ্মী এতিয়া অতিকৈ সুখী আৰু উৎসাহিত। মাননীয় মুখ্যমন্ত্ৰী শৰ্মা ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত পৰিচালিত চৰকাৰখনত অগপ অংশীদাৰ হৈ থকাৰ সময়তে অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণৰ কাম হাতে-কামে আগবঢ়াত অগপ দল গৌৰৱান্বিত বুলি উল্লেখ কৰে অগপৰ সভাপতি অতুল বৰাই৷

অধিক খৱৰ পঢ়িবলৈ

ৰাহুল গান্ধীক প্ৰশংসা অভিনেতা ছেইফ আলী খানৰ! ক’লে, তেওঁ সৎ আৰু সাহসী…

Related Articles