Kulgam encounter: কুলগামত সুৰক্ষা বাহিনীৰে সন্ত্ৰাসবাদীৰ সংঘাত: তিনি সেনা জোৱানকে ধৰি এজন আৰক্ষী বিষয়া আঘাতপ্ৰাপ্ত

কুলগাম: কাশ্মীৰৰ কুলগামত অব্যাহত আছে সুৰক্ষা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘাত(Kulgam encounter)। প্ৰাপ্ত তথ্য অনুসৰি, কাশ্মীৰৰ কুলগাম জিলাৰ অন্তৰ্গত আডিগাম দেৱচৰ অঞ্চলত আজি পুৱতি নিশাৰ পৰা আৰম্ভ হয় সুৰক্ষা বাহিনীৰ সৈতে সন্ত্ৰাসবাদীৰ সংঘাত । এই সংঘাতৰ সময়চোৱাত তিনিজন সেনা জোৱান আৰু এজন আৰক্ষী বিষয়া আঘাতপ্ৰাপ্ত হৈছে ।

আৰক্ষীৰ ফালৰ পৰা জানিবলৈ দিয়া অনুসৰি, বৰ্তমানেও অঞ্চলটোত দুটা-তিনিটা সন্ত্ৰাসবাদীয়ে আত্মগোপন কৰি থকাৰ সন্দেহ কৰা হৈছে। এই অভিযানত আছে সেনা, চিআৰপিএফ, আৰু জম্মু আৰু কাশ্মীৰ আৰক্ষীৰ এটা যৌথ দল । বিশেষ সূত্ৰৰ পৰা আডিগামত সন্ত্ৰাসবাদীৰ উপস্থিতি সন্দৰ্ভত খবৰ পোৱাৰ পাছতেই অঞ্চলটোত চাৰ্চ অপাৰেশ্বন আৰম্ভ কৰা হৈছিল।

অভিযানকাৰী দলটোৱে্ সন্দেহজনক অঞ্চলটোত উপস্থিত হোৱাৰ সময়তেই সেই স্থানত আত্মগোপন কৰি থকা সন্ত্ৰাসবাদীৰ দলটোৱে সুৰক্ষা বাহিনীৰ দলটোৰ ওপৰত অতৰ্কিতে গুলীচালনা কৰাত সুৰক্ষা বাহিনীয়েও ইয়াৰ প্ৰত্যুত্তৰ দিয়ে যদিও এই সংঘাতত তিনি সেনা জোৱানকে ধৰি এজন আৰক্ষী বিষয়া আঘাতপ্ৰাপ্ত হয়। আঘাতপ্ৰাপ্ত আটাইকেইগৰাকী জোৱানকে ততাতৈয়াকৈ চিকিৎসালয়লৈ স্থানান্তৰ কৰা হয়।

ইফালে আডিগামৰ সমগ্ৰ অঞ্চলটো ঘেৰাও কৰাৰ লগতে সুৰক্ষা বাহিনীৰ দলটোলে সন্ত্ৰাসবাদীৰ সন্ধানত অভিযান অধিক তীব্ৰতৰ কৰি তুলিছে।

কাশ্মীৰ জ’ন আৰক্ষীয়ে এটা (X) প’ষ্টত উল্লেখ কৰিলে এইদৰে,, “কুলগামৰ আডিগাম দেৱচৰ অঞ্চলত সংঘাত আৰম্ভ হৈছে । আৰক্ষী আৰু সুৰক্ষা বাহিনীয়ে নিজৰ কৰ্মত ব্ৰতী হৈ আছে। অধিক তথ্য শীঘ্ৰে প্ৰকাশ কৰা হ’ব।”

ইতিমধ্যে, ২২ ছেপ্টেম্বৰ তাৰিখেও কিশ্তোৱাৰ জিলাৰ চাট্ৰু অঞ্চলতো সন্ত্ৰাসবাদী আৰু সুৰক্ষা বাহিনীৰ মাজত সংঘাতৰ এটা ঘটনা সংঘটিত হৈছিল।

উল্লেখ্য যে, কাশ্মীৰৰ অশান্ত স্থানসমূহত সুৰক্ষা বাহিনীয়ে সন্ত্ৰাসবাদবিৰোধী অভিযান চলাই থকাৰ লগতে ইয়াক নিৰ্মূল কৰাৰ বাবে সকলো প্ৰচেষ্টা অব্যাহত ৰাখিছে।

Related Articles