Bharat Mata Ki Jai: ‘ভাৰত মাতা কি জয়’ ধ্বনি দিয়াটো অপৰাধ বা ঘৃণামূলক ধ্বনি নহয়, কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

দৈনন্দিন বাৰ্তাৰ অনলাইন ফিচাৰ, ২৮ ছেপ্টেম্বৰঃ ‘ভাৰত মাতা কি জয়’ ধ্বনি দিয়াটো অপৰাধ নে ঘৃণামূলক ধ্বনি? এটা অদ্ভুত গোচৰত কৰ্ণাটক আৰক্ষীয়ে চলিত বৰ্ষৰ জুন মাহত ‘ভাৰত মাতা কি জয়’ ধ্বনিৰে শত্ৰুতা বৃদ্ধি কৰাৰ অপৰাধত ৫জন লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল।(Bharat Mata Ki Jai)

অৱশ্যে কৰ্ণাটক উচ্চ ন্যায়ালয়ে অৱশেষত ‘ভাৰত মাতা কি জয়’ ধ্বনি দিয়াটো ঘৃণামূলক ভাষণৰ আওতালৈ নাহে বুলি কৈ এজাহাৰ বাতিল কৰিছে। ভাৰতীয় দণ্ডবিধিৰ ১৫৩ক ধাৰাত পাঁচজন লোকৰ বিৰুদ্ধে পঞ্জীয়ন কৰা এজাহাৰ বাতিল কৰাৰ সময়তে কৰ্ণাটক উচ্চ ন্যায়ালয়ে কয়- ‘ভাৰত মাতা কি জয়’ ধ্বনি দিয়াটো অপৰাধ বা ঘৃণামূলক ভাষণ হ’ব নোৱাৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শপতগ্ৰহণ অনুষ্ঠানৰ পৰা উভতি অহাৰ সময়তে পাঁচজন লোকে উ চলিত বৰ্ষৰ জুন মাহত ‘ভাৰত মাতা কি জয়’ ধ্বনি দিছিল।(Karnataka High Court)

ভাৰত মাতা কি জয়’ ধ্বনি দিয়াৰ বাবে একাংশ লোকে তেওঁলোকক আক্ৰমণ আৰু ছুৰীৰে আঘাত কৰিছিল। ঘটনাটো সংঘটিত হৈছিল যোৱা ৯ জুনত।কিন্তু যেতিয়া ভুক্তভোগীয়ে আৰক্ষীৰ কাষ চাপিছিল, তেতিয়া কৰ্ণাটক আৰক্ষীয়ে আইপিচিৰ কেইবাটাও ধাৰাৰ অধীনত অভিযোগকাৰীৰ বিৰুদ্ধেহে গোচৰ ৰুজু কৰে।(bharat mata ki jai would not promote disharmony karnataka high court)

আৰক্ষীয়ে জনোৱা মতে, আবেদনকাৰীয়ে ভাবুকি দিয়া বুলি এজন মুছলমান লোকৰ অভিযোগৰ পিছতে গোচৰ ৰুজু কৰা হৈছিল। আজি ন্যায়াধীশ এম নাগপ্ৰসন্নই পাঁচ অভিযুক্তক সকাহ দিয়াই নহয়, গোচৰটোত ১৫৩ক ধাৰাৰ এটাও উপাদান অন্তৰ্ভুক্ত হোৱা নাই বুলিও কয়। ন্যায়াধীশে এই গোচচৰ কোনো ভিত্তি নাই বুলি উল্লেখ কৰি পাঁচজন লোককে দোষমুক্ত ঘোষণা কৰে।

Related Articles