Madhavdev University: ড° ক্ষীৰপদ দত্তক মাধৱদেৱ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক নিযুক্তি

দৈনন্দিন বার্তাৰ সেৱা, নাৰায়ণপুৰ, ২৮ ছেপ্টেম্বৰ: আজি লখিমপুৰ জিলাৰ মাধৱদেৱ বিশ্ববিদ্যালয়ৰ পঞ্জীয়কৰ দায়িত্বভাৰ গ্ৰহণ কৰে ড° ক্ষীৰপদ দত্তই। মাধৱদেৱ বিশ্ববিদ্যালয়ৰ পঞ্জীয়কৰ দায়িত্বভাৰ আনুষ্ঠানিকভাৱে প্ৰদান কৰে বিশ্ববিদ্যালয়ৰ উপাচার্য ড° অৰূপজ্যোতি চৌধুৰীয়ে। উল্লেখ্য, ড° ক্ষীৰপদ দত্তই বিগত মাধৱদেৱ মহাবিদ্যালয়ত (বর্তমান বিশ্ববিদ্যালয়লৈ উন্নীত) ২০০৩ চনৰ ৪ জানুৱাৰীত ইংৰাজী বিভাগৰ অধ্যাপক হিচাপে যোগদান কৰিছিল।(Madhavdev University)

উক্ত মহাবিদ্যালয়খন ২০১৯ চনত বিশ্ববিদ্যালয়লৈ উন্নীত হোৱাৰ সময়ৰে পৰা ২০২৩ চনলৈ ড° দত্তই শৈক্ষিক পঞ্জীয়ক হিচাপে কাৰ্যনিৰ্বাহ কৰে আৰু ২০২৪ চনৰ পৰা ছেপ্টেম্বৰলৈ ভাৰপ্ৰাপ্ত পঞ্জীয়কৰ লগতে বিত্ত বিষয়া হিচাপে সুচাৰুৰূপে দায়িত্ব পালন কৰে। চলিত মাহৰ ২৩ ছেপ্টেম্বৰত অনুষ্ঠিত স্থায়ী পঞ্জীয়কৰ সাক্ষাৎকাৰ ভিত্তিত বিশ্ববিদ্যালয়ৰ কাৰ্যবাহী পৰিষদৰ অনুমোদনমর্মে আজি বিশ্ববিদ্যালয়ৰ উপাচার্য ড°অৰূপজ্যোতি চৌধুৰীয়ে পঞ্জীয়কৰ দায়িত্বভাৰ অর্পণ কৰে। (Dr. Khirapada Dutta)

বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰা সময়ত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত নৱনিযুক্ত পঞ্জীয়ক ড° দত্তই বিশ্ববিদ্যালয়ৰ সর্বাংগীণ উন্নতিৰ ক্ষেত্ৰত দীর্ঘদিনে স্থগিত হৈ থকা শিক্ষক আৰু অনা-শিক্ষক পদসমূহৰ নিযুক্তি প্রদান আৰু বিশ্ববিদ্যালয়ৰ সামগ্রিক আন্তঃগাঁথনি উন্নয়ন, ছাত্রাবাস আৰু ছাত্রীনিবাস নির্মাণ, নির্মীয়মাণ বিশ্ববিদ্যালয়ৰ গৃহলৈ সম্প্ৰসাৰণ কৰা, ‘নাক’ৰ মূল্যায়ন আদি বিষয়ৰ ওপৰত তাৎক্ষণিকভাৱে গুৰুত্ব আৰোপ কৰিব বুলি জানিবলৈ দিয়ে।(Dr. Khirapada Dutta appointed Registrar of Madhavdev University)

নৱনিযুক্ত পঞ্জীয়ক হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছত বিশ্ববিদ্যালয়ৰ উপাচার্য, শিক্ষক গোট, কৰ্মচাৰী গোট, ছাত্ৰ একতা সভা, পঞ্জীয়কগৰাকীৰ গণকদলনিৰ স্থানীয় অঞ্চলৰ শুভাকাংক্ষী ৰাইজে বিপুলভাৱে শুভেচ্ছা আৰু আদৰণি জনায়। বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক হিচাপে নিযুক্তি লাভ কৰা ড° ক্ষীৰপদ দত্ত ধলপুৰ গণকদলনিৰ লক্ষীপদ দত্ত আৰু চেনিমাই বৰা দত্তৰ সুযোগ্য সন্তান।

Related Articles